/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/36c05179-8b82-453e-a88c-d63986e3da60/ghy_university.jpg)
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই শুকুৰবাৰে জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বানপানী সন্দৰ্ভত এখন বিশেষ পৰ্যালোচনা বৈঠকত অংশ লয় । বিগত বৰ্ষত জলসম্পদ মন্ত্ৰীগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয় ভ্ৰমণ কৰি কৃত্ৰিম বানপানীৰ বুজ লোৱাৰ লগতে জলসম্পদ বিভাগক জিলা প্ৰশাসনৰ সহযোগত এই সমস্যা সমাধানৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা হাতত ল'বলৈ নিৰ্দেশ দিছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/0fa4c21a-adc4-4a88-9052-0602a21e65b5/fb03fbde_b117_4185_8cc5_870367c10336.jpg)
ইতিমধ্যে বিভাগৰ ফালৰ পৰাও এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । মন্ত্ৰী হাজৰিকাই এইবাৰ বাৰিষা আৰম্ভ হোৱাৰ প্ৰাকক্ষণত আজি বিভাগীয় অভিযন্তা আৰু জিলা প্ৰশাসনৰ বিষয়াৰে বিশ্ববিদ্যালয়খনৰ কৃত্ৰিম বান প্ৰতিৰোধ কৰা সম্পৰ্কত পৰ্যালোচনা কৰে । মন্ত্ৰী হাজৰীকাই এই বিষয়ে ফোনযোগে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ সৈতেও বাৰ্তালাপ কৰে । বৈঠকত মন্ত্ৰী হাজৰিকাই বিভাগীয় অভিযন্তাক এতিয়াৰে পৰা সম্পূৰ্ণ সষ্টম হৈ থাকি বিশ্ববিদ্যালয় চৌহদ কৃত্ৰিম বানমুক্ত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা হাতত ল'বলৈ নিৰ্দেশনা প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/510a210e-d1c8-4b0e-88ab-96d381124bc7/e52cbf92_8edd_4bc2_90a0_015a22d0a671.jpg)
আজিৰ বৈঠকতে মন্ত্ৰীগৰাকীয়ে মুখ্য অভিযন্তাৰ পৰা ৰাজ্যখনৰ মথাউৰি আৰু খহনীয়াৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে বুজ লয় । আনহাতে পানীখাইতী, ডিব্ৰুগড় আৰু গোৱালপাৰা চহৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে বিভাগীয় প্ৰয়াস কৰি থকা হৈছে যদিও স্থায়ী সমাধান সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আই আই টি গুৱাহাটীৰ দৰে প্ৰতিষ্ঠানক গৱেষণাৰ বাবে দায়িত্ব দিয়াৰ পোষকতা কৰে । লগতে এই বিষয়ে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ মুখ্য অভিযন্তাক তেওঁ নিৰ্দেশ দিয়ে ।
Also Read: নগাঁৱৰ শিক্ষানুষ্ঠানৰ সফলতাৰ শুভেচ্ছা জ্ঞাপন স্বাস্থ্যমন্ত্ৰীৰ...