/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a1fb0ce4-659e-4ddd-b238-8bf4585dcbfb/158.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তথাকথিত উন্নয়ন আৰু সফলতাৰ দম্ভ অহংকাৰ যেন পদপিষ্ট হ'ল ঢকুৱাখনাত। মুখ্যমন্ত্ৰী শৰ্মাই নিজ হাতত ৰখা লোকনিৰ্মাণ বিভাগটোৱে যেন অন্তিম মুহূৰ্তত নির্লজ আত্মসমৰ্পণ কৰিলে প্ৰকৃতিৰ ওচৰত।
বিভাগটোৰ ঢকুৱাখনা সংমণ্ডলৰ বিয়াগোম বিয়াগোম মুৰব্বী-আমোলা,অভিযন্তাৰ দৰ্প চূৰ্ণ কৰি দিলে এখন উপনৈয়ে । ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি ৰাজহ চক্ৰৰে প্ৰবাহিত চামপৰা নদী। গাই আৰু জীয়াধল নদীৰে সম্পৃক্ত এই চামপৰা উপনৈখন বাস্তৱিকতে ঘিলামৰাবাসীৰ বাবে বিগত এটা দশক ধৰি চকুলো সদৃশ হৈ প্ৰবাহিত হৈ আহিছে।
প্ৰধানতঃ দক্ষিণ গাঁও,বাংক্লেং,কেচেৰুগুৰি,শিয়ালমাৰী, গা ডাঙৰচুক আদি প্ৰায় ১০ খন গাঁৱৰ চহা প্ৰাণ ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি এটা দশক ধৰি সন্ত্ৰাসৰ কাৰণ হৈ থিয় দি আহিছে উপনৈখনে। সম্প্ৰতি এই চামপৰাই নৈয়ে শনিবাৰে লোকনিৰ্মান বিভাগৰ দৰ্প চূৰ্ণ কৰি দিলে।
ঢকুৱাখনা লোকনিৰ্মান বিভাগৰ দ্বাৰা প্ৰায় ১৩ কোটি ৮৪ লাখ ৫৪ হাজাৰ টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা এটা পথ নৈখনে গৰাখহনীয়াৰ সৃষ্টি কৰি ছিন্ন ভিন্ন কৰে। যাৰ ফলত যাতায়তৰ বাবে অনুপযোগী হৈ পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b8f63e0a-d637-48ec-bfa1-f0ae917f110d/520dfa5b_9387_4378_80f5_7f26f6effc42.jpg)
"লেফ্ট বেংক চামপৰা" নামৰ এই প্ৰায় ৩.৫ কিলোমিটাৰ দৈৰ্ঘৰ পথৰ বাংক্লেং গাঁৱৰ অংশত নৈখনে ধাৰাবাহিক খহনীয়া চলাই অহাৰ পৰৱৰ্তী সময়ত শুক্ৰবাৰে বিস্তৰ অংশ ধ্বংশ কৰি সম্পূৰ্ণ ৰূপে যোগাযোগ বিচ্ছিন্ন কৰি তোলে।
লোকনিৰ্মান বিভাগৰ ঢকুৱাখনা ক্ষেত্ৰীয় সংমণ্ডলৰ দায়িত্বহীন কাৰ্যবাহী অভিযন্তা কনক বড়োকে প্ৰমুখ্য কৰি অন্যান্য কাৰিকৰী বিষয়াসকলৰ অকৰ্মন্যতাৰ বাবেই এই গুৰুত্বপূৰ্ণ পথটো চিৰদিনৰ বাবে বন্ধ হোৱাৰ উপক্ৰম হ'ল বুলি আক্ষেপ প্ৰকাশ কৰে। উল্লেখ্য যে, নৈখনে বিগত প্ৰায় দুটা বছৰ ধৰি খহনীয়া সৃষ্টি কৰি পথটোলৈ অশনি সংকেত মাতি আহিছিল।
