চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
Lakhimpur মুখ্য-পৃষ্ঠা

ঢকুৱাখনা সমষ্টি আৰক্ষণমুক্ত দাবী সমিতিৰ স্মাৰকপত্ৰ প্ৰদান

ঢকুৱাখনা সমষ্টি আৰক্ষণমুক্ত দাবী সমিতিৰ স্মাৰকপত্ৰ প্ৰদান

author-image
Asomiya Pratidin
16 Sep 2024 15:42 IST

Follow Us

New Update
ঢকুৱাখনা সমষ্টি আৰক্ষণমুক্ত দাবী সমিতিৰ স্মাৰকপত্ৰ প্ৰদান

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যখনত বসবাস কৰা অজনজাতীয় জাতি ,সম্প্ৰদায়ৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰি প্ৰস্তাৱিত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সীমাৰ ভিতৰত অজনজাতীয় গাঁও অন্তৰ্ভূক্তিকৰণৰ প্ৰতিবাদ জনোৱা হয় । ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ আৰক্ষণমুক্ত দাবী সমিতিৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

Advertisment

মিচিং জনগোষ্ঠীক সংবিধানৰ ষষ্ঠ অনুসূচীৰ স্বীকৃতি প্ৰদানৰ বাবে নীতিবৰ্হিভূতভাৱে অজনজাতীয় গাঁৱক অন্তৰ্ভুক্ত কৰাৰ সবল প্ৰতিবাদ জনাই সোমবাৰে লখিমপুৰ জিলাৰ আয়ুক্তলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় । দাবী সমিতিৰ কাৰ্যকৰী সভাপতি পদ্মেশ্বৰ কোচ , সম্পাদক চুছেন গগৈ ,উপদেষ্টা ভদ্ৰ গগৈ আৰু সহকাৰী সম্পাদক গোবিন বৰুৱাৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি মিতাবৃন্দা গগৈৰ জৰিয়তে জিলা আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

সঁজাতি দলটোৱে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সীমা নিৰ্ধাৰণৰ বেলিকা বিধানসভা সমষ্টিটোৰ ঢকুৱাখনা ,সোৱণশিৰী আৰু কদম ৰাজহ চক্ৰৰ প্ৰায় ৩০ খন অজনজাতীয় নাগৰিকৰ অধ্যুষিত গাঁও অন্তৰ্ভুক্ত কৰা বুলি তথ্যসহ অভিযোগ উত্থাপন কৰি অজনজাতীয় নাগৰিকৰ অধিকাৰ খৰ্ব কৰি এনে বলপূৰ্বক অন্তৰ্ভূক্তিকৰণ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি সকীয়াই দিয়ে সমিতিয়ে ।

সমিতিৰ নেতৃবৰ্গই কয়- ১৯৬২ চনৰ পৰাই সমষ্টিটোৰ অজনজাতীয় নাগৰিকে চৰকাৰী প্ৰতাৰণাৰ বলি হৈ হেৰুৱাই আহিছে জন প্ৰতিনিধিত্বৰ অধিকাৰ । বিধানসভা সমষ্টিটো সংৰক্ষণৰ নামত বিধি বৰ্হিভূতভাৱে অজনজাতীয় ৰাইজৰ মৌলিক অধিকাৰ খৰ্ব কৰি অহাৰ অভিযোগ উত্থাপন কৰি পুনৰ পৰিষদৰ এলেকাৰ ভিতৰত সোমাই এনে দাসত্বৰ বোজা বহন নকৰাৰ সকীয়নী দি চৰকাৰ প্ৰশাসনে তৎকালে এই অজনজাতীয় বসতি প্ৰধান গাঁওসমূহৰ নাম কৰ্তন কৰাৰ ব্যৱস্থা কৰাৰ দাবী জনায় ।

Also Read: লংকাৰ কাকীত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শতাধিক মহিলা

dhakuakhana
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!