কয়লা খনিত বিস্ফোৰণঃ ৮০০ ফুট গভীৰত আৱদ্ধ ১২ শ্ৰমিকৰ মৃত্যু...

পাকিস্তানত সংঘটিত হোৱা ঘটনাত শোক
কয়লা খনিত বিস্ফোৰণঃ ৮০০ ফুট গভীৰত আৱদ্ধ ১২ শ্ৰমিকৰ মৃত্যু...
কয়লা খনিত বিস্ফোৰণঃ ৮০০ ফুট গভীৰত আৱদ্ধ ১২ শ্ৰমিকৰ মৃত্যু...

ডিজিটেল ডেস্কঃ কয়লাখনি খহি পৰাৰ ফলত পাকিস্তানত ১২ জনকৈ শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ এক ঘটনা সংঘটিত হৈছে। দক্ষিণ পাকিস্তানৰ খোস্ত অঞ্চলত অৱস্থিত এই কয়লা খনি ব্যক্তিগত মালিকানাধীন। জানিব পৰা মতে খনিৰ পৰা হঠাৎ গেছ নিৰ্গমণ হয় আৰু তাৰ পাছতেই বিস্ফোৰণ হৈ এই খনি খহি পৰে। ফলত ভূপৃষ্ঠৰ ৮০০ ফুট তলত আৱদ্ধ হৈ পৰে খনিটোত কৰ্মৰত শ্ৰমিকসকল।

বেলুচিস্তানৰ মুখ্য পৰিদৰ্শক আব্দুল গনি বালোচে জনোৱা অনুসৰি এই পৰ্যন্ত ১২ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই দুৰ্ঘটনা মঙলবাৰে নিশা সংঘটিত হৈছে। নিশা ঘটনা সংঘটিত হোৱাৰ পিছতে দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত আজি পুৱা উদ্ধাৰ অভিযান পুনৰ আৰম্ভ হয়। এই অভিযানতে বাকী ১০ টা মৃতদেহ উদ্ধাৰ কৰা হয়। তেওঁ জনোৱা মতে খনিৰ পৰা মিথেন গেছ নিৰ্গত হোৱাৰ বাবেই এই ঘটনা সংঘটিত হয়।

ইফালে পাক প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে এক বিবৃতি জাৰি কৰি এই দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ অভিযান চলোৱা আঠজন সহকৰ্মীও খনিৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল। পিছত তেওঁলোকক অৱশ্যে উদ্ধাৰ কৰা হয়।

মন কৰিবলগীয়া যে ২০১৮ চনৰ মে' মাহতো অঞ্চলটোত এনে এক দুৰ্ঘটনা সংঘটিত হৈছিল। সেই দুৰ্ঘটনাত ২৩ জন লোকৰ মৃত্যু হৈছিল। আহত হৈছিল এঘাৰজন লোক। সেইবাৰো মিথেন গেছ নিৰ্গমনৰ ফলতে এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছিল।

কয়লা খনিত বিস্ফোৰণঃ ৮০০ ফুট গভীৰত আৱদ্ধ ১২ শ্ৰমিকৰ মৃত্যু...
কঠীয়াতলীত বিহু নৃত্যৰ কৰ্মশালা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in