লক্ষীমপুৰত জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ একাদশ অধিৱেশন...

লক্ষীমপুৰত জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ একাদশ অধিৱেশন...

ডিজিটেল সংবাদ, লক্ষীমপুৰ : দেওবাৰে অনুষ্ঠিত হয় লক্ষীমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ একাদশ অধিৱেশন। এই অধিৱেশনৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে । লক্ষীমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ভূপেন দলেৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাষণ প্ৰসংগত বৰঠাকুৰে কয় যে, চৰকাৰে জ্যেষ্ঠ নাগৰিকৰ বাবে ইতিমধ্যে প্ৰদান কৰা বিষয়বোৰৰ ক্ষেত্ৰত নিয়মভিত্তিক প্ৰাপ্তি লাভৰ ক্ষেত্ৰত প্ৰতি জিলাৰ নেতৃত্বই সচেতনাৰে কাম কৰিব লাগিব।

লগতে বৃদ্ধ পেন্সন ২৫০ টকা মাহত এজন জ্যেষ্ঠ নাগৰিকে পোৱাৰ ক্ষেত্ৰত ৰাজ্যিক সন্মিলনৰ পৰা কমেও ২০০০টকা পোৱাৰ আহ্বান জনোৱা হৈছে যদিও আজিকোপতি নোহোৱাত উদ্বিগ্নতা প্ৰকাশ কৰে। তেনেকৈ ৰেলভাড়া কমেও ৫০ শতাংশ ৰেহাই পোৱাৰ ক্ষেত্ৰত একাংশ বিধায়ক, সাংসদক লগ ধৰি চৰকাৰী উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰাৰ বাবে জনোৱা হৈছে। সভাত মুখ্য অতিথি হিচাপে যোগদান কৰি লক্ষীমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানব ডেকাই জ্যেষ্ঠ নাগৰিকৰ প্ৰতি তেওঁ সদায় সহানুভূতিশীল বুলি কয় লগতে জিলা জ্যেষ্ঠ নাগৰিকৰ বাবে এটি গৃহনিৰ্মাণৰ ব্যৱস্থা কৰিব বুলিও মত প্ৰকাশ কৰে।

সভাত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰচাৰ আৰু জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মনে বিশিষ্ট অতিথি হিচাপে বক্তব্য ৰাখি পৃথিৱীৰ বিভিন্ন দেশৰ জ্যেষ্ঠ সকলৰ জীৱনৰ ব্যাখ্যাৰে আমাৰ দেশতো জ্যেষ্ঠ নাগৰিক সকলে দেশ আৰু দহৰ বাবে কাম কৰাৰ আহ্বান জনায়। সভাত দন্দী তামুলি ফুকন(বুলূ) সম্পাদিত "আজীৱন সদস্যৰ জীৱন পঞ্জী" শীৰ্ষক গ্ৰন্থ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সভাপতি তীলেশ্বৰ বৰাই উন্মোচন কৰে ।

সভাত বিশিষ্ট অতিথি হিচাবে ৰাজ্যিকৰ ২ নং মন্দলৰ সভাপতি থানুৰাম শৰ্মা আৰু সম্পাদক ইন্দ্ৰেশ্বৰ শইকীয়াই ভাষণ ৰাখি সাংগঠনিক দিশৰ ওপৰত বক্তব্য ৰাখে। সভাত নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক প্ৰিয় নাথ বৰ্মনেও অংশ লয়।অধিৱেশনত লক্ষীমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক লোকেশ্বৰ গগৈয়ে আঁতধৰা অনুষ্ঠানত উনৈশ গৰাকী সত্তোৰ্ধ জ্যেষ্ঠ নাগৰিক ক্ৰমে বিশ্ব বৰুৱা, নৃপেন ফুকন, ফুলমা শইকীয়া, আৰতী গোহাঁই, ডা অমৰেন্দ্ৰ গগৈ, চন্দ্ৰশেখৰ দুৱৰা, ৰেজিয়া বেগম, সুৰেশ গগৈ, স্বপ্না চেতীয়া, ৰংমং শইকীয়া, সত্য ফুকন, দেবীকা দেবী শৰ্মা, শূলধৰ মুদৈ, পৰমান্দ্ৰ চেতীয়া, টংকেশ্বৰ শইকীয়া কমল দত্ত, লক্ষীৰাম লিগিৰা, লোকনাথ হাজৰিকা আৰু পবিন দত্তক মানপত্ৰ, চেলেং আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

অধিৱেশনত জ্যেষ্ঠ নাগৰিক নোমল চুতীয়াৰ ভূপেন্দ্ৰ সংগীত পৰিৱেশন আৰু প্ৰাক্তন সৈনিক জ্যেষ্ঠ নাগৰিক সত্য ফুকনৰ হাস্য-ব্যংগ অভিনয়ে সমবেত সদৌটিকে সন্তোষিত কৰে। সভাপতিৰ মন্তব্যত ভূপেন দলেৰ মন্তব্য ৰাখি সকলো জ্যেষ্ঠ নাগৰিকৰ দেশৰ প্ৰতি থকা দায়বদ্ধ তাৰ ব্যাখ্যা কৰি অধিবেশন সাফল্য মণ্ডিত কৰা বাবে সদৌটিলৈ শলাগৰ শৰাই আগবঢ়ায়।

লক্ষীমপুৰত জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ একাদশ অধিৱেশন...
ঢকুৱাখনা কেন্দ্ৰীয় টাউন ৰঙালী বিহুৰ প্ৰস্তুতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in