ঢকুৱাখনাত মিচিং যুৱ অলিম্পিকৰ বাছনি শিবিৰ

ঢকুৱাখনাত মিচিং যুৱ অলিম্পিকৰ বাছনি শিবিৰ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত মিচিং যুৱ অলিম্পিকৰ বাছনি শিবিৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: মিচিং জনগোষ্ঠীৰ সম্ভাৱনাপূৰ্ণ প্ৰতিভাধৰ ক্ৰীড়া প্ৰেমী সকলক চিনাক্ত কৰি প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদানেৰে প্ৰস্ফুটিত কৰাৰ এক প্ৰয়াস কৰিছে মিচিং জাতীয় সংগঠনে । তাৰেই অংশ হিচাপে মিচিং জনগোষ্ঠীৰ বসতি প্ৰধান অঞ্চল সমূহত এনে গ্ৰামাঞ্চলীয় প্ৰতিভাধৰ সকলৰ বাচনি শিবিৰ পৰ্যায় ক্ৰমে অনুষ্ঠিত কৰি আহিছে আয়োজক টাকাম মিচিং পৰিণ কৌবাংযে।

ৰাজ্যখনৰ মুঠ ১৫ খন সাংগঠনিক জিলাত সমান্তৰালভাৱে অনুষ্ঠিত এই প্ৰাথমিক স্তৰৰ বাছনি শিবিৰৰ অংশ হিচাপে শনিবাৰে ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত মাতমৰা আঞ্চলিকত অনুষ্ঠিত হয়। টাকাম মিচিং পৰিণ কৌবাং, টাকাম মিচিং মিমে কৌবাং আৰু মিচিং মিমাগ কৌবাংৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত আৰু মাতমৰা আঞ্চলিকৰ সহযোগত শনিবাৰে মিচিং যুৱ অলিম্পিকৰ বাছনি শিবিৰ অনুষ্ঠিত কৰা হয়। মাতমৰাৰ খেৰকটা মহাবিদ্যালয়ৰ খেলপথাৰত দিনজোৰাকৈ অনুষ্ঠিত এই বাচনি শিবিৰ পুৱা উদ্বোধন কৰে টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বৃগেন দলেয়ে ।

উদ্যোগক্তা জাতীয় সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ক্ষীৰোদ পেগু, ভূপেন দলে, জিলা সমিতিৰ সাধাৰণ সম্পাদক অমৰজিত দলে, সাহিত্য সম্পাদক মুখ্য নাথ দলে, বিশ্বজিৎ পেগু আদিৰ সহযোগত এই বাচনি শিবিৰৰ উদ্বোধন কৰি গ্ৰামাঞ্চলৰ সুপ্ত ক্ৰীড়া প্ৰতিভাসকলক চিনাক্ত কৰি বিশ্বমুখী যাত্ৰা পথত আগুৱাই নিয়াৰ বাবে মিচিং জাতীয় সংগঠনে সাৰ্বজনীনভাৱে এই বাছনি শিবিৰ অনুষ্ঠিত কৰা জানিব পৰা গৈছে।

১৬ বছৰৰ অনুর্ধ আৰু ১৯ বছৰৰ অনুর্ধ শাখাত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ আৰু মাৰাথান দৌৰৰ লগতে দিস্কাছ দলিওৱা, জেৱলিং দলিওৱা, ওখ জাম্প মৰা, দীঘল জাম্প মৰা আৰু থলুৱা "দগ দিগ" খেলৰ শিতানত খেলুৱৈ সকলক বাছনি কৰা হয় আঞ্চলিক পৰ্য্যায়ৰ পৰা। মাতমৰা আঞ্চলিকৰ প্ৰায় ৪০০ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই বাচনি শিবিৰত অংশগ্ৰহণ কৰি বিভিন্ন শিতানৰ প্ৰথম তিনিটা স্থান প্ৰাপক সকলক জিলা পৰ্য্যায়ৰ বাচনি শিবিৰলৈ নিৰ্বাচিত কৰা বুলি অন্যতম উদ্যোগক্তা জিলা টি এম পি কেৰ সাধাৰণ সম্পাদক অমৰজিত দলেয়ে সংবাদ মাধ্যমক জানিবলৈ দি জিলা পৰ্য্যায়ৰ বাছনি শিবিৰত নিৰ্বাচিত হলে পৰৱৰ্তী সময়ত যুৱ অলিম্পিকত অংশগ্ৰহণৰ বাবে যোগ্যতা অর্জন কৰিব বুলি কয়।

উল্লেখযোগ্য যে মিচিং জাতীয় ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কৌবাংৰ একক প্ৰচেষ্টাত অহা ২৭, ২৮ আৰু ২৯ অক্টোবৰত জোনাইত অনুষ্ঠিত হ'ব মিচিং যুৱ অলিম্পিক।

Also Read: চকুমুদা কুলিৰ ভাৱত জনপ্ৰতিনিধি : ক্ষোভিত ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত

মিচিং যুৱ অলিম্পিক