নৱবর্ষৰ উৎসৱমুখীতাৰ মাজতে জুইত সৰ্বস্ব জাহ গ'ল এটা পৰিয়ালৰ...

নৱবর্ষৰ উৎসৱমুখীতাৰ মাজতে জুইত সৰ্বস্ব জাহ গ'ল এটা পৰিয়ালৰ...

author-image
Asomiya Pratidin
New Update
নৱবর্ষৰ উৎসৱমুখীতাৰ মাজতে  জুইত সৰ্বস্ব জাহ গ'ল এটা পৰিয়ালৰ...

নৱবর্ষৰ উৎসৱমুখীতাৰ মাজতে জুইত সৰ্বস্ব জাহ গ'ল এটা পৰিয়ালৰ...

ডিজিটেল সংবাদ ঢকুৱাখনা: এটা চহা দৰিদ্ৰ পৰিয়ালৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহিল সোমবাৰে ঢকুৱাখনাত। ইংৰাজী নৱবর্ষৰ উল্লাস উদ্দীপনাৰ মাজতে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত আলিমুৰ ডাংধৰা গাঁৱৰ পলেছ দলেৰ এটা বাসগৃহ জুইত সমূলঞ্চে জাহ যায় ।

Advertisment

ঘটনাৰ বিবৰণী অনুসৰি অলিমুৰ ডাংধৰা তিনিআলিৰ সমীপৰ চহা ব্যক্তি পলেছ দলেৰ পৰিয়ালৰ সদস্যসকলে চোতালৰ দুপৰীয়া ৰ'দ লৈ থাকোতে প্ৰায় ১২-৩০ বজাত জনশূন্য ঘৰটোত অকস্মাত অগ্নিকাণ্ড সংঘটিত হয়। গৃহস্থই গম নোপোৱাকৈ জুইৰ লেলিহান শিখাই নিমিষতে মূল বাসগৃহৰ লগতে পাকঘৰ চানি ধৰে ।

পাছত প্ৰচণ্ড ধোঁৱা দেখি গৃহস্থই চিঞৰি সমীপৰ ৰাইজক মাতি আচবাব উদ্ধাৰৰ আহ্বান জনায় ।কিন্তু জুইৰ বিধ্বংসী ৰূপে সমগ্ৰ চাংঘৰতো ভস্মীভূত কৰে অতি কম সময়ৰ ভিতৰতে ।

ঢকুৱাখনা সদৰ থানাৰ এটা আৰক্ষী দলে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ ঘৰুৱা সামগ্ৰী উদ্ধাৰৰ চেষ্টা চলায়ো ব্যৰ্থ হয়। জুইৰ ভয়ংকৰ গ্ৰাসত দৰিদ্ৰ ব্যক্তিজনৰ সমগ্ৰ সা-সম্পত্তি, আচবাব সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।

জুইত সমগ্ৰ ঘৰটো জাহ যোৱাৰ পাছত ঢকুৱাখনা অগ্নিনিৰ্বাপক বাহিনী গৈ জুই নিৰ্বাপনৰ বৃথা চেষ্টা চলাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰি বিভাগটোক ধিক্কাৰ জনাইছে। অগণন ৰাইজৰ সমাগম হোৱা অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত উপস্থিত ৰাইজে ৰাজ্য চৰকাৰৰ লগতে মহকুমা প্ৰশাসনৰ তৰফৰ পৰা দুৰ্ভগীয়া পৰিয়ালটোলৈ এককালীন আৰ্থিক সহযোগিতা, চৰকাৰী বাসগৃহ অবন্টনৰ কামনা কৰিছে।

ঘৰৰ একো এপদ সামগ্ৰী বচাবলৈ সক্ষম নোহোৱা সৰ্বশ্ৰান্ত আৰু দুৰ্ভগীয়া গৃহহীন পৰিয়ালটোক অস্থায়ীভাবে গৃহ নিৰ্মাণৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু আৰু বিধায়ক নৱ দলেক দাবী জনাইছে স্থানীয় ৰাইজ সংগঠনে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ অদ্যপি পোহৰলৈ অহা নাই যদিও বৈদ্যুতিক চৰ্ট চাৰ্কিত বুলি সন্দেহ কৰা হৈছে।

নৱবৰ্ষটোৰ প্ৰথম দিনাই নিজৰ কষ্ট উপাৰ্জিত সমস্ত সা-সম্পত্তি ভস্মীভূত হৈ অঘৰী জীৱনৰ পাতনি মেলাত কান্দোনত ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়ালটো ।

Also Read: সম্পূৰ্ণ অনলাইন হ'ব অসম কৃষি বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ ব্যৱস্থাপনা প্ৰক্ৰিয়া...

অগ্নিকাণ্ড ঢকুৱাখনা