ককায়েকৰ হাতত প্ৰাণ গ'ল ভাতৃৰ

ঢকুৱাখনা মহকুমাৰ ঘিলামৰাত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। ভাতৃত্বৰ পবিত্ৰ সম্পৰ্কক কলংকৃত কৰি ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত আখৈফুটীয়া গাঁওৰ এজন ভাতৃয়ে নিৰ্মম ভাবে প্ৰহাৰ কৰি হত্যা কৰে কনিষ্ঠ ভাতৃক।

author-image
Asomiya Pratidin
New Update
ককায়েকৰ হাতত প্ৰাণ গ'ল ভাতৃৰ

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা মহকুমাৰ ঘিলামৰাত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। ভাতৃত্বৰ পবিত্ৰ সম্পৰ্কক কলংকৃত কৰি ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত আখৈফুটীয়া গাঁওৰ এজন ভাতৃয়ে নিৰ্মম ভাবে প্ৰহাৰ কৰি হত্যা কৰে কনিষ্ঠ ভাতৃক।

ঘটনাৰ বিৱৰণী অনুসৰি গাঁওখনৰ দুটি সন্তানৰ পিতৃ সদা বৰা ঘৰত থকা অৱস্থাতে তেওঁৰেই জ্যেষ্ঠ ভাতৃ ৰাতুল বৰাই ২৪ জানুৱাৰীত কাঠৰ টুকুৰাই নিৰ্মম ভাবে প্ৰহাৰ কৰি গুৰুতৰ ভাবে জখম কৰে।

পৰৱৰ্তী সময়ত পত্নীয়ে স্বামীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিছিল ।কিন্তু চিকিৎসালয়তে শুকুৰবাৰে কৰুণ মৃত্যুক সাৱটি লয় সদা বৰাই।

ভাতৃ হন্তা ঘাটক ৰাতুল বৰাৰ বিৰুদ্ধে ঘিলামৰা থানাত এক গোচৰ ৰুজু কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে দুৰ্ভগীয়া স্বামীহাৰা পত্নীযে। ঘিলামৰা আৰক্ষী শুকুৰবাৰে ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰীক সন্ধান চলাই যদিও হত্যাকাৰী সন্ধান উলিওৱাত ব্যৰ্থ হয়। জনামতে হত্যাকাৰী ৰাতুল বৰাই আত্মগোপন কৰি আছে ।

Also Read: গুৱাহাটী ক্লাৱৰ ৰাজপথত উদ্ধাৰ মৃতদেহ

ghilamara murder case