সোৱণশিৰী ৰাজহ চক্ৰত ভূমি আবন্টন কেলেংকাৰী!

সোৱণশিৰী ৰাজহ চক্ৰত ভূমি আবন্টন কেলেংকাৰী!

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰবৰ্তিত খিলঞ্জীয়া  ভূমিহীনক ভূমি পট্টা দিয়া এক গুৰুত্বপূৰ্ণ আঁচনিৰ নামত ভয়ংকৰ দুৰ্নীতি অনিয়ম সংঘটিত হৈছে ঢকুৱাখনা মহকুমাত। উত্থাপিত অভিযোগ মতে মহকুমাটোৰ সোৱণশিৰী ৰাজহ চক্ৰত সংঘটিত হৈছে এই পৰ্বতসম ভূমি কেলেংকাৰী । চক্ৰটোৰ ৰাজহ চক্ৰ বিষয়া আৰু একাংশ দুৰ্নীতি পৰায়ন লাট মণ্ডলৰ দুৰ্নীতি পুষ্ট নীতিৰ বাবে চৰকাৰী আঁচনিৰ নীতি নিৰ্দেশনা পদপিষ্ট কৰি ভয়ংকৰ দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ ব্যাপক ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। উত্থাপিত ৰাজহুৱা অভিযোগ মতে ৰাজহ চক্ৰটোৰ একাংশ ধনবন্ত ,প্ৰভাৱশালী ৰাজনীতিকৰ পৰা চৰকাৰী চাকৰিজীৱী  বৃহৎ পৰিমাণৰ ম্যাদী মাটি বাৰী থকা ব্যক্তিক ভূমিহীন দেখুৱাই বক্র পথেৰে ভূমি আবন্টন দিয়াৰ এক নিকৃষ্ট চক্ৰান্ত চলিল সোৱণশিৰী ৰাজহ চক্ৰত । সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ পৰা লাট মণ্ডল পৰ্যন্ত এক বৃহৎ অৰ্থলোভী চক্ৰ জড়িত থকা বুলি উত্থাপিত অভিযোগ সম্বলিত এই ভূমি কেলেংকাৰীয়ে এতিয়া তোলপাৰ লগাইছে ঘিলামৰাত । অভিযোগ উত্থাপিত হৈছে ৰাজহ চক্ৰ বিষয়া গৰাকীযে ঘিলামৰাৰ শাসক দলৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ চাকৰিজীৱী অগাধ ভূ সম্পত্তিৰ গৰাকীক ভূমিহীন সজাই চৰকাৰী মাটি আবন্টন দিয়াৰ ।

সংগৃহীত তথ্য মতে এছ ডি এল এছ লৈ প্ৰেৰিত ঘিলামৰাৰ মুঠ ১০০ গৰাকী  ভূমিহীন পৰিয়ালৰ নাম তালিকাত যি সকলৰ নাম অন্তৰ্ভূক্তি হৈছে ইয়াৰে গৰিষ্ঠ সংখ্যক ব্যক্তি অগাধ ভূ সম্পত্তিৰ গৰাকী। তাৰোপৰি এনেবোৰ ব্যক্তিৰ নিকট আত্মীয় স্বজনৰ নামত চক্ৰটোত পৰ্বতসম ভূ সম্পত্তি আছে। এই ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া পৰিমানতকৈ অধিক ভূমি আছে এনেবোৰ হিতাধিকাৰীৰ। অতি তাৎপৰ্যপূৰ্ণ বিষয় হ'ল ৰাজহ চক্ৰটোৰ এচাম অৰ্থলোভী লাট মণ্ডলৰ অবৈধ ধনৰ লেনদেন আৰু চক্ৰ বিষয়ৰ ৰহস্যজনক মৌনতাৰ বাবেই  এনেবোৰ অজস্ৰ ভূ সম্পত্তিৰ গৰাকী , চৰকাৰী চাকৰি যুক্ত ,বৃহৎ বৃহৎ অট্টালিকাৰ মালিক নিশাটোৰ ভিতৰতে হৈ পৰিল ভূমিহীন নিঃস্ব পৰিয়াললৈ।  একাংশ প্ৰকৃত ভূমিহীনক বঞ্চিত কৰি চৰকাৰী ভূমিলৈ লুলুপ দৃষ্টি দি ধনবল আৰু চক্ৰটোৰ প্ৰশাসনিক বলৰ জৰিয়তে চৰকাৰী মাটিৰ আবন্টন পাবলৈ সক্ষম হোৱা এনেবোৰ তথাকথিত ভূমিহীন পৰিয়ালৰ এনে সৰ্বগ্ৰাসী চৰিত্ৰ পোহৰলৈ অহাত ঘিলামৰাৰ ৰাইজ সংগঠন স্তম্ভিত ।

