/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ea7f50e3-df33-4f1a-9a1e-099342d5f0a5/11.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: মিচিং জনগোষ্ঠীটোক এক প্ৰগতিশীল আত্মনির্ভৰ আৰু সৰ্বোন্নত জনগোষ্ঠী হিচাবে গঢ় দিয়াত আজন্ম প্ৰয়াস চলাই আহিছে মিচিং জাতীয় সংগঠনে। জনগোষ্ঠীটোৰ সংগ্ৰামী সত্তা স্বৰূপ টাকাম মিচিং পৰিণ কৌবাং, টাকাম মিচিং মিমে কৌবাং আৰু মিচিং মিমাগ কৌবাংৰ অন্যতম শক্তিশালী শাখা ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত পূৱ ঢকুৱাখনা আঞ্চলিক সমিতি কেইখন অলপতে পুনৰ গঠন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/f6d56648-c3c1-4b3e-83d1-dd5479030e1e/9f6ae8bf_842f_4216_9341_13323ca31849.jpg)
নৃগোষ্ঠীয় সাৰ্বজনীন উত্তৰণৰ লক্ষ্যৰে নব গঠিত তিনি আঞ্চলিক সমিতিযে দেওবাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে আৰু কাৰ্যভাৰ গ্ৰহণ কৰে। এই সন্দৰ্ভত পূব ঢকুৱাখনাৰ বান্দেনাস্থিত টাকাম মিচিং পৰিণ কৌবাংৰ আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত হয় এক সাংঠনিক সভা।
সাংঠনিক সভা আৰু শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে জাতীয় সংগঠন মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা মিচিং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, সমল ব্যক্তি হিচাবে এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, টাকাম মিচিং পৰিণ কৌবাংৰ ঢকুৱাখনা জিলা সমিতিৰ সম্পাদক অমৰজিত দলে, জিলা এম এম কেৰ যুটীয়া সম্পাদক ঘন কুলি, অমৃত দলে, টি এম পি কেৰ ঢকুৱাখনা জিলা সমিতিৰ সহকাৰী সম্পাদক ভদ্ৰ টাইদ, সাংগঠনিক সম্পাদক মুকুল লাগাছু, মৃদুল দলে, ৰঞ্জিত পেগু, চিত্ৰ দলে, ডিম্পল দলে, এম এম কেৰ বিষয় ববীয়া প্ৰদীপ ময়ং, বলোৰাম পাংগিং, পাৰ্থ প্ৰতিম মিলি, বিজু টাইদ, জিলা টি এম এম কেৰ সহকাৰী সম্পাদিকা মেনকা মিলি আদি উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/cdce4300-f801-4670-972e-81af6ecc97d7/e64b9c6b_6464_4cff_bc3d_7b87a9c57eb8.jpg)
গাম্ভীযপূৰ্ণ সভাতেই সাংগঠনিক দিশত বিভিন্ন আলোচনা কৰাৰ সমান্তৰালভাৱে শপত বাক্য পাঠ কৰোৱা হয় নব নিৰ্বাচিত সমিতি সমূহক। সভাত আঞ্চলিক টি এম পি কেৰ নৱনিৰ্বাচিত সভাপতি মনোজ কুমাৰ দাৰিগ, সম্পাদক ভৱেশ টায়ে, এম এম কেৰ নৱ নিৰ্বাচিত সভাপতি দিগন্ত টাইদ, সম্পাদক ৰজনী ময়ং, টি এম এম কেৰ নৱনিৰ্বাচিত সভানেত্ৰী নলিনী দলে, সম্পাদিকা মধুস্মিতা দলেৰ লগতে টি এম পি কেৰ ৫১জনীয়া,সমিতি, এম এম কেৰ ৪১ জনীয়া, আৰু টি এম এম কেৰ ৪১ জনীয়া সাংগঠনিক নেতৃত্ব সকলে শপত গ্ৰহণ কৰে।
ঢকুৱাখনা জিলা এম এম কে সমিতিৰ প্ৰাক্তন সম্পাদক মোহন পেগুৱে শপত বাক্য পাঠ কৰাই জাতীয় দায়বদ্ধতাৰে সাংগঠনিক শক্তিৰ সদব্যৱহাৰ কৰি জাতীয় সংগঠন কেইটাৰ সংগ্ৰামী যাত্ৰা পথত আগুৱাই যোৱাৰ আহ্বান জনায়। সভাত উপস্থিত অতিথি সকলেও সাম্প্ৰতিক সময়ত জাতীয় সংগঠনৰ কৰণীয়তা সন্দৰ্ভত বক্তব্য আগবঢ়াই।
Also Read: সুদূৰ নৰৱেত বন্দে মাতৰমৰ প্ৰতিধ্বনি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us