উৎকট গৰমঃ লখিমপুৰ জিলাৰ শিক্ষানুষ্ঠানৰ সময়সূচী সলনি

উৎকট গৰমঃ লখিমপুৰ জিলাৰ শিক্ষানুষ্ঠানৰ সময়সূচী সলনি

author-image
Asomiya Pratidin
New Update
উৎকট গৰমঃ লখিমপুৰ জিলাৰ শিক্ষানুষ্ঠানৰ সময়সূচী সলনি

ডিজিটেল সংবাদ, ঢকুৱাখনা : গৰমৰ বাবে লখিমপুৰ জিলাৰ শিক্ষানুষ্ঠানৰ সময়সূচী সলনি। সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো বিগত সময়চোৱাত পাৰাস্তম্ভ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে সৃষ্টি হোৱা প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ দৈনিক পাঠদানৰ সময়সূচী সলনি কৰিছে।

Advertisment

জিলাখনৰ শিক্ষাৰ্থীসকলৰ স্বাস্থ্য সুৰক্ষাৰ দিশলৈ লক্ষ্য ৰাখি জিলা প্রশাসনৰ তৰফৰ পৰা দেওবাৰে জাৰি কৰা নতুন সময় সূচী অনুসৰি সকলোবোৰ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান আৰম্ভ হ'ব পুৱা ৭-৩০ বজাত আৰু শেষ হব দুপৰীয়া ১২-৪৫ বজাত ।

তেনেদৰে  উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান আৰম্ভ হ'ব পুৱা ৭-৩০ বজাত আৰু শেষ হ'ব বিয়লি ১-১৫ বজাত। জিলাখনৰ  উপায়ুক্তই স্বাক্ষৰিত ডি ই ভি/ ১৯৩/২০২২-ডি ই ভি বি-এল কে পি আৰ নম্বৰৰ এক জাননীযোগে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা দেওবাৰে জাৰি কৰা হৈছে আৰু পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত এই নিৰ্দেশ বাহাল থাকিব বুলি নিৰ্দেশনাটোত প্ৰকাশ।

জিলা প্ৰশাসনৰ তৰফৰ পৰা এই সন্দৰ্ভত সকলো সংশ্লিষ্ট বিভাগ আৰু মহকুমা প্ৰশাসনলৈ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে বুলি জনায় ।

Also Read: গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনঃ ৪ গুৰুত্বপূৰ্ণ পদত অসমীয়া প্ৰতিদিন-প্ৰতিদিন টাইমৰ প্ৰাৰ্থীৰ জয়লাভ

school