কাৰ্বি পাহাৰত অবৈধ খননৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

চৰকাৰক এই ক্ষেত্ৰত উচিত প্ৰদক্ষেপ গ্ৰহন কৰাৰ দাবী উত্থাপন কৰে। অন্যথা প্ৰধানমন্ত্ৰীৰ কাজিৰঙা ভ্ৰমনৰ সময়তে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰা হ’ব বুলি চৰকাৰক সকিয়াই দিয়ে
কাৰ্বি পাহাৰত অবৈধ খননৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশৰ কাৰ্বি পাহাৰত অবৈধ খননৰ বিৰুদ্ধে কাজিৰঙাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ স্বাৰ্থত অতি শীঘ্ৰে কাৰ্বি পাহাৰ খনন বন্ধ কৰাৰ দাবী উত্থাপন কৰি যুৱ ছাত্ৰ পৰিষদে কহঁৰাত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহন কৰে ৷

প্ৰতিবাদকাৰীসকলৰ অভিযোগ যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা কাৰ্বি পাহাৰ বন্য জীৱ-জন্তুৰ অন্যতম বিচৰণথলী ৷ গতিকে ন্যায়ালয়ৰ নিৰ্দেশকো অমান্য কৰি চলি থকা পাহাৰ খননে বন্য জীৱকুলৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব ৷

অভিযোগ মতে কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ ছত্ৰছায়াত দৰসিং ৰংহাং আৰু প্ৰদীপ টেৰণ নামৰ দুজন লোকৰ নেতৃত্বত চলিছে কাৰ্বি পাহাৰ ধ্বংস কাৰ্য ৷ গতিকে এই লোক দুজনৰ বিৰোদ্ধে অতি সোনকালে ব্যৱস্থা গ্ৰহনৰ দাবী জনায় ৷

আনহাতে কহঁৰা বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ৰ উন্নীতকৰণৰ দাবী জনাই যুৱ ছাত্ৰ পৰিষদে ৷ চৰকাৰক এই ক্ষেত্ৰত উচিত প্ৰদক্ষেপ গ্ৰহন কৰাৰ দাবী উত্থাপন কৰে। অন্যথা প্ৰধানমন্ত্ৰীৰ কাজিৰঙা ভ্ৰমনৰ সময়তে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰা হ’ব বুলি চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ৷

কাৰ্বি পাহাৰত অবৈধ খননৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী
নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰতিবাদ : ৰাজ্যপালক সাক্ষাৎ বিৰোধী ঐক্য মঞ্চৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in