/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/920b04fa-c1ae-410a-aaed-28f837707dd3/135.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : মিচিং জনগোষ্ঠীৰ স্বাধীকাৰপ্ৰাপ্তিৰ গণতান্ত্ৰিক গণসংগ্ৰামখনৰ এগৰাকী সন্মুখৰ সবল যোদ্ধা, মিচিং জাতীয় সংগঠনৰ অক্লান্ত নেতা তথা মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পুৰুষোত্তম দলেয়ে জাতীয় সংগঠনটোৰ গুৰু দায়িত্বৰ পৰা পদত্যাগ কৰিছে। মিচিং জাতীয় সংগঠন মিচিং মিমাগ কৌবাংৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত পুৰুষোত্তম দলেয়ে একান্ত ব্যক্তিগত কাৰণত এই গুৰু দায়িত্বৰ পৰা অব্যাহতি বিচাৰি কেইবা মাহৰ পূৰ্বে কেন্দ্ৰীয় সভাপতিৰ লগতে কেন্দ্ৰীয় সমিতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল ।
সেই অনুক্ৰমে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ শুক্ৰবাৰে গোগামুখত অনুষ্ঠিত সভাত বিষয়টো আলোচনা কৰি সমিতিয়ে দলেৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰি জাতীয় সংগঠনটোৰ গুৰু দায়িত্বৰ পৰা সন্মানজনক অব্যাহতি দিয়ে। এই সন্দৰ্ভত সংগঠনটোৰ মুখ্য কাৰ্যালয় গোগামুখৰ আবুটানি লত্তা ক্ষেত্ৰত অনুষ্ঠিত কেন্দ্ৰীয় সমিতিৰ বৈঠকত দলেক অব্যাহতি দিয়াৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/246668da-eb9a-4eba-a670-181e4a2a79ee/1ae8675f_da49_4a77_bc2d_1fe9c0472d82.jpg)
বৈঠকতে জাতীয় সংগঠনটোৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব সংগঠনটোৰ অন্যতম যুটীয়া সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাংক অৰ্পণ কৰা হয়। এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুনীল কুমাৰ পেগু , যুটীয়া সম্পাদক ক্ৰমে ইন্দ্ৰ কুমাৰ চুংক্ৰাং, ৰাজু পেগু , কাৰ্য্যালয় সম্পাদক নিম পেগু ,সদস্য দেৱ ৰঞ্জন মৰাং ,অনিল পায়েং, বাণী কান্ত দলে,দীপেন দলে ,টি এম এম কেৰ সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং পেগুৱে শুক্ৰবাৰে গোগামুখত এখন সংবাদমেল অনুষ্ঠিত কৰি এই সিদ্ধান্ত সদৰী কৰে।
উল্লেখ্য যে মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ,সাধাৰণ সম্পাদক,মিচিং মিমাগ কৌবাংৰ দুবাৰকৈ সাধাৰণ সম্পাদকৰ গুৰুদায়িত্ব বহন কৰি নৃগোষ্ঠীৰ সাংবিধানিক অধিকাৰ গণতান্ত্ৰিক ভাবে আজুৰি অনাৰ সুদীৰ্ঘকাল জোৰা জাতীয় সংগ্ৰামখনক অধিক গতিশীলতা প্ৰদান কৰি যোৱা সৰ্বজন সমাদৃত নেতা পুৰুষোত্তম দলেয়ে সংগঠনটোৰ শীর্ষ পদবীৰ পৰা অব্যাহতি ল'লেও অনাগত সময়ত স্বগোষ্ঠীয় প্ৰাপ্য অধিকাৰ বিচৰা গণতান্ত্ৰিক সংগ্ৰামখনৰ প্ৰতি অধিক শ্রদ্ধাশীল হৈ পূৰ্বৰ দৰেই সেৱা আগবঢ়াই যাব বুলি সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই সদৰী কৰে।
প্ৰণিধানযোগ্য যে সদ্যপদত্যাগী দলেয়ে পৰমানন্দ চায়েঙিয়া নেতৃত্বাধীন মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপেও নিষ্ঠাশীল কাৰ্যনিৰ্বাহ কৰি আছে । সংগঠনটোৰ নৱ দায়িত্বপ্ৰাপ্ত সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাংয়ে জাতীয় সংগঠনটোৰ লগতে স্বজাতিৰ সৰ্বাঙ্গীন উন্নয়ন বিকাশৰ হকে গভীৰ প্ৰত্যয়েৰে আত্মনিয়োগ কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত প্ৰত্যয়েৰে জানিবলৈ দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/fff5ee5e-9754-4c76-b6fe-0ad639774c85/daf359f6_0795_4946_930a_741ea2896ef2.jpg)
ইপিনে এক নিৰ্ভৰযোগ্য সূত্ৰই জনোৱামতে ৰাজ্যখনৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গনশক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) পদত অধিষ্ঠিত হৈ থকা পুৰুষোত্তম দলেক দলটোৰ এই গুৰু দায়িত্বৰ পৰাও অব্যাহতি দিয়া হৈছে। গণশক্তি দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি যোৱা দলেয়ে যোৱা ২৩ জানুৱাৰীত ব্যক্তিগত অসুবিধাৰ পৰিপ্ৰেক্ষিতত দলৰ পদৰ পৰা অব্যাহতি বিচাৰি কেন্দ্ৰীয় সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছিল ।
শুক্ৰবাৰে দলৰ কেন্দ্ৰীয় সমিতিৰ এক সভাই এই পদত্যাগ পত্ৰত অনুমোদন জনাই দলেক সন্মানজনক অব্যাহতি প্ৰদান কৰে । এগৰাকী আত্মোৎস্বৰ্গী জনগোষ্ঠীয় নেতাৰ এনে আকস্মিক অব্যাহতিৰ খবৰে স্বাভাৱিকতে চৰ্চাৰ বিষয় হৈছে ৰাজনৈতিক আৰু সাংগঠনিক মহলত।
Also Read: 'জোড়া' লগোৱাত বিফল ৰাহুল! পৰাজিত বিস্মিতা, 'ন্যায় ব্যৰ্থ' অংকিতাৰ বিজেপি গমনৰ কুচকাৱাজ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us