ডিমৰীয়া মহাবিদ্যালয়ৰ ইউ.জি.চিৰ পুঁজি কেলেংকাৰীৰ প্ৰসংগ, অসম চৰকাৰৰ দুমুখীয়া নীতিক ধিক্কাৰ আছুৰ

ডিমৰীয়া মহাবিদ্যালয়ৰ ইউ.জি.চিৰ পুঁজি কেলেংকাৰীৰ প্ৰসংগ, অসম চৰকাৰৰ দুমুখীয়া নীতিক ধিক্কাৰ আছুৰ

author-image
Asomiya Pratidin
New Update
ডিমৰীয়া মহাবিদ্যালয়ৰ ইউ.জি.চিৰ পুঁজি কেলেংকাৰীৰ প্ৰসংগ, অসম চৰকাৰৰ দুমুখীয়া নীতিক ধিক্কাৰ আছুৰ

ডিজিটেল ডেস্ক : ডিমৰীয়া মহাবিদ্যালয়ৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিজ্ঞপ্তিখন হুবহু প্ৰকাশ কৰা হ'ল- কামৰূপ(মঃ)জিলাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান ডিমৰীয়া মহাবিদ্যালয়ৰ শেহতীয়া বিতৰ্কই অঞ্চলটোৰ প্ৰতিজন সচেতন লোকক চিন্তিত কৰি তুলিছে। বিগত দুটা বছৰে ইউ জি চিয়ে দশম, একাদশ আৰু দ্বাদশ পৰিকল্পনাক প্ৰদান কৰা কেইবাকোটি টকাৰ হিচাপ বিচাৰি মহাবিদ্যালয়ৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰাৰ উপৰিও সঠিক হিচাপ দিব নোৱাৰিলে মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিব বুলি পত্ৰ প্ৰেৰণ কৰিছে।

Advertisment

এনে কেলেংকাৰীত প্ৰাক্তন অধ্যক্ষ ৰামচৰণ ভৰালী জড়িত বুলি বিভিন্ন পক্ষই অভিযোগৰ আঙুলি টোৱাইছে। মহাবিদ্যালয়খনৰ ২০১৩ চনলৈ হোৱা বিত্তীয় কেলেংকাৰীৰ বিষয়টোক গাপ দিবলৈ ডিমৰীয়াৰ ৪জন ব্যক্তিয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি যোৱা ২২ জুলাইত ৰাজহুৱা অভিযোগ বুলি এক পত্ৰ হাতত তুলি দিছিল।

পত্ৰত বিত্তীয় কেলেংকাৰীৰ সলনি আন কেতবোৰ বিষয় সন্নিবিষ্ট কৰা হ'ল। বিষয়সমূহ অধ্যয়ন কৰিলে আৰ্থিক কেলেংকাৰীৰ বিষয়টো গাপ দিবলৈ প্ৰসংগটোৰ সৈতে যুঁজ দি থকা লোকসকলক আঁতৰোৱাৰ বাবেহে পত্ৰ দিয়া যেন ধাৰণা হয়। মুখ্যমন্ত্ৰীক পত্ৰ দিয়া চাৰিওজন ব্যক্তিয়ে এটি শিক্ষানুষ্ঠানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক পত্ৰ দিয়াৰ আগতে সেই পত্ৰত লিখা কথাবোৰ কোন ৰাজহুৱা সভাত কেতিয়া কাৰ উপস্থিতিত প্ৰস্তাৱ আকাৰে গ্ৰহণ কৰা হৈছিল। পত্ৰখনত বিত্তীয় কেলেংকাৰীৰ বিষয়ে একো উল্লেখ নকৰাটো এক নুবুজা সাঁথৰ।

২০১৩ চনত ভিজিলেন্স আৰু এন্টিকৰাপছন বিভাগে জব্দ কৰা ফাইলসমূহৰ তদন্ত কিয় বিগত ১০ বছৰে সম্পূৰ্ণ নহ'ল সেই সন্দৰ্ভতো পত্ৰখনত একো কথাই উল্লেখ নকৰাতো অত্যন্ত তাৎপৰ্যপূৰ্ণ। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক লগ পাই বিষয়টো হেঁচা দিয়াৰ পৰিৱৰ্তে আন কেতবোৰ বিষয় উত্থাপন কৰি মূল বিষয়টোক তল পেলাব বিচৰাৰ এক কৌশল ৰচনা কৰাৰ উপক্ৰম হৈছে।

