/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/cc498e66-5e77-40fa-9223-b84045948470/aasu_protest_11.jpg)
নিছিদ্ৰ নিৰাপত্তাৰ মাজতো ঢকুৱাখনাত জ্বলিল "কা"ৰ প্ৰতিলিপি...
ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজপথ, ৰাজহুৱা স্থান সকলোতে ৰজাঘৰীয়া নিৰাপত্তা বাহিনীৰ শেন চকু। সোমবাৰে পুৱাৰ পৰাই ঢকুৱাখনা মহকুমাৰ সৰ্বত্ৰতে নিছিদ্ৰ নিৰাপত্তাৰক্ষীৰ সতৰ্ক দৃষ্টি। লক্ষ্য কোনোৱে যাতে কা বিৰোধী গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে।
সশস্ত্ৰ অসম আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ এনে কঠোৰ পহৰাকো কেৰেপ নকৰি জাতি ধ্বংসী, জাতীয় অস্তিত্ব বিলুপ্তকাৰী "কা"ৰ বিৰুদ্ধে সবল গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত হ'ল ঢকুৱাখনা মহকুমাত। সোমবাৰে সন্ধিয়া এই মাৰাত্মক আইন বলবৎ হোৱাৰ অধিসূচনা জাৰিৰ পাছতে উত্তাল প্ৰতিবাদ সাব্যস্ত হয় মহকুমাটোৰ বিভিন্ন স্থানত।
ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত সোনাৰী চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সোমবাৰে সন্ধিয়া সোনাৰী চাপৰি সদৰত আঞ্চলিক ছাত্ৰ সন্থাৰ গৰিষ্ঠ সংখ্যক ছাত্ৰ কৰ্মীয়ে বিতৰ্কিত "কা"ৰ প্ৰতিলিপি দাহ কৰে। "কা" আমি নামানো, জাতি ধ্বংসী কা বাতিল কৰিবই লাগিব, জাতি দ্ৰোহী বিজেপি মুর্দাবাদ, নৰেন্দ্ৰ মোদী অমিত শ্বাহ হুচিয়াৰ, আদি শ্লোগান দি ৰাজপথ উত্তাল কৰি বিতৰ্কিত আইনখনৰ প্ৰতিলিপি দাহ কৰে।
পৰৱৰ্তী সময়ত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু অগ্নি নিৰ্বাপিত কৰে। তদ্ৰুপ ভাবে ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগটো সোমবাৰে সন্ধিয়া অসম আৰু অসমীয়াৰ জাতীয় অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ 'কা'ৰ প্ৰতিলিপি ৰাজহুৱা ভাবে দাহ কৰে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই। হাতে হাতে আছুৰ পতাকা লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি গেৰুৱা দলটোৰ এনে ৰাজনৈতিক অভীষ্ট সিদ্ধি যুক্ত জনবিৰোধী আইনৰ সবল প্ৰতিবাদ সাব্যস্ত কৰে।
লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ তথ্য সম্পাদক গিৰিন্দ্ৰ শইকীয়া, ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানসজোতি গগৈ, সম্পাদক প্ৰিয়ব্ৰত বুঢ়াগোহাঁইৰ নেতৃত্বত গৰিষ্ঠ সংখ্যক ছাত্ৰ কৰ্মীৰ উপস্থিতিত "কা' ৰ প্ৰতিলিপি দাহ কৰে শ্বহীদ ভৱনৰ সন্মুখৰ ৰাজপথত। বিজেপি মূর্দাবাদ, কা মানি নলও, মোডী শ্বাহ নিপাত যাওক আদি শ্লোগান দি ৰাজপথৰ ওপৰত সবল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ কৰ্মী সকলে।
তেনেদৰে সোৱণশিৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগটো বাসুদেৱ তিনিআলিত অসমীয়া জাতি দ্ৰোহী কা" ৰ প্ৰতিলিপি দাহ কৰা হয় ছাত্ৰ সন্থাৰ কেইবা গৰাকী কৰ্মকর্তাৰ উপস্থিতিত।
Also Read: বিজেপিৰ প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণাত ক্ষুদ্ধ টাইপাঃ শিৱসাগৰত টাইপাৰ প্ৰতিবাদ