তীব্ৰ বেগেই হ'ল নেকি কাল ? নিমিষতে হেৰাই গ'ল ৭ জনকৈ যুৱক...

তীব্ৰ বেগেই হ'ল নেকি কাল ? নিমিষতে হেৰাই গ'ল ৭ জনকৈ যুৱক...

ডিজিটেল ডেস্ক : ইতিমধ্যেই গুৱাহাটী মহানগৰীৰ জালুকবাৰীত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পেলাই গৈছে । ৭ জনকৈ প্ৰচূৰ সম্ভাৱনাময় যুৱকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগীয়া ঘটনা নিশ্চয়কৈ এক দুৰ্ভাগ্য সকলোৰে বাবে । ৰাজ্যই থিতাতে হেৰুৱালে ৭ জনকৈ মানৱ সম্পদ । ইয়াৰ ওপৰিও ৬ জনকৈ ;লোক বৰ্তমান চিকিৎসাধীন । তাৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, নিশা প্ৰায় ১ বজাত পশ্চিম শাখাৰ আৰক্ষী উপ-আয়ুক্তৰ কাৰ্যালয়ৰ সমীপতেই সংঘটিত হৈছিল এই দুৰ্ঘটনা । তথ্য অনুসৰি, এ এচ ০১ এফ কে ৯৬০৫ নম্বৰৰ স্কৰপিঅ' বাহনখনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১০জন যুৱকে চানডুবিৰ পৰা উভতি আহি আছিল । তেনে সময়তেই বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে ডিভাইদাৰত খুন্দা মাৰে আৰু পৰৱৰ্তী সময়ত ডিভাইদাৰ পাৰ হৈ আনটো দিশত থকা এ এচ ০১ জি চি ৮৮২৯ নম্বৰৰ ব'লেৰ' পিক আপ ভানখনত খুন্দা মাৰে । এই দুৰ্ঘটনাৰ প্ৰাবল্য ইমানেই গুৰুতৰ আছিল যে, স্কৰপিঅ'খনত থকা ৭ জনকৈ যুৱক দুৰ্ঘটনাস্থলীতেই থিতাতে নিহত হৈছিল আৰু আন তিনিজনক পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । আনহাতে, স্ক'ৰপিঅ'খনে খুন্দা মৰা বলেৰ' পিকআাপ ভানখনত থকা চালক-হেন্দিমেনসহ ৩ জনকৈ লোকো চিকিৎসাধীন অৱস্থাত আছে ।

তথ্য অনুসৰি, স্ক'ৰপিঅ'খনত থকা আটাইকেইজন যুৱক অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল । ভাৰা কৰি অনা স্ক'ৰপিঅ'খনেৰে চানডুবিলৈ যোৱাৰ সন্দেহ আৰক্ষীৰ । কৌশিক বৰুৱাই চলাই থকা বাহনখনত আৰক্ষীয়ে সুৰাৰ বটলো উদ্ধাৰ কৰিছে পৰৱৰ্তী সময়ত । জানিব পৰা মতে, দলটোত দুজনকৈ যুৱক শেহতীয়াকৈ হৈ যোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ পৰাজিত প্ৰাৰ্থী আছিল ।

দুৰ্ঘটনাটিত নিহত দুৰ্ভগীয়া ছাত্ৰসকল হ'ল - গুৱাহাটীৰ সাতগাঁওৰ প্ৰগতি নগৰৰ অৰিন্দম ভাল্লাল, মাজুলীৰ কমলাবাৰীৰ ৰাজকিৰণ ভূঞা, গোলাঘাটৰ নুমলিগড়ৰ নিয়ৰ ডেকা, মঙলদৈৰ জ্যোতিনগৰৰ কৌশিক বৰুৱা, ডিব্ৰুগড়ৰ নিজ‍ামখাট্টাৰ ইমন গায়ন, চৰাইদেউৰ মাহমৰাৰ কৌশিক মোহন আৰু নগাওঁৰ উপাংশু শৰ্মা ।

আনহাতে, বৰ্তমান চিকিৎসাধীন অৱস্থাত থকা লোককেইজন হ'ল - যোৰহাটৰ মৌবান্ধাৰ অৰ্পন ভূঞা, বঙাইগাওঁৰ অভয়াপুৰীৰ অৰ্ণৱ চক্ৰৱৰ্তী, যোৰহাটৰ কেন্দুগুৰিৰ মৃণ্ময় বৰা, নলবাৰীৰ মুকালমুৱাৰ মোজাম্মিল হক, নলবাৰীৰ মুকালমুৱাৰ ইউচুফ আলি আৰু বৰপেটাৰ ৰাজীৱ আলি ।

আনহাতে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, ছাত্ৰাবাসৰ পৰা নিশা ১ বজাত শিক্ষাৰ্থী কিদৰে বাহিৰত থাকিব পাৰে ? কলেজ কৰ্তৃপক্ষৰ অনুমতি অবিহনে সম্ভৱ নে এই কাম ? যদি সম্ভৱ তেনেস্থলত ভৱিষ্যতলৈও এনে দুৰ্ঘটনা অথবা কোনো অঘটন সংঘটিত হ'লে শিক্ষাৰ্থীৰ জীৱনৰ দায়িত্ব কোনে ল'ব ? কিন্তু যদিহে হোষ্টেল অথবা কলেজ কৰ্তৃপক্ষক নিশা এইদৰে বাহিৰলৈ গ'লে জনোৱাতো বাধ্যতামূলক নহয় তেন্তে এই ব্যৱস্থা অনতিপলমে উপলব্ধ কৰোৱাৰ প্ৰয়োজন ।

ইয়াৰ ওপৰিও, গাড়ীখনত উদ্ধাৰ হোৱা সুৰাৰ বটলে স্কৰপিঅ'খনৰ চালক তথা আন শিক্ষাৰ্থীসকল সুৰামত্ত অৱস্থাত থকাটোকেই সূচায় নেকি ? যদিহে তেনে হয় তেন্তে এখন ৰাজ্যৰ অগ্ৰণী অভিযান্ত্ৰিক মহাবিদ্যালয় এখনৰ ১০ জনকৈ শিক্ষিত যুৱকে কিহৰ বাবে সুৰাপান কৰি এনেদৰে বিপদজনকভাৱে গাড়ী চলাব লগীয়া হৈছিল ? অৱশ্যে এইয়া কেৱল এক প্ৰাথমিক সন্দেহ হে । সুৰাৰ বটল উদ্ধাৰ হ'লেই চালক অথবা প্ৰতিজন শিক্ষাৰ্থীয়ে সুৰাপান কৰা নুবুজাই ।

তীব্ৰ বেগেই হ'ল নেকি কাল ? নিমিষতে হেৰাই গ'ল ৭ জনকৈ যুৱক...
মহানগৰীৰ জালুকবাৰীত শোকাৱহ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ৭ জনকৈ যুৱকে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in