ঘিলামৰাৰ শাসক দলৰ এগৰাকী প্ৰভাৱশালী নেত্ৰীৰ স্বামীৰ পৃষ্ঠপোষকতাত একাংশৰ সমগ্ৰ চৰকাৰী ভূমি কুক্ষীগত কৰাৰ এই যি নিকৃষ্ট দুষ্কাৰ্য তাত ক্ষুব্ধ ঘিলামৰাৰ সচেতন ৰাইজ আৰু সংগঠন ।  চৰকাৰী ভূমি আবন্টনৰ নাম তালিকাত এনেবোৰ তথাকথিত  স্বয়ম্ভূ ভূমিহাৰাৰ নাম অন্তৰ্ভুক্ত হোৱাটো পোহৰলৈ অহাত বিষয়টো সহজভাৱে লব পৰা নাই ঘিলামৰাবাসীয়ে ।কেৱল দুৰ্নীতি গ্ৰস্ত ৰাজহ চক্ৰ বিষয়া ,লাট মণ্ডলৰ ছত্ৰছাঁয়াত সম্ভৱ হোৱা এনে অনৈতিক আবন্টন প্ৰক্ৰিয়াৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থা । সন্থাৰ সভাপতি মানস জ্যোতি গগৈ ,সম্পাদক প্ৰিয়ব্ৰত বৰগোঁহাইযে এই ক্ৰুটিপূৰ্ণ আৰু অবৈধ ভূমি আবন্টন প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰি ঢকুৱাখনা উপ জিলাৰ উপ আয়ুক্ত কাৰ্ত্তিক কলিতা ,লখিমপুৰ জিলাৰ জিলা আয়ুক্ত গিতালি দেৱীক লিখিত অভিযোগ দাখিল কৰি এই  তালিকা বাতিলৰ দাবী জনাইছে।

তাৰোপৰি এই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে ছাত্ৰ সংগঠনটোৱে ।  ইয়াৰোপৰি খিলঞ্জীয়া ভূমিহীনক ভূমি পট্টা দিয়াৰ নামত ৰাজহ চক্ৰটোত বৃহৎ ধনৰ বিপৰীতে সংঘটিত বৃহৎ ভূমি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰা হৈছে। এই সন্দৰ্ভত নিৰপেক্ষ তদন্ত হলে উত্থাপিত অভিযোগৰ প্ৰকৃত সত্যতা পোহৰলৈ আহিব । লগতে চক্ৰটোৰ এক অৰ্থলোভী দায়িত্বশীল পক্ষ ৰঙাঘৰৰ আলহী হোৱাতো নিশ্চিত হব। অৱশ্যে বিভাগীয় সূত্ৰই এনে অভিযোগৰ সত্যতা অস্বীকাৰ কৰিছে।

ইপিনে ঘিলামৰাবাসীৰ মুখে মুখে চৰ্চিত আৰু ধিকৃত এই চৰকাৰী ভূমি কুক্ষীগত কৰা নিকৃষ্ট প্ৰক্ৰিয়াক লৈ এক দালাল চক্ৰই অৰ্থ সংগ্ৰহ অভিযান চলোৱাৰো গুৰুতৰ অভিযোগ উঠিছে।  এনে একাংশ অবৈধ ভূমি আবন্টন প্ৰাপকৰ পৰা এই সন্দৰ্ভত কোনো অভিযোগ চৰকাৰ পক্ষক উত্থাপন নকৰাৰ আশ্বাসেৰে অৰ্থ সংগ্ৰহ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।  সংবাদ মাধ্যমকো মেনেজ কৰিবলৈ কোন সংগঠনৰ অৰ্থলোভী নেতৃত্বই কোন ভূমি আবন্টন প্ৰাপকৰ পৰা কিমান অৰ্থ সংগ্ৰহ কৰিছিল তাক অচিৰেই  ফাদিল কৰা হব । অতি গুৰুত্বপূৰ্ণ কথা হল এনে স্পৰ্শকাতৰ বিষয় আৰু অনিয়ম সন্দৰ্ভত ঘিলামৰাৰ বহু সদা সক্ৰিয় সংস্থা, সংগঠন ৰহস্যজনক আৰু দৃষ্টিকটু ভাবে নিমাত আৰু নিস্তব্ধ হোৱাটোৱেও বিশেষ চর্চা লাভ কৰিছে।

সোৱণশিৰী ৰাজহ চক্ৰত ভূমি আবন্টন কেলেংকাৰী!
যাক সহায় কৰিছিল সেইজনেই আমেৰিকাত হত্য়া কৰিলে ভাৰতীয় ছাত্ৰক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in