ভাৰতীয় সাৰ সংস্থাৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত ড° শিৱ প্ৰসাদ মহান্তি...

"২০২৫ চনৰ ভিতৰত ভাৰত ইউৰিয়াত আত্মনিৰ্ভৰশীল হ’ব"- ড০ শিৱ প্ৰসাদ মহান্তি।
ভাৰতীয় সাৰ সংস্থাৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত ড° শিৱ প্ৰসাদ মহান্তি...

ডিজিটেল সংবাদ, নামৰূপ : নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড (বিভিএফচিএল)ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক আৰু হিন্দুস্তান উৰ্বাৰক আৰু ৰসায়ন লিমিটেড (এইচ ইউ আৰ এফ)ৰ পৰিচালন সঞ্চালক ডঃ শিৱ প্ৰসাদ মহান্তি দ্বিতীয় বাৰৰ বাবে পূব ভাৰতৰ ভাৰতীয় সাৰ সংস্থাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈ এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে।

উল্লেখযোগ্য যে, সাৰ উদ্যোগৰ অংশীদাৰসকলক একত্ৰিত কৰিবলৈ ১৯৫৫ চনত স্থাপিত হোৱা এক অলাভজনক সংস্থা হ'ল ভাৰতীয় সাৰ সংস্থা (FAI)। ইয়াৰ মূল উদ্দেশ্য হৈছে কাৰ্যকৰী দক্ষতা উন্নত কৰা, উদ্যোগ আৰু কৃষি প্ৰত্যাহ্বানৰ সমাধান বিচাৰি উলিওৱা, সাৰৰ সুষম আৰু কাৰ্যক্ষম ব্যৱহাৰক প্ৰসাৰ কৰা, উচ্চমানৰ উদ্ভিদ খাদ্যৰ ব্যৱহাৰক উৎসাহিত কৰা আৰু সুস্থ কৃষি পদ্ধতিৰ ওপৰত পৰ্যালোচনাৰে কৃষকক লাভান্বিত কৰা।

ভাৰতীয় সাৰ উদ্যোগ সমূহৰ বিভিন্ন ক্ষমতা, প্ৰযুক্তি আৰু বিভিন্নবয়সৰ উদ্ভিদক সামৰি সৃষ্টি হোৱা জটিলতাক সমাধান কৰাত এফ এ আইয়ে সদস্যসকলক সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সক্ৰিয়, সহযোগী, বহিঃৰাজ্যৰ সহযোগী, কাৰিকৰী আৰু পেছাদাৰী সদস্যকে ধৰি প্ৰায় ৬১১ জন সদস্যৰ সৈতে এফ এ আইয়ে প্ৰয়োজনীয় সহায় আৰু উদ্যোগসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰে।

এই ক্ষেত্ৰত ড০ মহান্তিৰ বিস্তৃত অভিজ্ঞতা আৰু বিশেষজ্ঞতাই পূব ভাৰতৰ সাৰ উদ্যোগসমূহৰ উৎপাদনশীলতা আৰু বহনক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে নীতি আৰু পদক্ষেপ গঢ় দিয়াত সহায়ক হ'ব বুলি মত পোষণ কৰিছে বিশেষজ্ঞ সকলে। উল্লেখৰ প্ৰয়োজন যে, মৃত্যু মুখী নামৰূপ সাৰ কাৰখানাৰ ২০২১ চনৰ অক্টোবৰ মাহত দায়িত্ব লৈ ড০ মহান্তিয়ে বিভিএফচিএলত উৎপাদিত সাৰ আৰু সংশ্লিষ্ট সামগ্ৰীৰ উৎপাদন ক্ষমতা বৃদ্ধি আৰু ব্যৱসায়িক টাৰ্ণঅভাৰ বৃদ্ধিৰ ক্ষেত্ৰত লেখত ল'বলগীয়া অভিলেখ স্থাপন কৰিলে। পিছৰ পৰ্যায়ত, এইচ ইউ আৰ এলৰ পৰিচালন সঞ্চালক পদত অধিষ্ঠিত হৈ ড০ মহান্তিয়ে এইচ ইউ আৰ এলৰ তিনিটা উদ্যোগ ক্ৰমে গোৰকপুৰ, সিন্দ্ৰি এণ্ড বৰাউনীৰ কাৰ্যক্ষমতা চোৱাচিতা কৰিছে।

