/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/7ae3c804-cb64-4bab-a611-e9858604029f/AP_FOR_WEB_narayanpur.jpg)
দুৰ্ঘটনাৰ বলি হৈ চাৰি মাহে পৰি আছে বিচনাতঃ নাই ৰেচন কাৰ্ড, আয়ুস্মান কাৰ্ড...
ডিজিটেল সংবাদ বান্দৰদেৱাঃ যোৱা মাৰ্চ মাহতেই দুৰ্ঘটনাত পতিত হৈ চাৰিমাহতকৈ অধিক দিন চিকিৎসাৰ অভাবত বিচনাতে দিন কটাব লগা হৈছে ভোগপুৰ চাৰিআলিৰ সমীপৰ শংকৰপুৰৰ বুবুল বৰা নামৰ এজন লোকে। হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বুবুলে দুৰ্ঘটনা হোৱা দিনটোত আনৰ মটৰ ছাইকেলত উঠি কৰ্মস্থলী বান্দৰদেৱাৰ আইৰণ ফেক্টৰীলৈ গৈ থকা অৱস্থাত তৰাজুলিত দুৰ্ঘটনাত পতিত হয়।
দুৰ্ঘটনাটোত বুবুল বৰাৰ এখন ভৰি দুঠাইত ভাগে আৰু লখিমপুৰলৈ তৎকালীনভাবে লৈ যায়। কিন্তু অস্ত্ৰোপচাৰৰ বাবে ধনৰ প্ৰয়োজন হোৱাত প্ৰাথমিক চিকিৎসাৰ অন্তত পৰিয়ালৰ অন্য লোকে ঘৰলৈ ঘূৰাই লৈ আহে বুবুলক।
সেই যে ঘৰলৈ আহিল তেতিয়াৰ পৰা গাঁৱলীয়া চিকিৎসা কৰি দিন অতিবাহিত কৰিলে যদিও কোনো ফল নধৰিল। ফলত বিচনাতে আজিপৰ্যন্ত থাকিবলগাত পৰিল বুবুল। পত্নী আৰু দুই পুত্ৰ থকা পৰিয়ালটোত এতিয়া হাজিৰা কৰি পৰিয়াল চলায় পত্নীয়ে।
দশম শ্ৰেণীত পঢ়ি থকা পুত্ৰয়ো বাধ্যত পৰি হাজিৰা কৰি কোনোমতে চলাই আছে পৰিয়ালটো। আনৰ মাটিত কোনোমতে ঘৰ এখন সাজি জীয়াই থকা পৰিয়ালটোৰ নাই কোনো ৰেচন কাৰ্ড অথবা আয়ুস্মান কাৰ্ড এখনো।
সাহসৰ অভাবত বুবুলৰ পত্নী ওচৰ চাপিব পৰা নাই বিধায়কৰো। অপাৰেচনৰ বিকল্প নথকা বুবুলক যদি কোনো লোকে লখিমপুৰ বা ডিব্ৰুগড় মেডিকেল কলেজলৈকো লৈ গৈ চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে তেন্তে পৰিয়ালটোৰ মুখলৈ হাঁহি ঘূৰি আহিব।
কোনো হৃদয়বান লোকে যদি কিঞ্চিতমানো আৰ্থিক দিশত সহায় কৰে সেয়াও পৰিয়ালটোৰ বাবে সহায়ক হ'ব।এই ক্ষেত্ৰত যোগাযোগৰ নম্বৰ 9394541176 আৰু বুবুল বৰাৰ নামত নাৰায়ণপুৰ ষ্টেট বেংকৰ শাখাত থকা একাউণ্ট নম্বৰ 36547439405। আইএফ এচ চি নম্বৰ SBIN0017208।
Also Read: দিল্লীলৈ যাব খোজা লাচিতক ভাইৰেল কল ৰেকৰ্ডিঙে দেখুৱালে জে'লৰ বাট !