ঢকুৱাখনাত প্ৰতিশ্ৰুতি আৰু প্ৰতিফলন সমাৰোহ

ঢকুৱাখনাত প্ৰতিশ্ৰুতি আৰু প্ৰতিফলন সমাৰোহ

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এখন প্ৰগতিশীল সংস্কাৰী উত্তৰণমুখী সমাজ গঠনৰ লক্ষ্য বান্ধি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত সন্মিলিত গণশক্তি অসম দলৰ নেতৃত্বৰ মিচিং স্বায়ত্ব শাসিত পৰিষদখনৰ ১০বছৰ সম্পূৰ্ণ হ'ল । বিগত ১০ বছৰীয়া পৰিক্ৰমাত মিচিং স্বায়ত্ব শাসিত পৰিষদখনে পৰিষদীয় এলেকাত বসবাস কৰা প্ৰতিগৰাকী নাগৰিকৰ সৰ্বাংগীন উন্নয়ন বিকাশ সুনিশ্চিত কৰাত মনোনিৱেশ কৰি আহিছে । সম অধিকাৰ সম মৰ্যদা আৰু সম উন্নয়নৰ বাণীৰে গনশক্তি দলৰ নেতৃত্বত গঠন কৰা নিৰ্বাচিত পৰিষদখনৰ এই দশক জোৰা কাৰ্যকালৰ খতিয়ান ৰাজহুৱা কৰাৰ লক্ষ্যৰে বুধবাৰে ঢকুৱাখনাত অনুষ্ঠিত কৰা হয় এক সভা। পৰিষদখনৰ মুঠ ৩৬ সমষ্টিতে অনুষ্ঠিত হৈ থকা এনে খতিয়ান প্ৰকাশ আৰু মত বিনিময় কাৰ্যসূচীৰ অংশ হিচাপে বুধবাৰে ২১নং পূব ঢকুৱাখনা - মাতমৰা পৰিষদিয় সমষ্টিতো অনুষ্ঠিত কৰা হয়।

"প্ৰতিশ্ৰুতি আৰু প্ৰতিফলন সমাৰোহ" শীর্ষক এক অনুষ্ঠানত পৰিষদৰ অধ্যক্ষ তথা ২১নং পূব ঢকুৱাখনা - মাতমৰা পৰিষদিয় সমষ্টিৰ সাধাৰণ সদস্য সুনীল কুমাৰ পেগুৰ উদ্যোগত অনুষ্ঠিত এই সমাৰোহত ডেৰ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে ।

মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাংৰ পূৱ ঢকুৱাখনা আঞ্চলিক সমিতিৰ বন্দেনাস্থিত কাৰ্য্যালয় প্ৰাঙ্গনত অনুষ্ঠিত সমাৰোহৰ প্ৰথম কাৰ্যসূচী শ্বহীদ তৰ্পণ কৰে বিশিষ্ট নাগৰিক বিস্তু নাথ দলেয়ে। ইয়াৰ পাছতে পূৱ ঢকুৱাখনা আঞ্চলিক বানে কৌবাং সভাপতিৰ প্ৰকৃত মিলিৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ লক্ষ্যৰে পৰিষদে সৰ্বাধিক গুৰুত্ব আৰোপ কৰা জীৱন জীৱিকা অভিযানৰ ওপৰত মনোজ্ঞ পৰ্যালোচনা কৰা হয়।

পৰিষদৰ অধ্যক্ষ তথা সমষ্টিটোৰ সাধাৰণ সদস্য সুনীল কুমাৰ পেগু, মিচিং জাতিয় সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়া দীপাঞ্জল দলে ,যতীন পেগু , ক্ষীৰোদ পেগু , সুৰেশ দলে, বৃগেন দলে,ব্লক শক্তিৰ সভাপতি লক্ষ্য নাথ দলে , মোহন পেগু , জিলা নেতৃবৰ্গ অমৰজিত দলে ,অমৃত দলে ,মুহিৰাম পেগু আদি গৰিষ্ঠ সংখ্যকৰ উপস্থিতিত পৰিষদৰ জীৱন জীৱিকাৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আৰ্জিত শিক্ষাৰে সাম্প্ৰতিক ভাবে নিজ নিজ কৰ্মক্ষেত্ৰত স্বনিয়োজিত হৈ আত্মনির্ভৰশীলতাৰ দৃষ্টান্ত প্ৰদৰ্শন কৰা সমষ্টিটোৰ ১০ গৰাকী যুৱক যুৱতীক সম্বৰ্ধনা জনোৱাৰ লগতে স্বাৱলম্বী সকলৰ সৈতে মুকলি মত বিনিময় কৰা হয়।

গুমৰাগ ,চমান, ঐনিতমৰ লগতে বিশিষ্ট কণ্ঠশিল্পী পবা গৌৰৱৰ শ্ৰুতিমধুৰ সংগীতৰ ঝংকাৰত উদ্বেলিত হৈ পৰা সমাৰোহত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে গণতান্ত্ৰিক ভাবে নিৰ্বাচিত পৰিষদৰ প্ৰথম গৰাকী মুখ্য কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ ৰাজ্য চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ কাৰ্যকালত আৰম্ভ কৰা বিভিন্ন কৰ্ম আঁচনিৰ ৰূপায়ন প্ৰক্ৰিয়া অব্যাহত ৰখা সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই।

পৰিষদৰ অগ্ৰাধিকাৰ ভিত্তিত গ্ৰহণ কৰা শিক্ষা আৰু জীৱন জীৱিকা অভিযানৰ সু প্ৰভাৱ সন্দৰ্ভতো বিশ্লেষণ আগবঢ়াই পেগুৱে এই ক্ষেত্ৰত জনগোষ্ঠীয় ৰাইজৰ কৰণীয়তা সন্দৰ্ভতো অবলোকন কৰে। বিধায়ক নৱ দলেও উপস্থিত থাকি বক্তব্য ৰখা অনুষ্ঠানত সমষ্টিটোৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ৩০ গৰাকী কৃতিমান বিদ্যাৰ্থীক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সমষ্টিটোৰ মুঠ ৭ খন আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এখন আঁচনিৰ শুভ উদ্বোধন কৰে অধ্যক্ষ পেগুৱে।

ঢকুৱাখনাত প্ৰতিশ্ৰুতি আৰু প্ৰতিফলন সমাৰোহ
ভোট লাগেঃ বিজেপিৰ পিছত কংগ্ৰেছৰ মহিলাৰ বাবে ৫ টা গেৰাণ্টি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in