ঢকুৱাখনাৰ নামাচাৰ্য বগেন কোঁৱৰৰ দেহাৱসান

ঢকুৱাখনাৰ নামাচাৰ্য বগেন কোঁৱৰৰ দেহাৱসান

ডিজিটেল সংবাদ:ঢকুৱাখনা: ঢকুৱাখনাৰ সমাজ জীৱনৰ এগৰাকী সদা সক্ৰিয় ব্যক্তি, ঢকুৱাখনা নগৰৰ ৭নং ৱাৰ্ডৰ বালিগাঁৱ নিবাসী ধৰ্মপ্ৰাণ নাগৰিক বগেন কোঁৱৰ মঙলবাৰৰ নিশা প্ৰায় ৯-২৫ বজাত বৈকুণ্ঠ গামী হয় ৷ কিছুদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা ৫৭ বছৰীয়া কোঁৱৰক ডিব্ৰুগড়ৰ অসম মেডিকেল মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছিল । কিন্তু চিকিৎসাধীন অৱস্থাতে পৰিশ্ৰমী হাস্যমুখী ধৰ্মপ্ৰাণ ব্যক্তি গৰাকীৰ বিয়োগ হয় ।

বিশিষ্ট নাগৰিক কোঁৱৰৰ মৃত্যুৰ খবৰে সমগ্ৰ ঢকুৱাখনাতে শোকৰ ছাঁ পেলাইছে। প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক ,ঢকুৱাখনা আঞ্চলিক শাখাৰ আমৃত্যু সহকাৰী সম্পাদক তথা নামাচাৰ্য কোঁৱৰৰ মৃত্যুত সংঘৰ লগতে ঢকুৱাখনা বালি গাঁও যুৱ সমাজ, সংঘৰ ভকত বৈষ্ণৱ বৃন্দই গভীৰ শোক প্ৰকাশ কৰি ভগৱন্তৰ ওচৰত বিদেহ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছে ৷

নিজৰ নিৰহংকাৰী, ধৰ্মপৰায়ন ব্যক্তিত্বৰ বাবে সৰ্ব সমাদৃত কোঁৱৰে মৃত্যুৰ সময়ত পত্নী শ্ৰুভা ৰাণী কোঁৱৰ, এগৰাকী পুত্ৰ, এগৰাকী কন্যাসহ অজস্ৰ আত্মীয়-স্বজন আৰু গুণমুগ্ধক ইস সংসাৰত এৰি থৈ গৈছে । কোঁৱৰৰ নশ্বৰ দেহ স্বগৃহলৈ আনি বুধবাৰে নগৰৰ "শান্তি ধাম"ত অনত্যুষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

ঢকুৱাখনাৰ নামাচাৰ্য বগেন কোঁৱৰৰ দেহাৱসান
বগীবিল দলঙত ভয়ংকৰ দুৰ্ঘটনা : নিহত এজন, আহত কেইবাজনো

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in