ৰঙিয়াত লাচিত এক্সপ্ৰেছত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

পৰিত্যক্ত অৱস্থাত অচিনাক্ত মৃতদেহটো ৰে'লৱে আৰক্ষীয়ে উদ্ধাৰ কৰে
ৰঙিয়াত লাচিত এক্সপ্ৰেছত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ,ৰঙিয়া : কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়াত মঙলবাৰে এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয়। ঘটনাৰ বিৱৰণী অনুসৰি সন্ধিয়া ৰঙিয়া ৰে'লৱে ষ্টেচনত ৰৈ থকা অৱস্থাত লাচিত এক্সপ্ৰেছ নামৰ ৰে'লখনত পৰিত্যক্ত অৱস্থাত অচিনাক্ত মৃতদেহটো ৰে'লৱে আৰক্ষীয়ে উদ্ধাৰ কৰে।

উল্লেখ্য যে, পৰিত্যক্ত অৱস্থাত থকা মৃতদেহটো পিন্ধনত ৰঙা শাৰী পৰিহিত মহিলাগৰাকীৰ বয়স প্ৰায় ৪৯ বছৰ হ'ব বুলি আৰক্ষী সূত্ৰই জনায়। ইফালে মৃতদেহটো ৰে'লখনৰ বিশেষভাৱে সক্ষমলোকৰ ডবাৰ পৰা উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। আনহাতে

উল্লেখযোগ্য যে ৰঙিয়া ৰে'লৱে ষ্টেচনত ৰৈ থকা লাচিত এক্সপ্ৰেছ ৰে'লখন মুৰ্কচেলেঙৰ পৰা গুৱাহাটী অভিমুখী আছিল ।

ৰঙিয়াত লাচিত এক্সপ্ৰেছত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ
ৰঙিয়াত ৫১৪ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস আৰু মাঘী সভাৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in