চৰকাৰী আঁচনিলৈ বোন্দাপৰ দি বহি ৰোৱা লোকনিৰ্মান বিভাগে সংকটপূৰ্ণ এই পথৰ স্থায়ী সুৰক্ষাগত যোৱা দুটা বছৰে কোনো কার্যব্যৱস্থা গ্ৰহণ নকৰিলে। প্ৰায় ১০ খন গাঁৱৰ ৰাইজ দৈনিক যাতায়ত কৰা এই গুৰুত্বপূৰ্ণ পথটোৱে যিকোনো মুহূৰ্তত চামপৰাৰ বুকুত লীন যোৱাৰ ইংগিত দি অহাৰ পাছতো অকমন্য কাৰ্যবাহী অভিযন্তা বড়ো,বিধায়ক নৱ দলে,উপায়ুক্ত শোণিত সত্বাৱন কোনোৱে এই কোটি টকীয়া পথটো নৈখনৰ কৰাল গ্ৰাসৰ পৰা সুৰক্ষিত কৰাৰ তাৎক্ষণিক জৰুৰী পদক্ষেপ গ্ৰহণ নকৰিলে ।
শংকিত ৰাইজক আশ্বস্ত কৰিবলৈ চৰকাৰী ধন ব্যয় কৰি বহুবাৰ খহনীয়া আক্ৰান্ত এলেকা পৰিদর্শন কৰিয়ে দায়িত্ব সামৰা এনেবোৰ আমোলা বিষয়া জনপ্ৰতিনিধিৰ পালমৰা নীতিৰ বাবেই শনিবাৰে পথটো যাতায়তৰ বাবে বন্ধ হবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি ভুক্তভোগী ৰাইজে মুকলি মত ব্যক্ত কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/1128ed46-4bed-4582-8fe5-d48f404514fc/a7a44312_ca56_458a_82ca_b6f9fdf342b0.jpg)
শুক্ৰবাৰে বিয়লি লোকনিৰ্মান বিভাগে নৈখনৰ আগ্ৰাসন ৰোধিবলৈ খহনীয়া আক্ৰান্ত এলেকাৰ পাৰত স্থাপন কৰা অপৈনত বাঁহৰ স্পাৰলৈ অংগুষ্ঠ দেখুৱাই পথটোৰ প্ৰায় ৬০ মিটাৰ অংশ খহাই ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ কৰে। পথচোৱা বিছিন্ন হ'বলৈ মাত্ৰ এক মিটাৰ মানহে বাকী ৰোৱাত বিভাগে শনিবাৰে দুপৰীয়া পথটোৰ মূল প্ৰৱেশ অংশত বাঁহৰ খুঁটি পুতি পথ বন্ধৰ ফলক আঁৰি দি নির্লজ্জ ব্যৰ্থতা প্ৰদৰ্শন কৰে।
পৰিণতিত এতিয়া অবৰ্ণনীয় যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। সমগ্ৰ অঞ্চলটোৰ শিক্ষক-শিক্ষাৰ্থী,চহা,ৰোগী সকলোৱে অতিৰিক্ত সময় আৰু ধন ব্যয় কৰি ঘিলামৰা আৰু জিলা সদৰৰ সৈতে অনিশ্চিত দিনৰ বাবে যোগাযোগ কৰিব লগীয়া পৰিস্থিতি উদ্ভৱ হ'ল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/833605b8-7ee4-47c0-88a1-5c87c3cad271/093f96bd_b296_41ce_8e56_0a3e94e3511a.jpg)
ৰাইজে লোকনিৰ্মাণ বিভাগ,জিলা আয়ুক্ত ,বিধায়ক সকলোকে খহনীয়াৰ ভয়ংকৰ আগ্ৰাসন ৰোধিবলৈ সময় থাকোতেই বিজ্ঞান সন্মত জৰুৰী আঁচনি ৰূপায়ন কৰাৰ দাবী জনাইছিল । পিছে ৰাইজৰ দাবী দাবাৰ প্ৰতি কৰ্ণপাত নকৰি গ্ৰহণ কৰি অহা বেপৰোৱা ভূমিকাৰ বাবে ১০ খন গাঁওৰ ৰাইজে এই নিৰ্মম যন্ত্ৰণা ভোগাৰ পথ প্ৰশস্ত হ'ল ।
ৰাইজৰ দুখ দুৰ্দশাৰ স্থায়ী নিৰাময়ৰ বাবে ন্যূনতম যত্নপৰ নোহোৱা এনেবোৰ নিষ্কর্মা অপৰিপক্ক আমোলা ,অভিযন্তা আৰু জনপ্ৰতিনিধিৰ উদাসীন আচৰণৰ বাবে আৰু কিমান বছৰ এনে যন্ত্ৰণা ভুগিব লাগিব তাক ভাবি চিন্তিত অঞ্চলবাসী ।