মৰাণ, ডিগবৈ, দেৰগাওঁ, কলিয়াবৰ, বৰঝাৰত দুৰ্ঘটনাঃ কেইবাজনো লোক নিহত...

দেৰগাঁৱত বাগৰিল নৈশ বাছ, কলিয়াবৰ ট্ৰাকৰ খুন্দা গছত, মৰাণত তিনিখন বাহনৰ সংঘৰ্ষ
মৰাণ, ডিগবৈ, দেৰগাওঁ, কলিয়াবৰ, বৰঝাৰত  দুৰ্ঘটনাঃ কেইবাজনো লোক নিহত...
মৰাণ, ডিগবৈ, দেৰগাওঁ, কলিয়াবৰ, বৰঝাৰত দুৰ্ঘটনাঃ কেইবাজনো লোক নিহত...

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে নিশাৰ পৰা বুধবাৰৰ পুৱালৈকে উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে বহু কেইজন লোকে প্ৰাণ হেৰুৱালে। ডিব্ৰুগড় জিলাৰ মৰাণত একে দিশৰ পৰা আহি থকা তিনিখনকৈ বাহন দুৰ্ঘটনাত পতিত হৈ এজন লোক নিহত হৈছে।

জানিব পৰা মতে দুখন ট্ৰাক আৰু এখন টাটা ইণ্ট্ৰ বাহনৰ মাজত সংঘৰ্ষ হয়। ইয়াৰে ট্ৰাক দুখনৰ নম্বৰ AS 25CC 6902 আৰু AS 01 LC 2908। টাটা ইণ্ট্ৰ বাহনখনৰ নম্বৰ AS 04 BC 7783। এই দুৰ্ঘটনাত থিতাতে নিহত হয় টাটা ইণ্ট্ৰ বাহনৰ হেণ্ডিমেনজন। এই পৰ্যন্ত চিনাক্ত হোৱা নাই নিহত হেণ্ডিমেনজনৰ পৰিচয়। ইফালে নিহত হেণ্ডিমেনজনৰ পকেটৰ পৰা ড্ৰাগছৰ কণ্টেইনাৰ উদ্ধাৰ হোৱা বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সেইদৰে গোলাঘাটৰ দেৰগাঁৱৰ কাষৰ ৰঙামাটিত দুৰ্ঘটনাত পতিত হৈছে এখন নৈশ বাছ। এই বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ পথাৰত বাগৰি পৰে বাছখন। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে কেইবাগৰাকীও যাত্ৰী।

দুৰ্ঘটনাত পাছতে ততাতৈয়াকৈ আহত যাত্ৰীসকলক যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে, গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ আছিল এই বাছখন। বাছখনৰ নম্বৰ AS 01 KC 5227। বাছখনৰ নাম 'ব্ৰহ্মপুত্ৰ'।

মধ্য অসমৰ কলিয়াবৰতো সংঘটিত হৈছে আন এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক। কলিয়াবৰৰ বৰুৱা চুকত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ কাৰণ এখন মিনি ট্ৰাকৰ অনিয়ন্ত্ৰণ। জানিব পৰা মতে মিনি ট্ৰাকখনে নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় এজন লোক। আনহাতে গুৰুতৰভাৱে আহত হয় আন ৬গৰাকী লোক। দুৰ্ঘটনাত নিহত লোকজন চামগুৰিৰ কাছখাটিৰ মুক্সিদুল ইছলাম। দুৰ্ঘটনাগ্ৰস্ত বাহনখন গৌৰীসাগৰৰ বজাৰত পাচলি বিক্রী কৰি উভতি আহিছিল।

সেইদৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ সমীপৰ বঙৰাতো সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। ইয়াত শিক্ষাৰ্থীভৰ্তি স্কুল বাছ আৰু বাইকৰ মাজত হয় সংঘৰ্ষ। এই দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহীজন। এই পৰ্যন্ত চিনাক্ত হোৱা নাই নিহত লোকজন। দুৰ্ঘটনাগ্ৰস্ত স্কুলবাছখন দিল্লী পাব্লিক স্কুলৰ AS 01 PC 1675 নম্বৰৰ। দুৰ্ঘটনাৰ সময়ত বাছখনত আছিল ৩২ গৰাকী শিক্ষাৰ্থী। ইফালে দুৰ্ঘটনাগ্ৰস্ত য়ামাহা এম টি বাইকখনৰ নম্বৰ AS-01-FL-8710।

তিনিচুকীয়াৰ ডিগবৈৰ ASTC বাছ আস্থানৰ সমীপতো সংঘটিত হৈছে এক দুৰ্ঘটনা। ইয়াত এখন দ্রুতবেগী ডাম্পাৰে মহটিয়াই নিলে এজন লোকক। থিতাতে নিহত হোৱা লোকজন ৩নং বৰবিলৰ বুলি জানিব পৰা গৈছে যদিও তেওঁৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই।

মৰাণ, ডিগবৈ, দেৰগাওঁ, কলিয়াবৰ, বৰঝাৰত  দুৰ্ঘটনাঃ কেইবাজনো লোক নিহত...
অসম-ভাৰতত জোন দেখা খবৰ পোৱা নগ'লঃ ১১ এপ্ৰিলত ঈদল-ফিতৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in