/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/eb75e0fa-99f6-407f-be85-c1257fedbd26/RONGIA 19.jpg)
ৰঙিয়াৰ মূৰাৰাত বেংক অৱ বৰোডাৰ নতুন শাখা মুকলি...
ডিজিটেল সংবাদ ৰঙিয়া: দেশৰ অন্যতম আগশাৰীৰ ৰাষ্ট্ৰীয়কৃত বেংক প্ৰতিষ্ঠান বেংক অৱ বৰোদাৰ এটা শাখা ৰঙিয়াবাসী ৰাইজৰ বিত্তীয় লেনদেনৰ সুবিধাৰ্থে ৰঙিয়া চহৰৰ মাজত মজিয়াৰ চোছাইটি চ'কত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিধায়ক ভৱেশ কলিতাই। এই বেংক শাখাৰ জৰিয়তে ৰঙিয়া সমষ্টিবাসী ৰাইজৰ বিত্তীয় লেনদেনত যথেষ্ট সুবিধা হ'ব বুলি আশা প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/23388b81-53cc-4892-be51-46c1f7220cbe/97e85644-fb05-44b4-bc33-09a84fc685ec.jpg)
এইক্ষেত্ৰত বেংক কৰ্তৃপক্ষ আৰু গ্ৰাহক ৰাইজৰ মাজত এক সুসম্পৰ্ক গঢ়ি উঠাটো বাঞ্ছনীয় বুলি বিধায়ক ভৱেশ কলিতাই উল্লেখ কৰে। অনুষ্ঠানত বেংক অৱ বৰোডাৰ কেইবাগৰাকীও বিষয়াৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e49197dc-fbb2-48d2-b2bd-9a0b13b37a64/7eea959b-4853-4194-81a7-4561681d6392.jpg)