/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-16/uiobylng/AP-FOR-WEB-3.jpg)
ডিজিটেল সংবাদ,লংকা : লংকাৰ কাকীত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শতাধিক মহিলা। স্মাৰ্ট মিটাৰৰ অত্যাধিক বিলৰ বাবে প্ৰখৰ ৰ'দতো প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে এইসকল মহিলা।
প্ৰতিবাদী মহিলাসকলে ছেপ্তেম্বৰ মাহৰ ভিতৰত স্মাৰ্ট মিটাৰ খুলি মেনুয়েল মিটাৰ নলগালে স্মাৰ্ট মিটাৰ ভাঙি দিয়াৰ হুংকাৰ প্ৰদান কৰে। ইয়াৰ উপৰিও প্ৰতিবাদী মহিলাসকলে অৰুণোদয় আঁচনি কৰ্তন কৰি হ'লেও স্মাৰ্ট মিটাৰ খুলি নিবলৈ দাবী জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-16/rq01j7en/ac6c8775-aa9d-4a8a-b777-cd46cd4f3462.jpg)
হিতাধীকাৰী আঁচনিসমূহ ৰাইজৰ পৰা নি পুনৰ ৰাইজক দিয়া কাৰ্য বন্ধ কৰিবলৈও দাবী জনায়। ইফালে বিশ্বনাথতো ক্ষুব্ধ জনতাই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে APDCLৰ কাৰ্যালয় ঘেৰাও কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-16/93xb2jh5/5527aa1a-7361-4cea-8fdd-f8b009218894.jpg)
প্ৰায় শতাধিক মহিলাই অসম-অৰুণাচল সীমান্তৱৰ্তী কাৰ্বি ব্লকৰ APDCLৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। স্মাৰ্ট মিটাৰ সলনি কৰি পুৰণি মিটাৰ সংযোগ কৰাৰ দাবী তোলে প্ৰতিবাদী মহিলাসকলে।
Also Read: মোৰাঝাৰত মাৰণাস্ত্ৰসহ আটক এজন