দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে; ৯৩.৩৩ শতাংশ নম্বৰৰে উজলিল হিমাংশু বৰুৱা...

দৰঙৰ কমাৰগাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ হিমাংশু বৰুৱা সোমবাৰে ঘোষণা কৰা উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উজ্বলি উঠিছে

author-image
Asomiya Pratidin
New Update
দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে; ৯৩.৩৩ শতাংশ নম্বৰৰে উজলিল হিমাংশু বৰুৱা...

ডিজিটেল সংবাদ,‌ মঙলদৈ : দৰঙৰ কমাৰগাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ হিমাংশু বৰুৱা সোমবাৰে ঘোষণা কৰা উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উজ্বলি উঠিছে। হিমাংশুয়ে নগাঁও আঞ্চলিক হাই স্কুলৰ পৰা আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰাৰ লগতে ঐচ্ছিক গণিত বিষয়ত ১০০ নম্বৰ সহ মুঠ ৯৩.৩৩% নম্বৰ পাবলৈ সক্ষম হৈছে।

Advertisment

দৰিদ্ৰ কৃষক পৰিয়ালৰ ছাত্ৰ হিমাংশুৰ এই সফলতাত এতিয়া আনন্দিত অঞ্চলবাসী। পুত্ৰৰ এনে সাফল্যত স্বাভাৱিকতেই পিতৃ-মাতৃও আনন্দিত হৈ পৰিছে।

একাগ্ৰতা আৰু ইচ্ছাশক্তি থাকিলে চৰকাৰী খণ্ডৰ বিদ্যালয়ত পঢ়িও ভাল ফলাফল লাভ কৰিব পাৰি বুলি মত প্ৰকাশ কৰিলে হিমাংশুৱে। ভৱিষ্যতে এগৰাকী সুনাগৰিক হোৱাৰ সপোন পুহি ৰখা ছাত্ৰ গৰাকীৰ ভৱিষ্যতে চিকিৎসক হোৱাৰো আশা আছে বুলি ব্যক্ত কৰে ।

জিলাখনৰ খটৰা সত্ৰৰ দাঁতি-কাষৰীয়া কমাৰগাঁৱৰ প্ৰমোদ বৰুৱা আৰু দুলুমনি বৰুৱাৰ পুত্ৰ হিমাংশুৰ সাফল্যত অঞ্চলবাসীয়ে হিমাংশুৰ উজ্জ্বল ভৱিষ্যতে কামনা কৰিছে।

Also Read: শিৱসাগৰৰ বকতাত পথৰ দাঁতিত উদ্ধাৰ অ' এন জি চি বেটেলিয়ন জোৱানৰ মৃতদেহ...

results hslc MANGALADAI