/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/43e3af39-a427-43e9-ac4c-e1b03bbc89da/Lahuwal.jpg)
ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্যৰ ধজ্জা উৰুৱাবলৈ সক্ষম হ'ল লাহোৱালৰ ভাস্বতী গগৈয়ে। সৰ্বভাৰতীয় পৰ্যায়ৰ শক্তি উত্তোলন প্ৰতিযোগিতাত লাহোৱালৰ ভাস্বতী গগৈয়ে ৰেৰ্কড গঢ়িবলৈ সক্ষম হয়। ঝাৰখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় চাবজুনিয়ৰ আৰু জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত স্কোয়াটত ৰাষ্ট্ৰীয় অভিলেখ গঢ়াৰ লগতে সোণৰ পদক লাভ ভাস্বতী গগৈৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9498db91-4593-4a64-b898-01354e94975d/677efbd6_4060_4b6f_9ad1_6b2df6840d5b.jpg)
নিজে খ্যাতি অৰ্জন কৰাৰ লগতে অঞ্চললৈও গৌৰৱ কঢ়িয়াই আনিলে ভাস্বতীয়ে। ২০২৩ বৰ্ষৰ ঝাৰখণ্ডত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ শক্তি উত্তোলন প্ৰতিযোগিতাত লাহোৱালৰ ভাস্বতী গগৈয়ে ৬৯ কেজি শাখাত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ccb74082-617c-44c0-a9ee-84ea782fe823/00fe6bac_7218_4997_956b_add5c9ff01db.jpg)
উল্লেখ্য যে, ভাস্বতীয়ে এই প্ৰতিযোগিতাত ১৫৫ কেজি উত্তোলন কৰি আগন্তুক ৰোমেমিয়াত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত খেলিবলৈ নিৰ্বাচিত হৈছে। কিন্তু লক্ষণীয় যে অসমৰ ক্রীড়া ক্ষেত্ৰলৈ সফলতা কঢ়িয়াই অনা খেলুৱৈগৰাকীয়ে বৰ্তমানে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহাৰ্য পোৱা নাই। সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰ তথা শুভাকাংক্ষীৰ পৰা সহায় সহযোগিতা বিচাৰিছে খেলুৱৈ গৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/794cf766-5d3f-4371-b178-850df29e8083/1241e4dd_2514_4833_9df2_f77007c9ed1b.jpg)
Also Read: সুখবৰ: পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জীৱনৰ আধাৰত আহি আছে তথ্যচিত্ৰ...