হঠাৎ মথাউৰি ছিঙি বাৰিষাৰ প্ৰথমটো বানত ডুবিল লখিমপুৰৰ কেইবাটাও অঞ্চল...

লখিমপুৰত চিঙিল শিঙৰা নৈৰ মথাউৰি। হঠাৎ মথাউৰি ছিঙি বাৰিষাৰ প্ৰথমটো বানত ডুবিল লখিমপুৰৰ কেইবাটাও অঞ্চল

author-image
Asomiya Pratidin
New Update
হঠাৎ মথাউৰি ছিঙি বাৰিষাৰ প্ৰথমটো বানত ডুবিল লখিমপুৰৰ কেইবাটাও অঞ্চল...

ডিজিটেল ডেস্ক : লখিমপুৰত ছিঙিল শিঙৰা নৈৰ মথাউৰি। হঠাৎ মথাউৰি ছিঙাৰ ফলত বাৰিষাৰ প্ৰথমটো বানৰ কবলত লখিমপুৰৰ কেইবাটাও অঞ্চল। বিশেষকৈ দ'লহাটৰ শলমৰীয়াত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।

Advertisment

মথাউৰি ছিঙা মুহূৰ্তৰ ভিতৰতে ডুবালে বহু লোকৰ ঘৰ-দুৱাৰ। ৰাজপথৰ ওপৰেদিও বাগৰিছে পানী। ঘৰ-দুৱাৰ এৰি ওখ স্থানলৈ ঢাপলি মেলিছে বন্যাৰ্তসকল। ইপিনে হঠাৎ সৃষ্টি হোৱা এনে পৰিস্থিতিৰ বাবে চৰকাৰৰ জলসম্পদ বিভাগক দোষী কৰিছে স্থানীয় ৰাইজে। বিভাগীয় কৰ্তৃপক্ষৰ কামৰ গাফিলতিৰ বাবে এই পৰিস্থিতি সৃষ্টি হোৱাৰ কথা ব্যক্ত বন্যাৰ্তসকলৰ।

Also Read: ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্যৰ ধজ্জা উৰুৱালে লাহোৱালৰ খেলুৱৈয়ে...

GOVT OF ASSAM