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰা বিজেপি চৰকাৰে ডিমৰীয়া মহাবিদ্যালয়ৰ বিত্তীয় কেলেংকাৰী বিগত ১০ বছৰে সমাপ্ত কৰিব নোৱাৰাতো অত্যন্ত দুৰ্ভাগ্যজনক। কেলেংকাৰীৰ তদন্তকাৰী বিষয়াই পৰ্যাপ্ত প্ৰমাণ আছে বুলি লিখিত পত্ৰ দিয়াৰ পাছতো মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ শেহতীয়া ৰহস্যজনক স্থিতিয়ে ডিমৰীয়াৰ ছাত্ৰ সমাজক চিন্তিত কৰিছে।

ডিমৰীয়া মহাবিদ্যালয়ৰ বিত্তীয় কেলেংকাৰীৰ তদন্ত অতিশীঘ্ৰে সমাপ্ত কৰিবলৈ মুখ্যমন্ত্ৰীক হেঁচা দিয়াৰ বাবে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাক ছাত্ৰ সন্থাই দাবী জনায়। ছাত্ৰ সন্থাই ডিমৰীয়াৰ ছাত্ৰ সংগঠনসমূহৰ সৈতে অতিশীঘ্ৰে আলোচনাত মিলিত হ'ব আৰু এটি সজাঁতী দলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনহাতে শিক্ষা উপদেষ্টা ননীগোপাল মহন্তই যোৱা ২৪ জুলাইত ডিমৰীয়া মহাবিদ্যালয় পৰিদৰ্শন কৰি চৰকাৰক প্ৰদান কৰা প্ৰতিবেদনো আছিল ৰহস্যজনক। মহন্তই অধ্যক্ষ বিমান ভট্ট আৰু অধ্যাপক হিমাংশু মৰলৰ বিৰুদ্ধে অভিযোগকাৰীসকলৰ ভাষ্য অনুসৰি প্ৰদিবেদন দাখিল কৰাৰ বিপৰীতে ইউ জি চিৰ পত্ৰ সন্দৰ্ভত মহাবিদ্যালয়খনে সন্মুখীন হোৱা সমস্যা সামাধানৰ কোনো পৰামৰ্শই উল্লেখ কৰা দেখা নগ’ল।

এই প্ৰতিবেদনৰ ভিত্তিত শিক্ষা বিভাগে যোৱা ২ ছেপ্তেম্বৰত অধ্যক্ষ বিমান ভট্ট আৰু হিমাংশু মৰলক বাধ্যতামূলক ছুটী প্ৰদানৰ অৰ্থে এক পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু যিসমূহ পুঁজিৰ ব্যৱহাৰৰ প্ৰমাণপত্ৰ বিচাৰি স্বীকৃতি বাতিল কৰিব বুলি জাননী দিছে সেই পুঁজিৰ সৈতে বিমান ভট্ট জড়িত নহয়। কিয়নো এই পুঁজিসমূহ জালিয়তিৰে হোৱা অধ্যক্ষ সপোনটি বৰঠাকুৰৰ দিনলৈ অৰ্থাৎ ২০১৩ বৰ্ষলৈ অহা আৰু ২০২০ চনতহে বিমান ভট্টই ডিমৰীয়া মহাবিদ্যালয়ত যোগদান কৰে।

আনহাতে হিমাংশু মৰল বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক আৰু দীৰ্ঘদিন ধৰি মহাবিদ্যালয়ৰ বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে। জালিয়তিৰে অধ্যক্ষ হোৱা সপোনটি বৰঠাকুৰৰ অপসাৰণ আৰু জেললৈ প্ৰেৰণ ক্ষেত্ৰটো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।

