লখিমপুৰত তৃণমূল কংগ্ৰেছৰ লোকসভা নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা

লখিমপুৰত তৃণমূল কংগ্ৰেছৰ লোকসভা নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সমাগত লোকসভাৰ সাধাৰণ নিৰ্বাচন। শাসক বিৰোধী সকলো ৰাজনৈতিক দলে  ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰি দিছে। লক্ষ্য কেৱল শাসনৰ গাদী কুক্ষীগত কৰা। লখিমপুৰ লোকসভা সমষ্টিতো এনে ৰাজনৈতিক  তৎপৰতা ইতিমধ্যে আৰম্ভ হৈছে ।

কি শাসক কি বিৰোধী উভয় ৰাজনৈতিক দলসমূহে ৰাইজৰ কাষ চাপি সন্মোহিত কৰাৰ  ৰাজনীতিত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ অন্যতম বিৰোধী ৰাজনৈতিক  শক্তি তৃণমূল কংগ্ৰেছ দলেও  লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰি সবল সাংগঠনিক ভেঁটি গঢ়ি নিৰ্বাচনী কুচ কাৱাজত নামি পৰিছে ।

দলটোৱে ৰাজ্যিক কোষাধ্যক্ষ ঘন কান্ত চুতীয়া (বাবা)ক লখিমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। ইতিমধ্যে লখিমপুৰ লোকসভা সমষ্টিটোৰ লখিমপুৰ ,ধেমাজি , জোনাই, চিচিবৰগাঁও আদি বিধানসভা সমষ্টিত তৃণমূল কংগ্ৰেছ দলে ব্যাপক হাৰত কৰ্মী  সভা আৰু ভোটকেন্দ্ৰ পৰ্যায়ৰ সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে ।

এনেবোৰ সাংগঠনিক সভাত বিভিন্ন বিৰোধী দলৰ ব্যক্তিয়ে তৃণমূল কংগ্ৰেছৰ মতাদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত স্বেচ্ছাই যোগদান কৰা দেখা গৈছে। দলটোৰ ৰাজ্যিক সমিতিৰ কোষাধ্যক্ষ তথা দলৰ সাংসদ প্ৰাৰ্থী ঘন কান্ত চুতীয়াৰ উপস্থিতিত লখিমপুৰ আৰু  ধেমাজি জিলা দুখনত অনুষ্ঠিত দলীয় সভা সমূহত নাগৰিকৰ উৎসাহপূৰ্ণ উপস্থিতিৰ মাজতে বুধবাৰে ঢকুৱাখনাত উপস্থিত হয় প্ৰাৰ্থীগৰাকী।

সহস্ৰাধিক দলীয় কৰ্মীৰ এক বিশাল বাইক আৰু গাড়ীৰ ৰেলীৰে গোগামুখৰ পৰা প্ৰথমে শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত উপস্থিত হয়। দলীয় কৰ্মকর্তাৰ সহযোগিতাৰে শ্ৰী শ্ৰী বাসুদেৱ থানত ধূপ বন্তি জ্বলাই প্ৰাৰ্থীগৰাকীয়ে শৰাই আগবঢ়াই।

শ্ৰী শ্ৰী বাসুদেৱ থানত আর্শীষ গ্ৰহণ কৰি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীযে কয় এই যুঁজ জাতি ভেঁটি ধৰ্ম ভাষা ৰক্ষাৰ যুঁজ । অসম আৰু অসমীয়াৰ অস্তিত্ব সুৰক্ষাৰ যুঁজ। অন্যায় অনীতিৰ বিৰুদ্ধে মূল্যবোধৰ ৰাজনীতিৰ যুঁজ । শাসনৰ নামত শোষণ কৰি অহা শাসক গোষ্ঠীৰ বিৰুদ্ধে যুঁজ। প্ৰতিশ্ৰুতিৰ নামত কৰা প্ৰতাৰণাৰ বিৰুদ্ধে গণতান্ত্ৰিক যুঁজ। শাসক আৰু বিৰোধীৰ প্ৰাৰ্থীত্ব প্ৰত্যাহ্বান এইবাৰ নহয় বুলি কৈ অপশাসন ,অহংকাৰ, স্বেচ্ছাছাৰীতাত অতিষ্ঠ নাগৰিকে এইবাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক নিশ্চিতভাৱে ভোটদান কৰিব বুলি জানিবলৈ দিলে ।

লখিমপুৰত তৃণমূল কংগ্ৰেছৰ লোকসভা নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা
কয়লা খনিত বিস্ফোৰণঃ ৮০০ ফুট গভীৰত আৱদ্ধ ১২ শ্ৰমিকৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in