ঢকুৱাখনাত এম এ চিৰ "সমষ্টি সমন্বয় গোট"ৰ বৈঠক

ঢকুৱাখনাত এম এ চিৰ "সমষ্টি সমন্বয় গোট"ৰ বৈঠক

ডিজিটেল সংবাদ, ঢকুৱাখনা: মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধীনৰ ঢকুৱাখনা মহকুমাৰ ৩ পৰিষদীয় সমষ্টিৰ "সমষ্টি সমন্বয় গোট"ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । বুধবাৰে ঢকুৱাখনা নগৰৰ ঢকুৱাখনা জিলা জনজাতি সংঘৰ প্ৰেক্ষাগৃহত এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হয় ।

পৰিষদৰ ২০ নং অৱনৰী সমষ্টিৰ সাধাৰণ সদস্য ইন্দিৰা চিন্তে কুম্বাং,২১ নং পূব ঢকুৱাখনা মাতমৰা সমষ্টিৰ সাধাৰণ সদস্য সুনীল কুমাৰ পেগু আৰু ২২ নং খেৰকটা ডাংধৰা সমষ্টিৰ সাধাৰণ সদস্য বিউটি পেগুৰ লগতে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া উপস্থিত থাকে।

পৰিষদৰ অধ্যক্ষ তথা ২১নং সমষ্টিৰ সাধাৰণ সদস্য সুনীল কুমাৰ পেগুৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বৈঠকত তিনিওটা সমষ্টিৰ পৰা অহা শতাধিক মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়া ,সন্মিলিত গণশক্তি অসম দলৰ কেন্দ্ৰীয় আৰু জিলা নেতৃত্ব,সমষ্টি সমিতিৰ নেতৃত্ব আৰু মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়াৰ লগতে অন্যান্য প্ৰতিনিধি বৰ্গৰ উপস্থিতিত বিগত কাৰ্যকালৰ সফলতা বিফলতাৰ খতিয়ান পৰ্য্যালোচনা কৰা হয়।

প্ৰতিটো পৰিষদীয় সমষ্টিৰ পৰা অহা ব্যক্তিসকলে বিগত দুটাকৈ পৰিকল্পনাৰ সময়ৰ বিভিন্ন আঁচনিৰ সন্দৰ্ভত বৈঠকত অভিজ্ঞতালব্ধ আৰু গঠনমূলক আলোচনা পৰ্য্যালোচনা কৰে। এই বৈঠকত উপস্থিত থাকে মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাংৰ সহকাৰী সাধাৰণ সম্পাদক যতীন পেগু, ক্ষীৰোদ পেগু , টি এম পি কেৰ কাৰ্যকৰী সদস্য কৰবী পাতিৰ ,ঢকুৱাখনা আঞ্চলিক পৰিষদৰ সভাপতি শিৰোমণি দলে,  ঢকুৱাখনা জিলা পৰিষদ সমষ্টিৰ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাং , সৰলা পেগু , খনিন্দ্ৰ মেদক, জাতীয় সংগঠনৰ জিলা নেতৃত্ব দীপেন দলে, দিপাঞ্জল দলে, অমৰজিত দলে, বৃগেন দলে, সঞ্জীৱ দলে, নাথু ৰাম পেগু, ৰাজীৱ পেগু ,সন্মিলিত গণশক্তি অসম দলৰ কেন্দ্ৰীয় বিষয়ববীয়া  কনক কোঁৱৰ, ব্লক সম্পাদক মুকুন্দ বৰুৱা আদি ।

এইসকল বিষয়াববীয়াৰ উপৰি মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া আৰু তিনিওটা  পৰিষদীয় সমষ্টিৰ 'ইনচাৰ্জ' কাৰ্যবাহী সদস্য উমা পাঠৰি উপস্থিত থাকে। বৈঠকত ২০ নং অৱনৰী সমষ্টিৰ পৰা ক্ৰমে পানীন্দ মেদক , শৰৎ টাইদ আদিযে সমষ্টিটোত বিগত দুটা বিত্তীয় বৰ্ষত গ্ৰহণ কৰা আঁচনি আৰু এনেবোৰ ৰূপায়ণ সন্দৰ্ভত দেখা দিয়া আসোঁৱাহসমূহ উনুকীয়াই দূৰীকৰণ কৰাৰ আহ্বান জনায়।

২১ নং পূব ঢকুৱাখনা মাতমৰা সমষ্টিৰ পৰা বক্তব্য আগবঢ়াই অমৰজিত দলে ২০১৩ চনৰ পৰা ২০২৩ চন পৰ্যন্ত স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা সম্পন্ন কৰা আন্তঃগাঁঠনি  উন্নয়ন আৰু উন্নয়ন বিকাশ ত্বৰাণিত হোৱা বুলি কয়।এই সম্পৰ্কে তেওঁ অধিক তৎপৰতাৰে জীৱন জীৱিকা আঁচনিখন আগুৱাই নিয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ শিহৰণকাৰী খহনীয়া প্ৰতিৰোধত পৰিষদে গুৰুত্ব সহকাৰে লৈ অঞ্চলবাসীৰ ভৌগোলিক অস্তিত্ব সুৰক্ষিত কৰাৰ আহ্বান জনায়।

বৈঠকত জনগোষ্ঠীয় নেতা ক্ষীৰোদ পেগু , শিৰোমণি দলে,জ্যোতিষ দলে ,স্বপ্না পেগু আদিয়ে বক্তব্য আগবঢ়ায়। জনাকীৰ্ণ বৈঠকত ২২ নং খেৰকটা ডাংধৰা সমষ্টিৰ নেতৃত্ব ক্ৰমে বিক্ৰম পাতিৰ,নৰ নাথ চন্ডি, ৰাজীৱ দলে, আদিয়ে বক্তব্য আগবঢ়ায় ।

