/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f68b1e8e-dc61-4edf-849e-82d4673f8445/9.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ পাৰত অৱস্থিত বিশাল কৃষি পাম 'কন্যকা'ত শুকুৰবাৰে নিশা ১০বজাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। সাংসদ পল্লব লোচন দাস আৰু প্ৰবিত্ৰ মাৰ্ঘেৰিটাক লগত লৈ 'কন্যকা'ত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীক গায়ন বায়নৰে উষ্ম আদৰণি জনোৱা হয়। পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে 'কন্যকা’ কৃষি পাম খনতে অত্যাধুনিক সা-সুবিধাৰ ব্যৱস্থা থকা নৱনিৰ্মিত এটা শৰীৰ চৰ্চা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে৷ ইয়াৰ পিছতে মূখ্যমন্ত্ৰী ড°হিমন্ত বিশ্বশৰ্মাই কৃষি পাম খনত সম্পূৰ্ণ বাহ বেটৰে নিৰ্মিত কটেজ সমুহ পৰিদৰ্শন কৰি সন্তুষ্টি লাভ কৰে । শীতৰ সেমেকা ৰাতি মুখ্যমন্ত্ৰী গৰাকীয়ে 'কন্যকা' ৰ বুকুত জুইৰ উম লৈ বিহু নৃত্যও উপভোগ কৰে ।
উল্লেখ্য যে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত জীয়া ভৰলীৰ পাৰত গঢ়লৈ উঠা 'কন্যকা' কৃষি পামৰ বৰ্তমানৰ উন্নয়ন মুখী যাত্ৰাক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
Also Read: কঠীয়াতলীত অব্যাহত গৰু চুৰি