ঢকুৱাখনাত মুকচান দলে বংশাৱলী মিলন অনুষ্ঠান

ঢকুৱাখনাত মুকচান দলে বংশাৱলী মিলন অনুষ্ঠান

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাজ্যখনৰ দ্বিতীয় বৃহৎ ভৈয়াম জনগোষ্ঠী মিচিংসকল। এই ভূমিপুত্ৰ নৃগোষ্ঠীটোৰ অন্যতম বৃহৎ জনগাঁঠনি বিশিষ্ট প্ৰশাখা হ'ল মুকচান বংশধৰসকল। ৰাজ্যখনৰ উত্তৰ আৰু উজনি অসমৰ বিভিন্ন জিলাত বসবাস কৰি থকা এই মুকচান বংশধৰৰ সতি-সন্ততিসকলক আদি পুৰুষ আৰু নৱ প্ৰজন্মৰ লগতে নৃগোষ্ঠীয় বংশধৰসকলৰ ইতিহাসৰ সৈতে পৰিচিত কৰাৰ লক্ষ্য উদ্দেশ্যৰে দেওবাৰে এক বংশাৱলী মিলন সমাৰোহ অনুষ্ঠিত কৰা হয়।

ঢকুৱাখনাৰ পূৱ ঢকুৱাখনা পঞ্চায়তৰ ইন্দুৰ গাঁৱত দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানৰ আঁত ধৰে উদ্যোগক্তা যুৱ সংগঠক অমৃত দলেয়ে। দলে বংশধৰসকলৰ জ্যেষ্ঠ আৰু অগ্ৰণী ব্যক্তিত্ব ক্ৰমে ধনঞ্জয় দলে, ধনীৰাম দলে, শৈল দলে, যোগেশ্বৰ দলে, ভৱেশ দলে, বিক্ৰম দলে, বীৰেন দলে, মনোজ দলে, তনোজা দলে আদিৰ লগতে কেইবা শতাধিক বংশধৰ উপস্থিত থকা অনুষ্ঠানত মুকচানৰ সতি-সন্ততিসকলৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো ক্ষেত্ৰখনৰ অটুট থকা মজবুত ঘাই শিপা ডাল কালৰ গতিত সুৰক্ষিত কৰি ৰখাৰ আহ্বানেৰে পৰামৰ্শমূলক বক্তব্য আগবঢ়াই জোনাই মুৰকংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সাহিত্যিক চিন্তাবিদ দীপক দলেয়ে ।

অনুষ্ঠানত সমল ব্যক্তি হিচাবে উপস্থিত থাকি ৰাজ্যখনৰ বিভিন্ন জিলাত সিঁচৰতি বংশধৰসকলৰ উৎপত্তি, ক্ৰমবিকাশ, অতীত আৰু বৰ্তমানক সামৰি মননশীল বক্তব্য দাঙি ধৰি অনাগত সময়ত বংশধৰসকলৰ কৰণীয়তা সন্দৰ্ভত গঠনমূলক দিহা পৰামৰ্শ আগবঢ়াই।

জনাকীৰ্ণ বংশাৱলী সভাৰ অনুষ্ঠানত শিল্পী তথা লেখক গীতিকাৰ জয়া মেদক দলেয়ে বক্তব্য ৰখাৰ লগতে শ্ৰুতিমধুৰ ঐনিতমে উপস্থিত সকলোকে আপ্লুত কৰে। অনুষ্ঠানত বংশধৰসকলৰ চিনা পৰিচয় আৰু গীত নৃত্যই এক বাঙ্ময় পৰিৱেশৰ সূচনা কৰে ।

অনুষ্ঠানত দলে পৰিয়ালৰ ডিব্ৰগড় বি পি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক জ্যোতিমা পাইত দলে, সদৌ অসম জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজু কুমাৰ দলে চিকিৎসা বিভাগত কৰ্মচাৰী পংকজ দলে, শিক্ষক মনেশ্বৰ দলে, হেমন্ত দলে দন্দিনাথ দলে, জগনাথ দলে আদি গৰিষ্ঠ সংখ্যকবিশিষ্ট ব্যক্তিক নৱ প্ৰজন্মৰ সৈতে পৰিচিত কৰি দিয়াৰ লগতে সম্বৰ্ধনা জনোৱা হয়।

ঢকুৱাখনাত মুকচান দলে বংশাৱলী মিলন অনুষ্ঠান
নগাঁৱৰ কঠিয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনা : এজন নিহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in