ঢকুৱাখনাৰ সমাজপ্ৰাণ জগদীশ গগৈৰ স্মৃতিচাৰণ সভা

ঢকুৱাখনাৰ সমাজপ্ৰাণ জগদীশ গগৈৰ স্মৃতিচাৰণ সভা

ডিজিটেল সংবাদ,ঢকুৱাখনা : আমৃত্যু ঢকুৱাখনাৰ সমাজ জীৱনৰ সৈতে একাত্ম হৈ এখন পৰিশীলিত সমাজ নিৰ্মাণত ব্ৰতী হোৱা জগদীশ গগৈৰ বিয়োগত আজিও ম্ৰিয়মান ঢকুৱাখনাবাসী। ঢকুৱাখনাৰ সামাজিক ,সাংস্কৃতিক, শৈক্ষিক, সংবাদ, সাহিত্য, ক্ৰীড়া ,নাট্য ক্ষেত্ৰখনৰ এগৰাকী সব্যসাচী পুৰোধা ব্যক্তি গগৈৰ শনিবাৰে প্ৰয়ানৰ পাছত দেওবাৰে বিয়লি ঢকুৱাখনা নগৰৰ ৰাজহুৱা খেল পথাৰৰ সমীপত অনুষ্ঠিত কৰা হয় এখন স্মৃতিচাৰণ অনুষ্ঠান।

ঢকুৱাখনা এক্টিং একাডেমী আৰু ঢকুৱাখনা টাইকোৱান্দু একাডেমীৰ যৌথ উদ্যোগত বিয়লি অনুষ্ঠিত হয় এই স্মৃতিচাৰণ অনুষ্ঠানৰ। শিক্ষাবিদ কেশৱ গগৈ আৰু নাট্য কৰ্মী গৌৰৱ বৰুৱাই আঁত ধৰা অনুষ্ঠানৰ প্ৰাৰম্ভতে এটি ঘোষাৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে সুকণ্ঠী গায়িকা পাৰুলমনি পায়েং গগৈয়ে।

ইয়াৰ পাছতে প্ৰয়াত সমাজহিতৈষী,শিক্ষাব্ৰতী গগৈৰ প্ৰতিচ্ছৱিত মূখ্য বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ নাগৰিক তথা প্ৰবীণ শিক্ষাবিদ পূৰ্ণানন্দ গগৈ আৰু লিখন চন্দ্ৰ বৰগোঁহাইয়ে।ঢকুৱাখনাৰ সংবাদ,সাহিত্য, শিক্ষা ,সংস্কৃতি, ক্ৰীড়া কৃষ্টি ক্ষেত্ৰখনৰ লগতে সৰ্বাংগীন পৰিমণ্ডলৰ এগৰাকী জীৱন্ত ইতিহাস স্বৰূপ জগদীশ গগৈৰ মৃত্যুৱে ঢকুৱাখনাৰ এক সব্যসাচী ব্যক্তিত্বৰ অভাৱ চিৰদিন চিৰ কালৰ বাবে দি গ'ল বুলি উপস্থিত বিভিন্নজনে মত ব্যক্ত কৰে।

এগৰাকী ক্ৰীড়াবিদ,ক্ৰীড়া সংগঠক,নাট্যকাৰ আৰু অভিনেতা হিচাপে ঢকুৱাখনাৰ সমাজ জীবনলৈ আমৃত্যু আগবঢ়াই যোৱা অতুল্য অৱদানৰ সশ্রদ্ধ স্মৰণ কৰি বক্তব্য আগবঢ়াই জ্যেষ্ঠ নাগৰিক দিগেন্দ্ৰ নাথ হাজৰিকা,ভবেন গগৈ,প্ৰফুল চুতীয়া, পুষ্পা গগৈ, ইন্দিৰা গগৈ,পদ্মা বৰা,পূৰ্ণ লাহন,দেৱজিৎ ফুকন,পৌৰপতি ৰাজীৱ দাস আদি বিশিষ্ট নাগৰিকে।

গগৈৰ অৱৰ্তমানত ঢকুৱাখনা বাস্তৱিকতে অভিভাৱকত্বহীন হোৱা বুলি আয়োজক নাট্য কৰ্মী তথা এক্টিং একাডেমীৰ অধ্যক্ষ গৌৰৱ বৰুৱাই মন্তব্য কৰি প্ৰয়াত গগৈৰ নিঃস্বাৰ্থ জনসেৱা বিজড়িত আদৰ্শ ৰাজীৰে ঢকুৱাখনাই বাট বুলিলেহে সমাজহিতৈষীগৰাকীৰ প্ৰকৃত গুণানুকীৰ্তন আৰু অমূল্য অৱদানৰ উচিত মূল্যায়ন কৰা হ'ব বুলি মত ব্যক্ত কৰে। সভাই সদ্য প্ৰয়াত গগৈৰ পবিত্ৰ আত্মাই পৰলোকত শান্তিৰে থকাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই আৰু শোকবিহ্বল পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

ইপিনে ঢকুৱাখনা মহকুমাৰ তদানীন্তন মহকুমাধিপতি,সুলেখক অনুপম চৌধুৰীয়েও প্ৰবীণ সমাজপ্ৰাণ গৰাকীৰ বিয়োগে ঢকুৱাখনাৰ এটা বিশেষ অধ্যায়ৰো পৰিসমাপ্তি ঘটালে বুলি কৈ গগৈৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰে । চৌধুৰীয়ে প্ৰয়াত গগৈ যথাৰ্থতে ঢকুৱাখনাৰ এজন প্ৰকৃত অভিভাৱক আৰু দিগ দৰ্শক আছিল বুলি উল্লেখ কৰি গগৈৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰে ।

ঢকুৱাখনাৰ সমাজপ্ৰাণ জগদীশ গগৈৰ স্মৃতিচাৰণ সভা
সমৰেন্দ্ৰ ৰাজকুমাৰ প্ৰবীণ টেনিছ প্ৰতিযোগিতা সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in