বানাক্ৰান্ত অঞ্চলত নাওবৈচা মহাবিদ্যালয়ৰ উদ্যোগত চিকিৎসা শিবিৰ...

শিঙৰা নদীৰ বানত বেয়াকৈ ক্ষতিগ্ৰস্ত নাওবৈচাৰ কোঁৱৰপুৰ, চমুৱা গাঁও, কলাখোৱা আদি গাঁৱত বানৰ পাছত বিভিন্ন ৰোগে দেখা দিছে

author-image
Asomiya Pratidin
New Update
বানাক্ৰান্ত অঞ্চলত নাওবৈচা মহাবিদ্যালয়ৰ উদ্যোগত চিকিৎসা শিবিৰ...

প্ৰতিদিন ডিজিটেল সংবাদ, লখিমপুৰঃ শিঙৰা নদীৰ বানত বেয়াকৈ ক্ষতিগ্ৰস্ত নাওবৈচাৰ কোঁৱৰপুৰ, চমুৱা গাঁও, কলাখোৱা আদি গাঁৱত বানৰ পাছত বিভিন্ন ৰোগে দেখা দিছে ৷ বানপানী শুকাই যোৱাৰ লগে লগেই জ্বৰ,কাঁহ ,পানী লগা, টায়ফয়ড , এনকেফেলাইটিছ আদি ৰোগৰ পাদুৰ্ভাৱ বৃদ্ধি পাইছে ৷ লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ ফালৰ পৰা বনাৰ্ত সকলৰ বিনামুলীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ৷

ইয়াৰ ওপৰিও বিভিন্ন সংস্থা, সংগঠনে চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছে ৷ সোমবাৰে নাওবৈচা মহাবিদ্যালয়ৰ এ কিউ এ চি কোষ আৰু এন চি চি ৰ উদ্যোগত নাওবৈচাৰ কোঁৱৰপুৰত এক বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত কৰে ৷ সমন্বয়ক মাধৱ বৰাৰ নেতৃত্বত আয়োজিত চিকিৎসা শিবিৰত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° গুনীন্দ্ৰ নাথ শৰ্মাৰ লগতে অধ্যাপক সকল উপস্থিত থাকে ৷ কোঁৱৰপুৰ গাঁৱৰ ২০০ টা পৰিয়ালক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে ঔষধ বিতৰণ কৰে ৷

Also Read: বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মাৰ বিয়োগত আপ অসমৰ শোক প্ৰকাশ...

free medical camp flood