’বিক্ষিত ভাৰত সংকল্প যাত্ৰা’ : বি ভি এফ চিৰ ড০ মহান্তিৰ উপস্থিতিত বাক্সাত কাৰ্য্যসূচী ৰূপায়ণ

’বিক্ষিত ভাৰত সংকল্প যাত্ৰা’ : বি ভি এফ চিৰ ড০ মহান্তিৰ উপস্থিতিত বাক্সাত কাৰ্য্যসূচী ৰূপায়ণ
Published on
Updated on

ডিজিটেল সংবাদ,নামৰূপ : কেন্দ্ৰীয় চৰকাৰে চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ পৰিপূৰ্ণতা লাভৰ দিশত এক বৃহৎ পদক্ষেপ ‘বিক্ষিত ভাৰত সংকল্প যাত্ৰা’ শুকুৰবাৰে বাক্সা জিলাত ৰূপায়ণ কৰে। বিভিএফচিএলৰ চিএমডি ড০  এছ পি মাহান্তিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

বাক্সা জিলাৰ জালাহ ভি চি ডি চিত বিক্ষিত ভাৰত সংকল্প যাত্ৰা (ভিবিএছৱাই) কায্যসূচীত অংশগ্ৰহণ কৰি ডঃ মহান্তিয়ে এই আঁচনিৰ সুবিধা,লাভালাভ জনসাধাৰণলৈ মাজত প্ৰচাৰ কৰে। আঁচনিৰ সৰ্বাংগীন দিশসমূহ প্ৰসাৰিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব সম্পৰ্কে সমবেত ৰাইজক অৱগত কৰে। 

পৰিৱৰ্তনশীল আলোচনাত অংশগ্ৰহণ কৰি ড০ মাহান্তিয়ে কৃষিক্ষেত্ৰত ড্ৰ’নৰ উপকাৰিতাৰ ওপৰটো আলোকপাত কৰে। এই সন্দৰ্ভত তেওঁ বহনক্ষম কৃষি পদ্ধতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

এই জ্ঞানদায়ক অধিবেশনৰ সামৰণি পৰে নেন’ ইউৰিয়াৰ ওপৰত পৰিবেশিত এক মনোমোহা ড্ৰ’ন প্ৰদৰ্শনেৰে। অনুষ্ঠানটোত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে বুলি বি ভি এফ চি এলৰ সূত্ৰত প্ৰকাশ কৰে।

’বিক্ষিত ভাৰত সংকল্প যাত্ৰা’ : বি ভি এফ চিৰ ড০ মহান্তিৰ উপস্থিতিত বাক্সাত কাৰ্য্যসূচী ৰূপায়ণ
আৰম্ভ হ'ল প্ৰহৰ গণনা : আহমেদাবাদত ১ লাখ ৩০ হাজাৰ দৰ্শকৰ শব্দব্ৰহ্ম- ইণ্ডিয়া,ইণ্ডিয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in