মিছন বসুন্ধৰা ২.০ৰ পট্টাদাৰক দিব ভূমি পট্টা

ভূমি পট্টা প্ৰদানৰ বাবে ঢকুৱাখনালৈ আহিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

author-image
Asomiya Pratidin
New Update
মিছন বসুন্ধৰা ২.০ৰ পট্টাদাৰক দিব ভূমি পট্টা

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সদ্য পৰিসমাপ্তি ঘটা মিছন বসুন্ধৰা ২.০ৰ অধীনত খিলঞ্জীয়া ভূমিহীন পৰিয়াল সমূহক ভূমি পট্টা প্ৰদানৰ বাবে ঢকুৱাখনালৈ আহিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। অহা ২৬ ফেব্ৰুৱাৰীত ঢকুৱাখনা নগৰৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত এক ৰাজহুৱা সভাত ঢকুৱাখনা বিধান সভা সমষ্টিটোৰ মুঠ ১২ হাজাৰ হিতাধিকাৰী পট্টাদাৰক মুখ্যমন্ত্ৰী গৰাকীয়ে নিজ হাতে ভূমি পট্টা প্ৰদান কৰিব।

Advertisment

ঢকুৱাখনা উপ জিলাৰ উপ আয়ুক্ত কাৰ্ত্তিক কলিতাই জনোৱা মতে ঢকুৱাখনা বিধান সভা সমষ্টিটোৰ মুঠ ১২ হাজাৰ পট্টাদাৰক ভূমি পট্টা দিয়াৰ উদ্দেশ্যেৰে উক্ত দিনা বিয়লি ৩ বজাত অনুষ্ঠিত হ'ব উক্ত ভূমি পট্টা বিতৰণ অনুষ্ঠান । লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱ দলেকে প্ৰমুখ্য কৰি সমষ্টিটোৰ প্ৰায় ১৫ হাজাৰ ৰাইজ উপস্থিত থকাৰ সম্ভাৱনা কৰা হৈছে উক্ত সভাত । উপ জিলা প্ৰশাসনে উক্ত সভাত সমষ্টিবাসী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। ইপিনে মুখ্যমন্ত্ৰী গৰাকীৰ আগমনক লৈ ঢকুৱাখনা জিলা বিজেপিয়েও তৎপৰতা আৰম্ভ কৰিছে ।

Also Read: ৰঙিয়াত লাচিত এক্সপ্ৰেছত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

dhakuakhana Mission Basundhara 2.0