টি এম পি কেৰ কেন্দ্ৰীয় নেতা যতীন পেগুৱে কয় সমস্যাৰে ভাৰাক্ৰান্ত মিচিং জনগোষ্ঠী অধ্যুষিত এলেকা সমূহে নিয়মিত কৰকাতল আদায় দি আহিছে যদিও সেই অনুপাতে উন্নয়ন হোৱা নাই। ২০১৩ চনৰ পৰা ২০২৩ চনলৈ  এই পৰিক্ৰমাত  বহু পিছপৰি আছে।

এই ক্ষেত্ৰত পৰিষদে অধিক গুৰুত্ব দিব লাগে বুলি কৈ মুখ্য পথৰ বাহিৰে গ্ৰাম্য পথ সমূহ সুচল  নোহোৱা বুলিও  বক্তব্যত প্ৰকাশ কৰে। বিজেপি চৰকাৰে গুৰুত্ব নিদিয়া নিৰ্মান  নকৰা পথ সংযোগী ব্যৱস্থাৰ  উন্নয়নত নিৰ্মাণত পৰিষদে গুৰুত্ব  দিব লাগে  বুলি কৈ জীৱন জীৱিকা আচঁনিৰে কৰ্মঠ যুৱক সকলক  উপকৃত কৰাৰ আহ্বান জনায়।

বৈঠকত জিলা পৰিষদৰ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাং, জাতীয় সংগঠনৰ জিলা নেতৃত্ব দীপেন দলে, পূৰ্ণ কান্ত দলেয়েও পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। বৈঠকত মুখ্য অতিথি তথা মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়াই প্ৰদান কৰা সুদীৰ্ঘ বক্তব্যত পৰিষদে  কেন্দ্ৰীয়ভাৱে "প্ৰয়োজন আৰু অগ্ৰাধিকাৰ" ভিত্তিত আঁচনি  আবন্টন দিয়া প্ৰক্ৰিয়া সমষ্টি ভিত্তিত হোৱাৰ পোষকতা কৰে । 

গণশক্তি দল, জাতীয় সংগঠন , সমষ্টি সমিতি সকলো সমষ্টি নিৰ্মাণত সতৰ্ক আৰু সজাগ হ'ব লাগিব বুলি কৈ পূৰ্বৰ দৰে আঁচনিৰ নামত আঁচনি আবন্টন দিয়া নীতি এতিয়াৰ পৰা পৰিহাৰ কৰি নিজে গৈ আচঁনিৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা প্ৰত্যক্ষ কৰাৰ পাছতহে আঁচনি অনুমোদন কৰা হ'ব বুলি বৈঠকত ব্যক্ত কৰে।

ইতিমধ্যে পৰিষদৰ উদ্যোগত ৰূপায়িত পকী পথ, দলং, কাৰ্লভাৰ্ট , ষ্টীল দলং, ওলমা দলং ,উপঙা দলং নিৰ্মাণ , জীৱন জীৱিকাৰ প্ৰশিক্ষণ , দক্ষতা বিকাশৰ প্ৰশিক্ষণ , বিদ্যালয় গৃহ নিৰ্মাণ, পকী বেৰা নিৰ্মান, সামূহিক সহায়ক কেন্দ্ৰ (চি এফ চি) নিৰ্মান, কৃষি সহায়ক সঁজুলি চহাক বিতৰণকে আদি কৰি বিভিন্ন ক্ষেত্ৰৰ সফলতাৰ খতিয়ান দাঙি ধৰি এইবাৰৰ পৰা সমষ্টি সমিতি আৰু সংগঠন  আৰু কেন্দ্ৰীয় সমিতিয়ে বিচাৰিলেই আঁচনি নহ'ব বুলি কৈ ২০২৩  -২০২৪ আৰু ২০২৪ -২০২৫  বিত্তীয় বর্ষৰ সকলো আঁচনি তন্ন তন্ন কৈ চাই পৰীক্ষা কৰি প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰ ভিত্তিত আবন্টন দিব বুলি স্পষ্ট কৰি দিয়ে।

চায়েঙিয়াই কংগ্ৰেছ বিজেপিৰ দৰে ধৰ্ণাঢ্য ৰাজনৈতিক দল সন্মিলিত গনশক্তি অসম দল নহয় বুলি কৈ বৌদ্ধিক চিন্তা আৰু বিজ্ঞান মনস্ক মাৰ্গ দৰ্শনেৰে  উজ্জীৱিত দলটোৰ গণমুখী চিন্তা চেতনাৰে ৰাইজৰ মাজত বিলীন হোৱাৰ এক সৰ্বজন গ্ৰাহ্য সংগ্ৰামৰ অংশীদাৰ হোৱাৰ বাবে সকলোলৈকে আহ্বান জনায়।  বৈঠকত পৰিষদৰ কাৰ্যবাহী সদস্য সুনীল কুমাৰ পেগু আৰু ইন্দিৰা চিন্তে কুম্বাংয়েও সমষ্টি ভিত্তিত সফলতাৰ খতিয়ান দাঙি ধৰে ।

ঢকুৱাখনাত এম এ চিৰ "সমষ্টি সমন্বয় গোট"ৰ বৈঠক
ডিমৰীয়া মহাবিদ্যালয়ৰ ইউ.জি.চিৰ পুঁজি কেলেংকাৰীৰ প্ৰসংগ, অসম চৰকাৰৰ দুমুখীয়া নীতিক ধিক্কাৰ আছুৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in