লখিমপুৰ আৰক্ষীত ব্যাপক সাল-সলনি

লখিমপুৰ আৰক্ষীত ব্যাপক সাল-সলনি

ডিজিটেল সংবাদ, ঢকুৱাখনা : অসম আৰক্ষীক অধিক গতিশীল ,জনহিতৈষী আৰু জনদায়বদ্ধ কৰাত নৱবনিযুক্ত আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজনে বিশেষ গুৰুত্ব আৰোপ কৰিছে । এখন অপৰাধমুক্ত লখিমপুৰ জিলা নিৰ্মাণত অহোপুৰুষাৰ্থ কৰা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া নটৰাজনে আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিয়েই কেতবোৰ বিশেষ কৰ্মসূচী গ্ৰহণ কৰি গৈছে ।

তাৰেই অন্যতম অংশ হিচাপে জিলাখনত কাৰ্যনিৰ্বাহ কৰি থকা উপ পৰিদৰ্শক পৰ্য্যায়ৰ আৰক্ষী বিষয়াসকলৰ কৰ্মথলীৰ ব্যাপক সাল-সলনি কৰিছে । যোৱা ২৭ফেব্ৰুৱাৰীত নিৰ্দেশনা নং -এছ পি /এল এম পি /আৰ /২০২৪/১১১০ /এ/ যোগে জিলাখনৰ মুঠ ২৬গৰাকী উপ পৰিদৰ্শক পৰ্য্যায়ৰ বিষয়াৰ ৰদ বদল কৰিছে।

সেই অনুক্ৰমে ঘিলামৰাৰ অ'চি নাছিৰুদ্দিন খানক পানী গাঁও থানালৈ বদলি কৰি ঘিলামৰা থানাত অচি হিচাপে লখিমপুৰ সদৰ থানাৰ নয়নজ্যোতি ডেকাক নিযুক্তি দিছে। তেনেদৰে পানী গাঁও থানাৰ অ'চি নিপন গগৈক ঢলপুৰ আৰক্ষী চকীলৈ বদলি কৰিছে।

তাৰোপৰি এই ব্যাপক ৰদ বদলৰ অন্তৰ্ভুক্ত হোৱা আৰক্ষী বিষয়াসকল ক্ৰমে উপ পৰিদৰ্শক সোনমণি গগৈ ,পলাশ প্ৰতীম গগৈ ,হীৰক জ্যোতি লাহন, সিদ্ধাৰ্থ নাথ ,গুনমণি দত্ত, চেহনাজ য়াছমিন, বিতোপন গগৈ,অংকু শইকীয়া, হেমন্ত কোঁৱৰ,জিতু মিপুন, গৌৰৱ কে এম ভূমিজ ,ৰাজ কুমাৰ পেগু ,কৃষ্ণ বাহাদুৰ ছেত্ৰী, ৰাজেন শৰ্মা ,ত্ৰিনয়ন দলে, পলাশ ৰঞ্জন দাস ,বশিষ্ট ঝা, পুষ্প কমল বৰা ,চিৰঞ্জীৱ বৰুৱা , বিমান গগৈ ,ৰিকুমনি মেধি ,কৌস্তৱ কাশ্যপ বৰা আৰু ৰাজীৱ কলিতা । অধীক্ষকগৰাকীয়ে ১মাৰ্চৰ ভিতৰত উল্লিখিত উপ পৰিদৰ্শকসকলক নিজ নিজ কৰ্মথলীত যোগদান কৰাৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ।

উল্লেখযোগ্য যে নিৰ্দেশনাটোত অধীক্ষকগৰাকীয়ে ঢকুৱাখনা সদৰ থানাত সংলগ্ন বিষয়া হিচাবে নাওবৈছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অংকু শইকীয়াৰ উপৰিও আৰক্ষী নিবেশৰ গৌতম কে এম ভূমিজক নিযুক্তি দিছে । লগতে ঘিলামৰা আৰক্ষী থানাত উত্তৰ লখিমপুৰ সদৰ থানাৰ ৰাজ কুমাৰ পেগুক নিযুক্তি দিছে ।

জিলা আৰক্ষীক অধিক গতিশীলতা প্ৰদানৰ লক্ষ্যৰে সম্পন্ন কৰা এই ব্যাপক ৰদ বদলৰ জৰিয়তে আৰক্ষীক ৰাইজৰ আস্থাভাজন কৰি আৰক্ষী-জনসাধাৰণৰ মাজত এক সুসম্পৰ্ক গঢ়ি তোলাত আৰক্ষী অধীক্ষক নটৰাজন বহুলাংশে সফল হোৱাৰ আশা কৰিব পাৰি ।

লখিমপুৰ আৰক্ষীত ব্যাপক সাল-সলনি
কাৰ্বি পাহাৰত অবৈধ খননৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in