সম্পূৰ্ণ অনলাইন হ'ব অসম কৃষি বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ ব্যৱস্থাপনা প্ৰক্ৰিয়া...

সম্পূৰ্ণ অনলাইন হ'ব অসম কৃষি বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ ব্যৱস্থাপনা প্ৰক্ৰিয়া...
সম্পূৰ্ণ অনলাইন হ'ব অসম কৃষি বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ ব্যৱস্থাপনা প্ৰক্ৰিয়া...

ডিজিটেল সংবাদ যোৰহাটঃঅসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই নৱবৰ্ষৰ প্ৰথম দিনটোতেই বিশ্ববিদ্যালয় পৰিয়ালক সম্বোধন কৰে। যোৰহাটৰ বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত উপাচাৰ্যগৰাকীয়ে এতিয়াৰে পৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা ব্যৱস্থা ডিজিটেলাইজ কৰা হ'ব বুলি ঘোষণা কৰে।

সকলো ফাইলৰ কাম অনলাইন ব্যৱস্থাৰ জৰিয়তে আদান প্ৰদানৰ কৰা হ'ব বুলি উল্লেখ কৰাৰ লগতে তথ্য প্ৰযুক্তিৰ প্ৰয়োগৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ে যথেষ্ট উন্নতি কৰিছে বুলি প্ৰকাশ কৰে। বিশ্ববিদ্যালয়ৰ নামভৰ্তি আৰু নিযুক্তিৰ ক্ষেত্ৰতো ইতিমধ্যে সম্পূৰ্ণ অনলাইন ব্যৱস্থা হাতত লোৱা হৈছে।

অসম কৃষি বিশ্ববিদ্যালয়ে শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত উল্লেখনীয় সাফল্য লাভ কৰিছে বুলি প্ৰকাশ কৰি শেহতীয়াকৈ ১০ টা উচ্চ উৎপাদনক্ষম বীজ উদ্ভাৱন কৰাৰ বিষয়ে উল্লেখ কৰে। মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তে অধিক সংখ্যকক উপকৃত কৰাৰ বাবে পদক্ষেপ হাতত লোৱাৰ লগতে আগন্তুক বছৰত ৮০ টা নতুন বিষয়ত মুক্ত আৰু দূৰ শিক্ষা পাঠ্যক্ৰম মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ পৰিকল্পনা সদৰি কৰে।

প্ৰাকৃতিক কৃষিৰ ওপৰত বিশ্ববিদ্যালয়ে গুৰুত্ব আৰোপ কৰা বুলি সদৰি কৰি ইয়াৰ কৌশল উত্তৰণৰ বাবে সকলোৰে দায়িত্ব আৰু কৰণীয় থাকিব বুলি প্ৰকাশ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে আঁত ধৰা এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ বিশেষ বিষয়াসকলৰ লগতে বিভাগীয় মুৰব্বী অধ্যাপকসকল,গৱেষক বিজ্ঞানীসকল, কৰ্মচাৰীসকল আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।

সম্পূৰ্ণ অনলাইন হ'ব অসম কৃষি বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ ব্যৱস্থাপনা প্ৰক্ৰিয়া...
১১২ খন কেবিনেটত ১,৫১৩ টা সিদ্ধান্ত গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in