/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/7d0dbdac-b9a8-4c30-812a-b2dc9a34ab15/gogamukh_7.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: এগৰাকী জনহিতৈষী মানবৰদী ব্যক্তি। বিগত প্ৰায় ৫টা বছৰ ধৰি দৰিদ্ৰ উপার্জনহীন ৰাইজৰ হকে নিঃস্বাৰ্থ জনসেৱা আগবঢ়াই আহিছে ব্যক্তিগৰাকীয়ে। নাই কোনো ৰাজনৈতিক অভিপ্সা কিম্বা নাই কোনো চৰকাৰী আঁচনিৰ আশীৰ্বাদ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/9e726eeb-378c-4adf-87c3-be45b08e7da0/b1db37be_04f7_43d9_8d9b_f39b015c36e4.jpg)
ৰজাঘৰীয়া অথবা প্ৰজাঘৰীয়া কোনোপক্ষৰ সহযোগিতা আৰু আৰ্থিক অনুদানৰ অবিহনে বিগত ৫টা বছৰে গাঁঠিৰ সঞ্চিত ধন ভাঙি দৰিদ্ৰ দুখীয়াৰ প্ৰতি জনসেৱা আগবঢ়াই আত্মতুষ্টি লভি অহা এইগৰাকী মহা মানৱতাবাদী ব্যক্তিৰ নাম হৈছে জনি পেগু। বাণিজ্যিক চহৰ গোগামুখৰ মিংমাং অঞ্চলৰ জেংৰাই গাঁওৰ বাসিন্দা এইগৰাকী আৰ্তজনৰ ত্ৰাণ কর্তা স্বৰূপ ব্যক্তিৰ নিজস্ব উদ্যোগত বিগত বছৰৰ দৰে চলিত বছৰটো গ্ৰাম্য দৰিদ্ৰ উপাৰ্জনহীন দুই শতাধিক ৰাইজৰ মাজত বিতৰণ কৰা হয় গৰম কাপোৰৰ টোপোলা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/c7d7f38a-2030-45e3-b6e3-e38eb1ff5f2d/723c2818_aa0d_4207_af93_7606c1883765.jpg)
এই উপলক্ষত দেওবাৰে উদাৰ মনৰ মহানুভৱী ব্যক্তি জনি পেগুৰ বাসগৃহত অনুষ্ঠিত কৰা হয় দৰিদ্ৰ,বিশেষভাবে সক্ষম ব্যক্তিলৈ গৰম কাপোৰ বিতৰণ অনুষ্ঠান। বৃহত্তৰ গোগামুখ, ঢকুৱাখনা, মাজুলী আদি ভৌগলিক এলেকাৰ প্ৰায় ২৫০ গৰাকী দৰিদ্ৰ ব্যক্তিক চিনাক্ত কৰি পেগুৱে দেওবাৰে এইসকল দুৰ্ভগীয়া ব্যক্তিক স্বগৃহলৈ আনি বিতৰণ কৰে গৰম কাপোৰ,কম্বল আদি ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f8d198a8-bd3a-4e79-ad81-6f37732159ca/43c0917e_e7d1_4cbb_beec_4c13dfc1cff9.jpg)
নিজৰ কস্তুপাৰ্জিত পুঁজি সঞ্চয় কৰি পেগু আৰু তেওঁৰ পৰিয়ালে প্ৰাৰম্ভিক ভাবে শীতৰ হাড় কঁপাই তোলা জাৰৰ পৰা সকাহ দিবলৈ ২৫০ গৰাকী ব্যক্তিক উন্নত মানদণ্ডৰ কম্বল বিতৰণ কৰে। বিগত ৫ বছৰীয়া এই পৰম্পৰা অক্ষুন্ন ৰাখি মানব দৰদী ব্যক্তিগৰাকীয়ে দেওবাৰে অনুষ্ঠিত কৰা কম্বল আৰু গৰম কাপোৰ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে গেৰুকামুখৰ নিৰ্মীয়মান নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সংস্থা "ছোমা" কোম্পানী সঞ্চালক ভি. ৰমেশ কুমাৰ আৰু সন্মানীয় অতিথি হিচাবে উপস্থিত থাকে কোম্পানীটোৰ জ্যেষ্ঠ উপ মুখ্য প্ৰৱন্ধক শ্ৰীকান্ত ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e3980b14-9b04-4a92-8cfa-62fa90f9e501/aea9dec1_6894_4099_850d_8a87b9be6f06.jpg)
