'জোড়া' লগোৱাত বিফল ৰাহুল! পৰাজিত বিস্মিতা, 'ন্যায় ব্যৰ্থ' অংকিতাৰ বিজেপি গমনৰ কুচকাৱাজ...

'জোড়া' লগোৱাত বিফল ৰাহুল! পৰাজিত বিস্মিতা, 'ন্যায় ব্যৰ্থ' অংকিতাৰ বিজেপি গমনৰ কুচকাৱাজ...
'জোড়া' লগোৱাত বিফল ৰাহুল! পৰাজিত বিস্মিতা, 'ন্যায় ব্যৰ্থ' অংকিতাৰ বিজেপি গমনৰ কুচকাৱাজ...

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা অসমৰ পৰা বাহিৰ হোৱাৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছত এতিয়া এটা ডাঙৰ খহনীয়া হোৱাৰ প্ৰৱল সম্ভাৱনাই দেখা দিছে। কংগ্ৰেছৰ মোহ এৰি অচিৰেই শাসকীয় বিজেপি দলত যোগদান কৰিব পাৰে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈৰ লগতে হাড়ে-হিমজুয়ে কংগ্ৰেছ কৰা প্ৰয়াত প্ৰাক্তন মন্ত্ৰী অঞ্জন গগৈৰ দুহিতা ড০ অংকিতা দত্তই।

সকলো ঠিকে-ঠাকে থাকিলে অহা ২৮জানুৱাৰীত এই দুয়োগৰাকী কংগ্ৰেছ নেত্ৰীয়ে বিজেপিত যোগদান কৰিব বুলি এক খবৰ প্ৰচাৰ হৈছে। মুখে মুখে চৰ্চা হোৱা এই খবৰক এতিয়ালৈকে অৱশ্যে দুয়োটা দলৰ নেতৃত্বই কোনো স্পষ্ট মত প্ৰকাশ কৰা নাই।

চৰ্চিত খবৰ অনুসৰি, দুয়োগৰাকী নেত্ৰীৰ যোগদানক লৈ ইতিমধ্যে ৰাষ্ট্ৰীয় বিজেপিয়েও সেউজ সংকেত প্ৰদান কৰিছে। অৱশ্যে যোগদান কৰিলেও দুয়োৰে সন্মুখত এক চৰ্ত ৰাখিছে ৰাষ্ট্ৰীয় বিজেপিৰ নেতৃত্বই।

বিজেপিত যোগদান কৰিলেও আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনত টিকটৰ বাবে দুয়োগৰাকী নেত্ৰীয়ে যাতে হেতা ওপৰা নলগায়, সেই চৰ্ত আগতেই বান্ধি দিছে বিজেপিয়ে। বিজেপি আৰু দুয়োগৰাকী কংগ্ৰেছ নেত্ৰীৰ মাজত এই কথাবোৰক লৈ সহমতত উপনীত হোৱা বুলিও চৰ্চা হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, কংগ্ৰেছত থাকিলেও দলৰ ভিতৰতে বিগত কেইবা বছৰ ধৰি নিষ্ক্ৰিয় হৈ আছে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ। প্ৰয়াত তৰুণ গগৈৰ মুখ্যমন্ত্ৰীত্বৰ শেষৰটো শাসনকালত মন্ত্ৰী হৈছিল বিস্মিতা গগৈ।

নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতে দলৰ ভিতৰতে এলাগী হৈ পৰা বিস্মিতাই বহুদিনৰে পৰা বিজেপিৰ সৈতে গোপন সম্পৰ্ক বজাই ৰাখিছে বুলি চৰ্চা হৈ আহিছে। ইয়াৰ পূৰ্বে, ২০২২ৰ ২৮এপ্ৰিলতো বিস্মিতা গগৈয়ে বিজেপিত যোগদান কৰিব বুলি চৰ্চা হৈছিল। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বিজেপিত চামিল হোৱাৰ কথা চৰ্চা হৈছিল যদিও শেষ পৰ্যায়ত সেয়া হৈ নুঠিলগৈ।

বিস্মিতা গগৈৰ দৰেই প্ৰয়াত অঞ্জন দত্তৰ দুহিতা অংকিতা গগৈয়েও বিজেপিৰ চামিল হোৱাৰ মন মেলিছে। মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ সৈতে ভিতৰি ভাল সম্পৰ্ক থকা বুলি মাজে-সময়ে দলীয় ৰোষত পৰিলেও ৰাষ্ট্ৰীয় কংগ্ৰেছে অংকিতাক যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদবী দিছিল।

কিন্তু তাৰ মাজতে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি বি ভি শ্ৰীনিৱাসনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পাছতে আচম্বিতে ৰাষ্ট্ৰীয় কংগ্ৰেছে এই পদবীৰ পৰা অংকিতাক অপসাৰণ কৰিছিল। ইয়াৰ পিছতে বিদ্ৰোহী হৈ পৰিছিল অংকিতা।

বিদ্ৰোহী অংকিতাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বুজনি দিছিল যদিও মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিবলৈ লৈছিল অংকিতাই। শেহতীয়াকৈ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়তো অংকিতাই আমগুৰিত একাংশ লোকক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

অংকিতাৰ প্ৰতিবাদক আওকাণ কৰি অসমৰ পৰা ওলাই যোৱাৰ পাছতে এতিয়া অংকিতাই ৰাজনৈতিক যাত্ৰা সলনি কৰিব বিচাৰিছে। পিতৃয়ে দেখুওৱা ৰাজনৈতিক পথৰ পৰা আতৰি এতিয়া অংকিতাই গেৰুৱা হোৱাৰ মন মেলিছে বুলি ৰাজ্যিক বিজেপিৰ এক সূত্ৰই সদৰি কৰিছে।

অৱশ্যে দুয়োগৰাকী নেত্ৰীৰ শেহতীয়া কাৰ্যকলাপলৈ চালে, তেওঁলোকে বিজেপিত যোগদান কৰিলেও আচৰিত হ'ব লগা একো নাই। ইফালে বহাগ বিহুৰ আগে-পাচে কংগ্ৰেছ নেতা তথা প্ৰাক্তন আছু নেতা শংকৰ প্ৰসাদ ৰায়েও বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলি আছে। সদ্য পদত্যাগী আছুৰ সভাপতি দীপাংকৰ নাথেও বিজেপিত যোগদান কৰাটো প্ৰায় নিশ্চিত বুলিয়ে ক'ব পাৰি।

'জোড়া' লগোৱাত বিফল ৰাহুল! পৰাজিত বিস্মিতা, 'ন্যায় ব্যৰ্থ' অংকিতাৰ বিজেপি গমনৰ কুচকাৱাজ...
নীতিশৰ কূটনীতিত বিফল INDIA ৰ ৰাজনীতি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in