পূব ঢকুৱাখনাত "মন কী বাত"ৰ অংশ ললে নৱ কুমাৰ দলেয়ে...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীৰ প্ৰতি আগবঢ়োৱা "মন কী বাত"ৰ ১০০ সংখ্যক উপলক্ষে দেওবাৰে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত এই অনুষ্ঠান অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
পূব ঢকুৱাখনাত "মন কী বাত"ৰ অংশ ললে নৱ কুমাৰ দলেয়ে...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীৰ প্ৰতি আগবঢ়োৱা "মন কী বাত"ৰ ১০০ সংখ্যক উপলক্ষে দেওবাৰে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত এই অনুষ্ঠান অনুষ্ঠিত হয়।

Advertisment

সমষ্টিটোৰ পূব ঢকুৱাখনা পঞ্চায়তৰ যোগীসুঁতি জনজাতি হাইস্কুল প্ৰাংগণত এই সন্দৰ্ভত অনুষ্ঠিত কৰা হয় শ্ৰৱণ দৰ্শন অনুষ্ঠান ।

২৩৯ নং কপচান বান্দেনা বৰমাটি প্ৰাথমিক বিদ্যালয়, ২৪১ নং যোগীসুঁতি জনজাতি মধ্য ইংৰাজী বিদ্যালয় আৰু ২৪৩ নং বান্দেনা  প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰৰ যৌথ উদ্যোগত অনুষ্ঠিত এই ১০০ সংখ্যক অনুষ্ঠানত কেইবা শতাধিক ৰাইজৰ লগতে অংশ গ্ৰহণ কৰে বিধায়ক নৱ কুমাৰ দলে, ঢকুৱাখনা মণ্ডল বিজেপিৰ সভাপতি সুনীল দলে, ঢকুৱাখনা জিলা এছ টি মৰ্চাৰ সম্পাদক বিজয় পেগু, জিলা যুৱ মৰ্চাৰ  সদস্য ভাইটি টাইদ আদিয়ে ।

প্ৰধানমন্ত্ৰীৰ বিভিন্ন দিশ সামৰি দেশবাসীক উদ্দেশ্যি প্ৰদান কৰা মননশীল বক্তব্য প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক দলেয়ে "মন কী বাত"ৰ ওপৰত চমু অবলোকণ কৰি বক্তব্য আগবঢ়াই । অনুষ্ঠানতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

Also Read: কাম কৰি থাকোতে অক্সিজেনৰ অভাৱত কুৱাৰ ভিতৰত মৃত্যু দুজনৰ

narendramodi nabakumardole mann ki baat