দেশৰ দুই মল্লযুঁজাৰু বিনেশ ফ’গাট আৰু বজৰং পুনিয়াৰ কংগ্ৰেছত যোগদান

দেশৰ দুই মল্লযুঁজাৰু বিনেশ ফ’গাট আৰু বজৰং পুনিয়াৰ কংগ্ৰেছত যোগদান

author-image
Asomiya Pratidin
New Update
দেশৰ দুই মল্লযুঁজাৰু বিনেশ ফ’গাট আৰু বজৰং পুনিয়াৰ কংগ্ৰেছত যোগদান

ডিজিটেল ডেস্ক : হাৰিয়ানাৰ ৰাজনৈতিক দৃশ্যপট সলনি কৰি কংগ্ৰেছত যোগ দিলে দেশৰ দুই মল্লযুঁজাৰু বিনেশ ফ’গাট আৰু বজৰং পুনিয়াই। শুকুৰবাৰে আনুষ্ঠানিকভাৱে দুয়োগৰাকী মল্লযোদ্ধাই কংগ্ৰেছত যোগদান কৰে।

Advertisment

নতুন দিল্লীত অনুষ্ঠিত যোগদান সভাত বিনেশ আৰু বজৰং পুনিয়াই কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ কৰে। ইয়াৰ পাছতে দুয়োগৰাকীয়ে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক তেঁওৰ বাসগৃহত সাক্ষাৎ কৰে।

কংগ্ৰেছত যোগদান কৰি তেঁওলোকে কয়- যেতিয়া আমি ৰাজপথত আন্দোলন কৰিছিলো তেতিয়া আমাক প্ৰেৰণা যোগাইছিল কেৱল কংগ্ৰেছে। দেশৰ জনসাধাৰণে। আমাৰ বিপদৰ সময়ত সমৰ্থক ৰাজনৈতিক দল হিচাপে কংগ্ৰেছকে ওচৰত পাইছিলো।

আমাৰ বেদনা আৰু চকুলো বুজি পাইছিল কংগ্ৰেছ আৰু দেশৰ জনসাধাৰণে।মানুহৰ বেয়া সময়তহে মানুহক চিনিব পৰা যায়। কিয়নো এনে সময়ত কোনে কাৰ কাষত থিয় হৈ আছে তাক বিচাৰি উলিয়াব পৰা যায় বুলি মন্তব্য কৰে।

ইতিমধ্যে দুয়োগৰাকী খেলুৱৈৰ কংগ্ৰেছত যোগদানৰ কথা সামাজিক মাধ্যমত ৰাজহুৱা কৰিছে সভাপতি খাৰ্গে। এই সন্দৰ্ভত তেঁও প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় –‘চক দে ইণ্ডিয়া, চক দে হাৰিয়ানা ! বিশ্বত ভাৰতক গৌৰৱান্বিত কৰা আমাৰ প্ৰতিভাশালী চেম্পিয়ন বিনেশ ফ’গাট আৰু বজৰং পুনিয়াক লগ পাইছো।  আমি আপোনালোক দুয়োকে লৈ গৌৰৱান্বিত।‘

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে দুয়োগৰাকী মল্লযোদ্ধাই কংগ্ৰেছত যোগদান কৰাৰ আগেয়ে বুধবাৰে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল। তাৰ পাছতে কংগ্ৰেছত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল তেঁওলোকে।

Also Read: বাৰেগাঁৱত গণেশ চতুৰ্থীৰ আয়োজন

bajrang punia congress Vinesh Phogat mallikarjun kharge