লখিমপুৰ পথ দুৰ্ঘটনাত মৃত্যু পিতৃ-কন্যাৰ

লখিমপুৰ পথ দুৰ্ঘটনাত মৃত্যু পিতৃ-কন্যাৰ

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰৰ বাইপাচত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। বুধবাৰে নিৰ্মীয়মান আই এছ বি টিৰ সমীপতে সংঘটিত হয় দুৰ্ঘটনাটো।

দুখন গাড়ীৰ মুখোমুখি সংঘর্ষৰ ফলত থিতাতে নিহত হয় পিতৃ-কন্যা। লগতে আহত হয় আন ছজন লোক। মৃত যুৱতীগৰাকীৰ নাম জাৰেং আৰং।

দুৰ্ঘটনাত পতিত গাড়ী দুখনৰ এখন হ'ল এএছ ২৩ এ বি ৩৭০৭ নম্বৰৰ চুজুকী আৰু আনখন এন এল ০১ পি ৮২৮৪ নম্বৰৰ ইনভা গাড়ী।

দুয়োখন গাড়ীৰ মুখামুখি সংঘর্ষত ইনভা খন পথৰ ওপৰতে লুটি খাই পৰে। আনখন গাড়ীয়ে পথৰ দাতিৰ দেৱালত খুন্দিয়াই চুৰমাৰ হৈ পৰে।

ঘটনাৰ পাছতে স্থানীয়লোকে আহত সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

লখিমপুৰ পথ দুৰ্ঘটনাত মৃত্যু পিতৃ-কন্যাৰ
১২ বছৰীয়া কিশোৰীক বিয়া পাতি গ্ৰেপ্তাৰ জাকিৰ হুচেইন, উদ্ধাৰ এটি শিশুও

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in