ঢকুৱাখনাত কোচ ৰাজবংশী লোক নৃত্য, গীতৰ সাংস্কৃতিক কৰ্মশালা...

শনিবাৰে অন্ত পৰিব এই কৰ্মশালা

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত কোচ ৰাজবংশী লোক নৃত্য, গীতৰ সাংস্কৃতিক কৰ্মশালা...

ঢকুৱাখনাত কোচ ৰাজবংশী লোক নৃত্য, গীতৰ সাংস্কৃতিক কৰ্মশালা...

ডিজিটেল সংবাদ ঢকুৱাখনা: বৰ অসমৰ ভেঁটিলৈ মেটমৰা সাংস্কৃতিক বৈভৱ আগবঢ়াই আহিছে ৰাজ্যখনৰ খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশীসকলে। স্বজাতিৰ  এই নৃগোষ্ঠীয় বৰেণ্য সাংস্কৃতিক উপাদানসমূহক নৱ প্ৰজন্মৰ মাজত প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যেৰে ঢকুৱাখনাত অনুষ্ঠিত হৈছে সাংস্কৃতিক কৰ্মশালা।

Advertisment

সদৌ অসম কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উদ্যোগত ঢকুৱাখনা জিলা কোচ ৰাজবংশী সন্মিলনীৰ সৌজন্যত ৭ দিনীয়াকৈ অনুষ্ঠিত হৈছে এই কৰ্মশালা। ঢকুৱাখনা জিলা সন্মিলনীৰ উদ্যোগত মৰনৈ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত এই সাংস্কৃতিক কৰ্মশালা অনুষ্ঠিত হৈছে।

ভঁৰালভেটি শাখা সমিতিৰ সহযোগত অনুষ্ঠিত এই স্বগোষ্ঠীয় লোক গীত নৃত্যৰ পৰম্পৰাগত কৰ্মশালাত প্ৰশিক্ষক হিচাবে বৰেণ্য সহযোগিতা আগবঢ়াইছে লোক সংস্কৃতিৰ সাধক দিলীপ ৰায়ে। মুখ্য প্ৰশিক্ষক হিচাবে আৰু সহযোগী প্ৰশিক্ষক হিচাবে ক্ৰমে ৰশ্মি দাস,নিৰেশ ৰায়, দয়াৰাম বৰ্মন আৰু মলিন ৰায় উপস্থিত থাকি সপ্তাহ জোৰা প্ৰশিক্ষন প্ৰদান কৰে।

ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত ডেৰ শতাধিক যুৱ প্ৰজন্মই ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ লোক নৃত্য গীত ক্ৰমে কুশান, গোৱালনী, সুদুম আৰু কাটিকাৰ প্ৰশিক্ষাৰ্থী হিচাবে অংশ গ্ৰহণ কৰি কোচ ৰাজবংশীসকলৰ এই লোক গীত নৃত্যৰ প্ৰণালীবদ্ধ চর্চা আয়ত্ত কৰি উপকৃত হয়।

ঢকুৱাখনা জিলা সন্মিলনীৰ সভাপতি দীনেশ কোচ, সম্পাদক নৰোত্তম কোচ, প্ৰচাৰ সম্পাদক নিতুল কোচকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক বিষয়ববীয়া উপস্থিত থকা কৰ্মশালাখনৰ শনিবাৰে বৰ্ণিল পৰিসমাপ্তি ঘটিব।

Also Read: ৰঙিয়াৰ মূৰাৰাত বেংক অৱ বৰোডাৰ নতুন শাখা মুকলি...

কোচ ৰাজবংশী ঢকুৱাখনা