আৰ্থিকভাৱে দুৰ্দশাগ্ৰস্ত দুই শতাধিক ব্যক্তিক প্ৰচণ্ড শীতৰ পৰা সাময়িক পৰিত্ৰাণ দিবলৈ গোগামুখৰ মিংমাং জেৰাই গাঁওস্থিত নিজা বাসগৃহতেই বিনামূলীয়াভাবে কম্বল বিতৰন কৰি আপ্লুত পেগু আৰু তেওঁৰ পৰিয়াল।দেওবাৰে অনুষ্ঠিত এই অনুষ্ঠানৰ ফিটা কাটি উদ্বোধন কৰে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সংস্থা "ছোমা" কোম্পানীৰ ভি. ৰমেশ কুমাৰ আৰু শ্ৰীকান্তয়ে ।
আৰ্থিক ভাৱে দুৰ্দশাগ্ৰস্ত দুই শতাধিক জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাবে সক্ষম ব্যক্তিৰ উপস্থিতিত জনি পেগুৰ বদান্যতাত ক্ৰয় কৰা গৰম কাপোৰৰ টোপোলাসমূহ অভ্যাগত অতিথিসকলৰ লগতে মহানুভৱী ব্যক্তি পেগুৰ জৰিয়তে বিতৰণ কৰা হয় । এই বিনামূলীয়া গৰম বস্ত্ৰ বিতৰণ অনুষ্ঠানৰ পূৰ্বে অভ্যাগত অতিথিসকলক মিচিং জনগোষ্ঠীৰ জাতীয় লোককৃষ্টি গুমৰাগ নৃত্যৰে আদৰি অনা হয় অনুষ্ঠানস্থলীলৈ।
নৃগোষ্ঠীয় ঢোল ,তাল গুমৰাগ নৃত্য, চ'মানৰ ছন্দোময়তাত বিধৌত জনি পেগুৰ বাসগৃহ চৌহদত অনুষ্ঠিত বিতৰণ অনুষ্ঠানত জনগোষ্ঠীয় বস্ত্ৰ সম্ভাৰেৰে অতিথিসকলক উষ্ণ অভিনন্দন জনাই পেগু আৰু তেওঁৰ পৰিয়ালে। নিজৰ ৫ বছৰীয়া এই মানৱ সেৱাৰ পৰম্পৰা অক্ষুন্ন ৰাখি মনত অনাবিল সুখ আৰু প্ৰশান্তি লাভ কৰে বুলি কৈ জনি পেগুৱে সমাজৰ দৰিদ্ৰ, বিশেষভাবে সক্ষম,উপাৰ্জনহীন ব্যক্তিসকলক পাৰ্যমানে আৰু শক্তি অনুসাৰে আদৰ, সহায়ৰ হাত আগবঢ়াবলৈ সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি আহ্বান জনায়।
ইপিনে এই অনুষ্ঠানৰ উদ্বোধক "ছোমা কোম্পানী"ৰ শীর্ষ বিষয়াদ্বয়ে আৰ্তজনক সহায় কৰা এয়া এক মহৎ কাম বুলি অভিহিত কৰি দৰিদ্ৰজনক সহায় কৰা এই প্ৰশংসনীয় কাম বাস্তৱতে ভগৱানক পূজা কৰাতকৈ বহু ওপৰৰ কাম বুলি মন্তৱ্য কৰে।
সাম্প্ৰতিক সময়ৰ অতি আধুনিকতাবাদী আত্মকেন্দ্ৰিক সমাজ ব্যৱস্থাৰ বিপৰীতে থিয় হৈ কোনো ধৰণৰ চৰকাৰী চাকৰি নথকাকৈ কিম্বা ৰজাঘৰীয়াৰ তিলমানো সহায় নোলোৱাকৈ কেৱল নিজস্ব আৰ্জিত ধনেৰে দৰিদ্ৰজনৰ কল্যানাৰ্থে গোগামুখৰ জনি পেগুৱে গ্ৰহণ কৰি অহা এনে মানৱতাবাদী পদক্ষেপ যথাৰ্থতেই শলাগনীয় আৰু অনুকৰণীয় হিচাবে বিবেচিত হৈছে।
Also Read: কাছাৰৰ মাণিকপুৰত ২০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ...