বিশ্ব বেংকৰ ১২৩ কোটি অৰ্থ সাহায্যৰে পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম...

বিশ্ব বেংকৰ ১২৩ কোটি অৰ্থ সাহায্যৰে পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম...
বিশ্ব বেংকৰ ১২৩ কোটি অৰ্থ সাহায্যৰে পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম...

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত ঢকুৱাখনা-ধেমাজি সংযোগী নিৰ্মীয়মান এটা ব্যয়বহুল দ্বৈত লোকনিৰ্মাণ পথৰ নামত ব্যাপক অনিয়ম বিসংগতিৰ সূত্ৰপাত হোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। ৰাজ্যখনৰ লোকনিৰ্মাণ পথ বিভাগৰ অন্তৰ্গত ঢকুৱাখনাৰ পৰা মাছখোৱা বুটিকুৰ হৈ ধেমাজিৰ তেলীজান সংযোগী দ্বৈত পথ নিৰ্মাণৰ নামত এই অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

সংগৃহীত তথ্য মতে ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ বিভাগৰ প্ৰায় ১৫ কিলোমিটাৰ আৰু ধেমাজি লোকনিৰ্মাণ পথ বিভাগৰ ১৭ কিলোমিটাৰসহ মুঠ ৩২ কিলোমিটাৰ দৈর্ঘৰ পথতো নিৰ্মাণ কামৰ কৰ্তৃত্ব লাভ কৰিছে মেচাৰ্ছ শিৱম কনষ্ট্ৰাকচন নামৰ এটা নিৰ্মাণকাৰী সংস্থাই। বিশ্ব বেংকৰ প্ৰায় ১২৩ কোটি ব্যয় সাপেক্ষ পথটোৰ নিৰ্মাণৰ ঠিকা লাভ কৰি "শিৱমে" চলিত বৰ্ষত পথটো নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছে ঠিকেই ।

কিন্তু ঢকুৱাখনা- মাছখোৱা সংযোগী অংশত প্ৰাৰম্ভিক কাম সম্পন্ন কৰাৰ ক্ষেত্ৰত ব্যাপক বিসংগতি আৰু অনিয়ম সংঘটিত হোৱাৰ ৰাইজৰ অভিযোগ উত্থাপন হৈছে। পথছোৱাৰ দাঁতিত অৱস্থিত বিভিন্ন গছ-গছনি কাটি লোৱাৰ পৰৱৰ্তী সময়ত সেইবোৰ গছৰ মুঢ়া, ডাঙৰ ডাঙৰ শিপাবোৰ খান্দি উলিয়াই নোলোৱাকৈ তাৰ ওপৰতে মাটি পেলাই কাম অব্যাহত ৰখাত অঞ্চলবাসী ৰাইজৰ মাজত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ সূত্ৰপাত ঘটিছে ।

তাৰোপৰি পথছোৱাৰ দাঁতিত অৱস্থিত দ অংশ আৰু গাঁত সমূহ মাটিৰে পৰিপূৰ্ণ কৰাৰ নামটো ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে।  প্ৰধানকৈ এনেবোৰ দ অংশ আৰু  খাল বিশেষ ভাৱে নিৰ্বাচিত উন্নত মানৰ মাটিৰে পূৰণ কৰিব লাগে কাৰিকৰী ভাবে।

কিন্তু এই পথৰ দ অংশত ব্যৱহাৰৰ অনুপযোগী পুখুৰীৰ গেদ সদৃশ মাটি পেলাই পালমৰা নীতিৰে প্ৰাৰম্ভিক কাম কৰাৰ পৰৱৰ্তী সময়ত পথৰ স্থায়িত্ব হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আহি পৰিছে। তদ্রুপ ভাবে নিৰ্মীয়মান পথৰ অংশত নিৰ্দিষ্ট পৰিমাণৰ মাটি পেলোৱাৰ পাছত পৰ্যাপ্ত হাৰত ৰুলিং নকৰা, পানী নিদিয়া আদি দেধাৰ নীতি বৰ্হিভূত পদ্ধতিৰে নিৰ্মাণ কাৰ্য অব্যাহত ৰখা পৰিলক্ষিত হৈ আহিছে।

এই ক্ষেত্ৰত পথটোৰ নিৰ্মাণ কাৰ্যৰ তদাৰকীৰ দায়িত্বত থকা "কনচালটেঞ্চি কোম্পানী"ৰ ৰহস্যজনক দায়িত্বহীনতাক অঞ্চলবাসী ৰাইজে কটু সমালোচনা কৰিছে। প্ৰায় ১২৩ কোটিৰো  অধিক বিশ্ব বেংকৰ পুঁজিৰে "অসম মালা" আঁচনিৰ শিতানত নিৰ্মাণৰত প্ৰায় ৩২ কিলোমিটাৰ দৈর্ঘৰ এই পথটোৰ ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ পশ্চিম মাছখোৱা অংশত এনেদৰে বেপৰোৱা ভাৱে দীৰ্ঘ দিন ধৰি নিৰ্মাণ কাৰ্য চলাই অহাৰ পৰিণতিত অনাগত সময়ত পথচোৱালৈ ভয়ানক বিপর্যয় নামি অহাৰ আশংকা কৰি  ৰাজ্যৰ লোকনিৰ্মাণ (পথ) বিভাগৰ মুখ্য অভিযন্তাৰ জৰুৰী হস্তক্ষেপ দাবী জনাইছে।

উল্লেখ্য যে মেচাৰ্ছ  শিৱম কোম্পানীৰ এনে ক্ৰুটিপূৰ্ণ নিম্ন মানৰ প্ৰাৰম্ভিক কামৰ বাবেই ঘিলামৰা- গোগামুখ ৰাজ্যিক ঘাই পথৰ বিস্তৰ অংশ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নৌ হওঁতেই ভাগি ছিগি উৱঁলি এতিয়াও পৰি আছে। পথছোৱাৰ ঘিলামৰা সদৰ , আনন্দ বাগান , চুতীয়াকাৰী আদি বিভিন্ন অংশ ভাগি ছিগি ব্যৱহাৰৰ অনুপযোগী হৈ কোম্পানীটোৰ ক্ৰুটিপূৰ্ণ আৰু বিসংগতিপূৰ্ণ কামৰ উলংগ স্বৰূপ দাঙি ধৰি আছে।

পুনৰ এই বেপৰোৱা কোম্পানীটোৰ বিসংগতি পূৰ্ণ কাম দেখিও নিৰ্বাক দায়িত্বশীল পক্ষ।বিভাগীয় মুখ্য অভিযন্তাগৰাকীৰ এই ক্ষেত্ৰত অমনোযোগিতা , আঁচনিৰ বিপৰীতে নিযুক্ত অকৰমন্য "কনচালটেঞ্চি কোম্পানী"ৰ দুৰ্নীতিগ্ৰস্ত চৰিত্ৰৰ বাবেই পুনৰ ঢকুৱাখনা মাছখোৱা বুটিকুৰ হৈ তেলীজান সংযোগী দ্বৈত পথৰ ভৱিষ্যত যে বিপদাপন্ন সেয়া ঠিকাদাৰী কোম্পানীটোৰ প্ৰাথমিক কার্যতেই জনদৃষ্টিত স্পষ্ট হৈছে। এই ক্ষেত্ৰত ঢকুৱাখনা মহকুমা প্ৰশাসনৰ জৰুৰী কৰণীয়তা ৰাইজে দাবী কৰিছে।

বিশ্ব বেংকৰ ১২৩ কোটি অৰ্থ সাহায্যৰে পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম...
GNRC ছয়মাইলৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in