মানৱ অধিকাৰ খৰ্ব নোহোৱাকৈ উচ্ছেদ চলোৱাৰ সপক্ষে এদল আৰক্ষী

মানৱ অধিকাৰ খৰ্ব নোহোৱাকৈ উচ্ছেদ চলোৱাৰ সপক্ষে এদল আৰক্ষী

ডিজিটেল সংবাদ, লখিমপুৰ ঃ শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত যি উচ্ছেদ অভিযান চলাইছে তাক লৈ সৰৱ হৈ আছে বিভিন্ন দল সংগঠন । চৰকাৰৰ বিৰোধী দল সমূহে উচ্ছেদৰ যোগেদি চৰকাৰে মানৱ অধিকাৰ উলংঘন কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ আনহাতে বলপূৰ্বক উচ্ছেদৰ বিৰুদ্ধে ৰাষ্ট্ৰ সংঘইয়ো নীতি নিৰ্দেশনা জাৰি কৰিছে । তাৰ মাজতে অসমত চৰকাৰী ভূমি দখল মুক্ত কৰিবলৈ চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে ৷

যি সময়ত গৰুখুটি ,বটদ্ৰৱা , কাজিৰঙা ,কঠিয়াতলি ,শিলসাকো আদি অঞ্চলত চৰকাৰৰ উচ্ছেদ অভিযানক লৈ বিৰোধীয়ে বিতৰ্কৰ সুচনা কৰি মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ তুলিছে সেই সময়তে লখিমপুৰত এদল আৰক্ষীয়ে উচ্ছেদ অভিযানত মানৱ অধিকাৰ উলংঘন নকৰাৰ পোষকতা কৰিছে ৷ লখিমপুৰৰ আৰক্ষী দলটোৰ মতে মানৱ অধিকাৰ উলংঘন নকৰাকৈ উচ্ছেদ অভিযান চলাব পাৰি ৷ এয়া হ’ল লখিমপুৰ আৰক্ষীৰ এক ব্যতিক্ৰমী পদক্ষেপ ৷

লখিমপুৰ জিলা আৰক্ষীৰ উদ্যোগত মঙলবাৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত “ সদনৰ মতে মানৱ অধিকাৰ উলংঘন নকৰাকৈ উচ্ছেদ অভিযান চলাব পাৰি ৷” এই বিষয়ত এক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ য’ত জিলাখনৰ ১৭ গৰাকী আৰক্ষী বিষয়া আৰু কনিষ্টবলে সপক্ষে বিপক্ষে যুক্তি দাঙি ধৰে প্ৰতিযোগী হিচাবে ৷ লখিমপুৰ জ্যেষ্ঠ অধিবক্তা মিনাক্ষী গোহাঞি বৰুৱাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা জিলা আৰক্ষীৰ তৰ্ক প্ৰতিযোগিতা খনিত বিচাৰক হিচাবে জ্যেষ্ঠ চৰকাৰী অধিবক্তা মাধৱ গগৈ ,অধ্যাপক কুলদ্বীপ নাৰায়ণ দত্ত আৰু সাংবাদিক বুবুল হাজৰিকা উপস্থিত থাকে ৷

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ লোহিত হাজৰিকাই উদ্বোধন কৰা আৰু অধ্যাপক চাজাদ হুছেইনে ব্যৱস্থাপনা কৰা তৰ্ক প্ৰতিযোগিতাখনত জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ৷ এঘাৰ গৰাকী আৰক্ষীয়ে বিষয়টোৰ সপক্ষে আৰু ৬ গৰাকীয়ে বিষয়টোৰ বিপক্ষে সৱল ভাৱে তথ্য সহকাৰে যুক্তি আগবঢ়ায়  ৷ অৱশেষত বিষয়টোৰ সপক্ষে সদনে প্ৰস্তাৱ গ্ৰহণ কৰে ৷

ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ সময়তে লখিমপুৰ আৰক্ষীৰ দ্বাৰা আয়োজিত এই তৰ্ক প্ৰতিযোগিতা খনিয়ে বিশেষ প্ৰাসংগিকতা বহন কৰিছে ৷ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি সপক্ষে যুক্তি আগবঢ়াই গৰিষ্ঠ সংখ্যক প্ৰতিযোগীয়ে উচ্ছেদিতৰ মৌলিক অধিকাৰ খৰ্ব নোহোৱাকৈ মানৱ অধিকাৰক গুৰুত্ব দি আশ্ৰয় ,সংস্হাপন ,খাদ্য ,খোৱা পানী আৰু চিকিৎসাৰ ব্যৱস্হা কৰি উচ্ছেদ চলোৱাৰ পোষকতা কৰে ৷ সদৌ শেষত অংশগ্ৰহণ কাৰী প্ৰতিযোগী আৰু বিজয়ী প্ৰতিযোগী সকলক অতিৰিক্ত আৰক্ষী অধিক্ষক মুনীন্দ্ৰ নাথ দেউৰীয়ে ধন্যবাদ জনায় ৷

মানৱ অধিকাৰ খৰ্ব নোহোৱাকৈ উচ্ছেদ চলোৱাৰ সপক্ষে এদল আৰক্ষী
ট্ৰাকে মহটিয়াই নিলে স্কুটী আৰোহীক, থিতাতে নিহত এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in