তেনে ব্যক্তিক তদন্তত জড়িত কৰাৰ পৰিৱৰ্তে বাধ্যতামূলক ছুটী দি অসম চৰকাৰে কেনেধৰণৰ তদন্ত কৰিব বিচাৰিছে তাক লৈ ৰাইজৰ মাজত প্ৰশ্নৰ উদ্ভৱ হৈছে। মাত্ৰ ৩জন অধ্যাপকেৰে চলা বুৰঞ্জী বিভাগৰ এজন অধ্যাপকক ছুটীত পঠালে বাকী দুজনে উচ্চতৰ মাধ্যমিকৰ দুটা আৰু ডিগ্ৰীৰ মেজৰসহ স্নাতক শ্ৰেণীত পাঠদান অব্যাহত ৰখাটো অসম্ভৱ।

এনে সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ অধিকাৰ খৰ্ব কৰিব। ইফালে বিমান ভট্টক আঁতৰাই ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব দিব বিচৰা মানৱ বৰকাকতি আকৌ পুঁজি কেলেংকাৰীত অভিযুক্ত ৰামচৰণ ভৰালীৰ সোঁহাতস্বৰূপ।

ভৰালীৰ হৈ দীৰ্ঘদিন ধৰি কাম-কাজ কৰি থকাৰ উপৰি ইউ জি চিৰ পুঁজি মোকলোৱাৰ বাবে ভৰালী অধ্যক্ষ হৈ থাকোতে কেইবামাহ ধৰি দিল্লীত বাহৰ পাতি থকাৰ অভিযোগ ৰাইজৰ মুখত সততে শুনিবলৈ পোৱা যায়। এনে এজন লোকক অধ্যক্ষৰ আসনত বহুৱাই বিত্তীয় কেলেংকাৰী সকলো তথ্য প্ৰমাণ নষ্ট কৰিবলৈ চৰকাৰে সুবিধাহে কৰি দিলে যিটো সপোনটি বৰঠাকুৰৰ দিনত কৰিব বিচৰা হৈছিল। ছাত্ৰ সন্থা আৰু ৰাইজৰ প্ৰৱল প্ৰতিবাদত সেয়া ব্যৰ্থ হ’ল।

ছাত্ৰ সমাজৰ ধাৰাবাহিক শ্ৰেণী বৰ্জনৰ উপৰি উচ্চ শিক্ষা সঞ্চালকালয়ৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছিল। আজিৰ মুখ্যমন্ত্ৰীয়েই সেই সময়ৰ শিক্ষামন্ত্ৰী।

ডিমৰীয়া মহাবিদ্যালয়ক লৈ অসম চৰকাৰৰ এনে ল’ৰা-ধেমালিক ছাত্ৰ সন্থাই কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এনে অগণতান্ত্ৰিক সিদ্ধান্ত বাতিল নকৰিবলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলি সকিয়াই দিছে ডিমৰীয়া আছুৱে।

আনহাতে ৰামচৰণ ভৰালীয়ে নিজকে নিৰ্দোষী সজাবলৈ সংবাদমেল পাতি বিভিন্ন প্ৰসংগ অৱতাৰণা কৰি আহিছে। তেখেতে কোৱাৰ দৰে তেখেতৰ সময়ৰ সকলো পুঁজিৰ হিচাপ সঠিকভাৱে প্ৰদান কৰিছে তেনেহ’লে ইউ জি চিয়ে কিয় বাৰে বাৰে পত্ৰ প্ৰেৰণ কৰি মহাবিদ্যালয়খনত অধ্যয়ন কৰি থকা দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীক অনিশ্চিত ভৱিষ্যতৰ দিশে ঠেলি দিছে সেয়া ৰাইজৰ মাজত উত্থাপিত এক কোটিটকীয়া প্ৰশ্ন।

ভৰালীৰ কথা যদি সত্য তেনেহ’লে ইউ জি চিৰ বিষয়া আৰু অধ্যক্ষই এনে পত্ৰ মহাবিদ্যালয়লৈ প্ৰেৰণ কৰি হাৰাশাস্তি কৰাৰ বাবে মহাবিদ্যালয়খনৰ গৰিমা অক্ষুন্ন ৰখাৰ স্বাৰ্থত ইউ জি চিৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি সেয়া সংবাদমেলযোগে ৰাজহুৱা কৰিবলৈ আহ্বান জনোৱা হ’ল।

Also Read: অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাজ্যিক ভিত্তিত ৰচনা প্ৰতিযোগিতা

ALL ASSAM STUDENT UNION dimoria college