সমৰেন্দ্ৰ ৰাজকুমাৰ প্ৰবীণ টেনিছ প্ৰতিযোগিতা সম্পন্ন

সমৰেন্দ্ৰ ৰাজকুমাৰ প্ৰবীণ টেনিছ প্ৰতিযোগিতা সম্পন্ন

author-image
Asomiya Pratidin
New Update
সমৰেন্দ্ৰ ৰাজকুমাৰ প্ৰবীণ টেনিছ প্ৰতিযোগিতা সম্পন্ন

ডিজিটেল সংবাদ,যোৰহাট : যোৰহাট টেনিছ ক্লাবত দুদিনীয়াকৈ অনুষ্ঠিত অষ্টম সংখ্যক সমৰেন্দ্ৰ ৰাজকুমাৰ প্ৰবীণ টেনিছ প্ৰতিযোগিতাখনি আজি সফলতাৰে সম্পন্ন হৈছে। ৩৫, ৪৫, ৫৫ আৰু ৬৫ বছৰ উদ্ধৰ্ধৰ শাখাত যুটীয়াভাৱে মাত্ৰ পুৰুষ প্ৰতিযোগীৰ মাজত সদৌ অসম ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ দেওবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলসমূহৰ ভিতৰত ক্ৰমে ৩৫ বছৰ উদ্ধৰ্ধৰ ডাবলছ শাখাত গুৱাহাটীৰ প্ৰিয়ানুজ লহকৰ আৰু ৰাহুল ৰাজখোৱা যুটীয়ে যোৰহাটৰ কৌস্তৱ বৰুন বৰবৰা আৰু ৱামিকুৰ আনছাৰি যুটিক ৬-১, ৬-১ ছেটত পৰাজিত কৰি চেম্পিয়ন খিতাপ অৰ্জন কৰে।

Advertisment

৪৫ বছৰ উদ্ধৰ্ধৰ ডাবলছ শাখাত এন আৰ এল কল্যাণী ক্লাবৰ দিগন্ত কোঁৱৰ আৰু বুবুলজ্যোতি দাস যুটীয়ে গুৱাহাটী ইণ্ডিয়া ক্লাবৰ ৰাজীৱ দত্ত আৰু ৰাজীৱ বৰা যুটিক ৬-১, ৪-৬, ১০-৭ ছেটত পৰাজিত কৰি চেম্পিয়ন হয়। ৫৫ বছৰ উদ্ধৰ্ধৰ ডাবলছ শাখাত গুৱাহাটীৰ নবাৰুন শইকীয়া আৰু সুজিত কটকী যুটীয়ে গুৱাহাটীৰে ভাৰত ফুকন আৰু আটিকুৰ ৰহমান যুটিক ১০-৫ ছেটত পৰাজিত কৰি চেম্পিয়ন হয়।

ইয়াৰোপৰি ৬৫ বছৰ উদ্ধৰ্ধৰ ডাবলছ শাখাত যোৰহাটৰ পি জি আগৰৱালা আৰু শংকৰ লহকৰ যুটীয়ে দিলীপ সোমানী আৰু জিতেন মিশ্ৰ যুটিক ১০-৪ ছেটত পৰাজিত কৰি চেম্পিয়ন খিতাপ অৰ্জন কৰে।

Also Read: ঢকুৱাখনাত আলি আয়ে লৃগাংৰ আদৰণি অনুষ্ঠান

Tennis Tournament sports