জানিব পৰা মতে, পূব ভাৰতৰ বাবে এফ এ আইৰ অধ্যক্ষৰ দায়িত্ব লৈ ড০ মহান্তিয়ে এই অঞ্চলত এফ এ আইৰ প্ৰচেষ্টাৰে নেতৃত্ব আৰু সমন্বয়ৰ দায়িত্ব ল’ব। সাৰ উদ্যোগসমূহৰ উৎপাদনশীলতা আৰু বহনক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে নীতি আৰু পদক্ষেপ গঢ়ি তোলাৰ ক্ষেত্ৰত ড০ মহান্তিয়ে অভিজ্ঞতা আৰু বিশেষজ্ঞতাৰে যে অৱদান আগবঢ়াব ই নিশ্চিত।

মূলতঃ কৃষি সামগ্ৰী বিপণনৰ ক্ষেত্ৰত ৩২ বছৰতকৈও অধিক অভিজ্ঞতাৰে পুষ্ট ড০ মহান্তিয়ে উদ্যোগসমূহৰ উৎপাদন, বিপণন আৰু মূল্যায়নৰ ক্ষেত্ৰত মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰিছে। ১৯৮৯ চনৰ পৰা ২০১৫ চনলৈকে মুম্বাইৰ ৰাষ্ট্ৰীয় কেমিকেল এণ্ড ফাৰ্টিলাইজাৰ্ছ লিমিটেড (আৰ চি এফ)ত বিভিন্ন পদবীত কাম কৰি আহিছে তেওঁ। সেই সময়তে ড০ মহান্তিয়ে ১৯৯৫ চনত "বছৰৰ মাৰ্কেটিং মেন" বঁটা আৰু ২০১২ চনত আৰ চি এফত "শ্ৰেষ্ঠ কৰ্মচাৰী" বঁটাকে ধৰি কেইবাটাও সন্মানীয় বঁটা লাভ কৰে।

ড০ এছ.পি. মহান্তি পূব ভাৰতৰ বাবে এফ এ আইৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হোৱাটোৱে তেওঁৰ সাৰ উদ্যোগৰ বিশেষজ্ঞতা আৰু অভিজ্ঞতাক স্বীকৃতি দিছে। তেওঁৰ নেতৃত্বই পূব ভাৰতৰ সাৰ উদ্যোগ সমূহৰ বাবে নীতি গঠন, সহযোগিতা লাভ, উদ্ভাৱন, গৱেষণা আৰু উন্নয়নৰ বাবে এক সক্ষম পৰিৱেশ সৃষ্টি কৰাত সহায়ক হ’ব। দ্বিতীয়বাৰৰ বাবে এফ এ আই ৰ অধ্যক্ষৰ দায়িত্বভাৰ লোৱা ড০ মহান্তিক ভাৰতৰ তুলনাত বিদেশৰ পৰা আমদানিকৃত সাৰৰ দাম কম বা আন্তঃৰাষ্ট্ৰীয় বজাৰত সাৰৰ মূল্য কম হোৱাত ভাৰতৰ উৎপাদিত সাৰ প্ৰত্যাহ্বান সন্মুখীন হ'ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, "ই স্থায়ী কোনো পৰিঘটনা নহয়। ইয়াৰ বিপৰীতে ২০২৫ চনৰ ভিতৰত ভাৰত ইউৰিয়াত আত্মনিৰ্ভৰশীল হ’ব"।

ভাৰতীয় সাৰ সংস্থাৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত ড° শিৱ প্ৰসাদ মহান্তি...
এছ পি মেডাম আৰু পুত্ৰ-কন্যাক হেৰুওৱা দুই মাতৃৰ উচুপনি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in