ঢকুৱাখনা কেন্দ্ৰীয় টাউন ৰঙালী বিহুৰ প্ৰস্তুতি...

ঢকুৱাখনা কেন্দ্ৰীয় টাউন ৰঙালী বিহুৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ, ঢকুৱাখনা : অসমীয়া জাতীয় কৃষ্টি ৰঙালী বিহুৰ আনুষ্ঠানিকতা আৰু পৰম্পৰা অক্ষুন্ন ৰাখি বিগত বৰ্ষবোৰৰ দৰে এই বছৰো ঢকুৱাখনা কেন্দ্ৰীয় টাউন ৰঙালী বিহু অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। অহা ৫ আৰু ৬ মে' (২১আৰু ২২ বহাগ)ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিতব্য একবিংশতিতম  টাউন ৰঙালী বিহুৰ উদযাপন সমিতিৰ সভাপতি দীপাঞ্জল গগৈ, সাধাৰণ সম্পাদক মন্টু গোঁহাইয়ে জনোৱা মতে, বৰ বিহুৱতী, সৰু বিহুৱতী, টকা বিহু, চেমনীয়া বিহুকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব।

প্ৰাইজমানি আৰু চলন্ত বঁটা বিশিষ্ট বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব বিচৰা প্ৰতিযোগী সকলে উদযাপন সমিতিৰ ৮০১১২৪৫০৪৪ আৰু ৯৩৬৫৬৫০২০৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদযাপন সমিতিয়ে। ঢকুৱাখনা ৰাজহুৱা খেলপথাৰ প্ৰাংগণত প্ৰায় ১০ লাখ বাজেটেৰে অনুষ্ঠিত হ'ব লগা ৰঙালী বিহুৰ অন্তিম দিনা কণ্ঠশিল্পী ৰাকেশ ৰিয়ান আৰু কৰবী কাশ্যপৰ সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দি বিহুপ্ৰেমী ৰাইজৰ সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।

ঢকুৱাখনা কেন্দ্ৰীয় টাউন ৰঙালী বিহুৰ প্ৰস্তুতি...
জামুগুৰিহাটৰ জয়সিদ্ধিৰ তিনি সন্তানৰ মাতৃ নিৰুদ্দেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in