ন্যায় বিচাৰি চৰকাৰক সকিয়নি: বান্দৰদেৱাত বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সংবাদমেল...

জোনমণি ৰাভা আৰু বহি:ৰাজ্যত নিহত বাবুল বৰা হত্যাকাণ্ডৰ ন্যায় বিচাৰি চৰকাৰক সকিয়নি
ন্যায় বিচাৰি চৰকাৰক সকিয়নি: বান্দৰদেৱাত বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সংবাদমেল...

ডিজিটেল সংবাদ, বান্দৰদেৱা : সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ লখিমপুৰ জিলা সমিতিয়ে শুকুৰবাৰে বান্দৰদেৱাত অনুষ্ঠিত কৰে এক সংবাদমেল। সংবাদমেলত জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰকৃত তদন্ত কৰি অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী তোলে।

তদুপৰি গহপুৰৰ যুৱক বাবুল বৰাক বহি:ৰাজ্যত দুৰ্বৃত্তই নৃশংসভাবে হত্যা কৰা ঘটনাৰো উচিত তদন্তৰ দাবী কৰে। লগতে প্ৰয়োজনত চিবিআইৰ হাতত তদন্ত অৰ্পন কৰিবলৈকো সংগঠনটোৰ হৈ সম্পাদক বিজয় নাথে দাবী তোলে।

আনহাতে শুকুৰবাৰৰে পৰা চিলাপথাৰৰ নেতাজী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত সদৌ অসম বঙালী যুৱ ছাত্র ফেডাৰেচনৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশনত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে।

ন্যায় বিচাৰি চৰকাৰক সকিয়নি: বান্দৰদেৱাত বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সংবাদমেল...
উত্তাল তামুলপুৰঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in