আৰক্ষী অধীক্ষক মুনিন্দ্ৰ দেউৰীক বিদায় সম্বৰ্ধনা লখিমপুৰ আৰক্ষীৰ

আৰক্ষী অধীক্ষক মুনিন্দ্ৰ দেউৰীক বিদায় সম্বৰ্ধনা লখিমপুৰ আৰক্ষীৰ

ডিজিটেল সংবাদ,ঢকুৱাখনা : অসম আৰক্ষী সেৱাৰ এগৰাকী সুদক্ষ আৰক্ষী বিষয়া ,লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) মুনিন্দ্ৰ নাথ দেউৰীক ৰাজ্য চৰকাৰে আৰক্ষী অধীক্ষক হিচাপে পদোন্নতিসহ বদলি কৰিছে। লখিমপুৰ জিলা আৰক্ষীক জনমুখী আৰু জনহিতৈষী কৰি তোলাত বৰেণ্য সেৱা আগবঢ়াই যোৱা দেউৰীক বৃহস্পতিবাৰে লখিমপুৰ জিলা আৰক্ষী বিভাগে আনুষ্ঠানিকভাৱে পদোন্নতি আৰু বদলিৰ সম্বৰ্ধনা জনায় ।

আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজন,অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) লৱ কুমাৰ ডেকা , অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) জয়ন্ত বৰুৱা , উপ আৰক্ষী অধীক্ষক(মুখ্য কাৰ্যালয়) দেবেন বৰা , উপ আৰক্ষী অধীক্ষক( সীমান্ত) সিদ্ধেশ্বৰ সোণোৱাল,ঢকুৱাখনা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সৌমেন্দ্য শুক্লবৈদ্য আদি সভাত উপস্থিত থাকে। আৰক্ষী অতিথিশালাত সন্ধিয়া অনুষ্ঠিত সম্বৰ্ধনা সভাৰ আঁত ধৰে অতিৰিক্ত আৰক্ষী অধীক্ষক লব কুমাৰ ডেকাই।

জিলাখনৰ বিভিন্ন থানা ,আৰক্ষী চকীৰ সকলো ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে চক্ৰ পৰিদৰ্শক সকল উপস্থিত থকা সম্বৰ্ধনা সভাত বিদায়ী আৰক্ষী অধীক্ষক দেউৰীৰ কৰ্মপটুতা, সুনিপুন কৰ্ম পদ্ধতিৰ শলাগ লৈ বহু কেইগৰাকী আৰক্ষী বিষয়াই বক্তব্য আগবঢ়ায় । আৰক্ষী অধীক্ষক নটৰাজনেও দেউৰীৰ কৰ্তব্যনিষ্ঠাৰ প্ৰশংসা কৰি পদোন্নতিসহ নতুন কৰ্মথলীলৈ আন্তৰিক অভিনন্দন জনাই বক্তব্য ৰাখে ।

আৰক্ষীৰ গীতে মাতে জীপাল হৈ পৰা অতিথিশালাৰ বাঙ্ময় পৰিবেশত বিদায়ী আৰক্ষী অধীক্ষক দেউৰীয়েও চমু অভিজ্ঞতালব্ধ বক্তব্য আগবঢ়াই চৰকাৰী সেৱা সততা আৰু নিষ্ঠাৰে পালন কৰাত জিলা আৰক্ষীৰ প্ৰতিগৰাকী বিষয়াই আগবঢ়াই যোৱা সহযোগিতাৰ শলাগ লয় । বিদায়ী আৰক্ষী অধীক্ষক দেউৰীক জিলা আৰক্ষী বিভাগৰ তৰফৰ পৰা ফুলাম গামোচা, সঁফুৰা  ফুলৰ তোৰা আৰু বিভিন্ন উপহাৰ প্ৰদান কৰি উষ্ণ আদৰণি জনাই সুস্বাস্থ্য আৰু সফল কৰ্মজীৱনৰ আন্তৰিকতাৰে কামনা কৰে ।

আৰক্ষী অধীক্ষক মুনিন্দ্ৰ দেউৰীক বিদায় সম্বৰ্ধনা লখিমপুৰ আৰক্ষীৰ
মণিপুৰত কে চি পিৰ ৩ জন সদস্যক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in