ঢকুৱাখনাৰ সমাজপ্ৰাণ পুৰোধা সাংবাদিক জগদীশ গগৈৰ দেহাৱসান

ঢকুৱাখনাৰ সমাজপ্ৰাণ পুৰোধা সাংবাদিক জগদীশ গগৈৰ দেহাৱসান

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ অসমীয়া লোক সাহিত্য , লোক সংস্কৃতিৰ অন্যতম গৱেষক ,প্ৰবীণ শিক্ষাবিদ , ঢকুৱাখনাৰ সংবাদ জগতৰ অন্যতম মহীৰূহ স্বৰূপ জগদীশ গগৈৰ মৃত্যু হয় । শনিবাৰে দুপৰীয়া প্ৰায় ১২-৩৫ বজাত লোক সংস্কৃতি, সংবাদ ক্ষেত্ৰখন উকা কৰি ঢকুৱাখনাৰ স্বগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ সমাজপ্ৰাণ জগদীশ গগৈয়ে ।

বিগত কিছুদিনৰ পৰা শাৰীৰিক অসুস্থতাত ভোগী থকা প্ৰায় ৮৫ বছৰীয়া গগৈয়ে নিজা গৃহত চিকিৎসা গ্ৰহণ কৰি আহিছিল । শেহতীয়া ভাৱে পেটৰ বিষজনিত ৰোগত আক্ৰান্ত হৈ থকা প্ৰবীণ নাগৰিক গৰাকীক উন্নত চিকিৎসাৰ বাবে শনিবাৰে নিয়াৰ পৰিকল্পনা কৰি আত্মীয়ই প্ৰাথমিক ভাৱে ঘৰতে স্বাস্থ্য পৰীক্ষা কৰিবলৈ চিকিৎসক আনি স্বাস্থ্য পৰীক্ষা কৰি থকা অৱস্থাতে কথা পাতি থকা গগৈয়ে শেষ নিশ্বাস ত্যাগ কৰে।

বাৰ্ধক্যৰ হেঁচাতো হাৰ নমনা প্ৰচুৰ আত্মবিশ্বাসী , অদম্য মানসিক শক্তি সম্পন্ন গগৈৰ আকস্মিক বিয়োগত স্তম্ভিত পত্নী ইষ্ট কুটুম্বৰ লগতে শুভানুধ্যায়ী ৰাইজ। ঢকুৱাখনাৰ শিক্ষা ,সংস্কৃতি , ইতিহাসৰ লগতে ফাটবিহুৰ প্ৰধান স্তম্ভ স্বৰূপ , ঢকুৱাখনাৰ সমাজ জীৱনৰে নিবিড় ভাবে সম্পৃক্ত এইগৰাকী প্রকৃত শুভচিন্তক জগদীশ গগৈৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিছে প্ৰতিগৰাকী ঢকুৱাখানাবাসীক।

ঢকুৱাখনা বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ কৰা গগৈয়ে শিক্ষাগুৰুৰ পবিত্ৰ বৃত্তিৰ লগতে ঢকুৱাখনাৰ পৰা বিভিন্ন বাতৰি কাকতৰ জৰিয়তে ঢকুৱাখনাৰ অভাৱ সমস্যাৰ সন্দৰ্ভত নিৰবিছিন্ন হাৰত বাতৰি প্ৰকাশ কৰি সাংবাদিকতাৰ বৰ্ণময় ক্ষেত্ৰখন সমুজ্জল কৰি আহিছিল। এগৰাকী প্ৰবীণ লোক সংস্কৃতিৰ গৱেষক হিচাবে সৰ্ব পৰিচিত গগৈৰ গৱেষণালব্ধ সাংস্কৃতিক সমলৰ অধ্যয়ন কৰি বহু সংখ্যক গৱেষকে সন্মানীয় ডক্টৰেট ডিগ্ৰী অর্জন কৰিবলৈ সক্ষম হৈছে। ঢকুৱাখনাৰ ফাটবিহুৰ জনমুখীকৰণৰ অন্যতম প্ৰধান কাণ্ডাৰী স্বৰূপ গগৈয়ে স্বভাবসিদ্ধ লেখনিৰে শতিকা গৰকা এই লোক সংস্কৃতিৰ মহোৎসৱটোৰ ইতিহাস বৰ্ণিত কৰি গৈছে। এক অৰ্থত ঢকুৱাখনাৰ এগৰাকী নিঃস্বাৰ্থ অভিভাৱক স্বৰূপ গগৈৰ মৃত্যুৰ খবৰ পাই অগণন গুণমুগ্ধ, শুভাকাংক্ষীৰ আগমন ঘটে গগৈৰ বালিগাঁওস্থিত বাস গৃহলৈ।

পত্নী ৰুণু গোঁহাই গগৈ ,দুই পুত্ৰ আৰু অজস্ৰ ইষ্ট কুটুম্ব, গুণমুগ্ধক ইস সংসাৰত এৰি যোৱা গগৈৰ বিয়োগত বিশিষ্ট সাহিত্যিক ,গগৈৰ তিনি দশক জোৰা সান্নিধ্য প্ৰাপক ইছমাইল হুছেইনে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ স্বৰ্গসুখ প্ৰাপ্তি কামনা কৰে । লগতে শোকাহঁত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

তাৰোপৰি ঢকুৱাখনা ফাটবিহু সমিতি , ঢকুৱাখনা প্ৰেছ গিল্ডৰ সম্পাদক পুলক জ্যোতি বৰা, ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলন, ঢকুৱাখনা ব্যৱসায় সন্থা , ঢকুৱাখনা লেখিকা সমাৰোহ সমিতি , ঢকুৱাখনা এক্টিং একাডেমী, ঢকুৱাখনা নাট্য বিদ্যালয়, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য সঞ্জীৱ গগৈ, টাই কৃষ্টি বিকাশ ও গৱেষণা কেন্দ্ৰৰ সভাপতি জিতেন গগৈ, ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফুল্ল চুতীয়া , সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভানেত্রী পুষ্পা গগৈ, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈ , মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু ,অসম গণ পৰিষদৰ ঢকুৱাখনা বিধান পৰিষদৰ সাধাৰণ সম্পাদক সমুজ্জল চেতিয়া,আদি বিভিন্ন ব্যক্তি আৰু সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰিছে ।

ঢকুৱাখনাৰ সমাজপ্ৰাণ পুৰোধা সাংবাদিক জগদীশ গগৈৰ দেহাৱসান
লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ'ব CAA: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in